ডিজিটেল ডেস্ক: অব্যাহত আছে আন্দোলনকাৰী কৃষকৰ প্ৰতিবাদী কাৰ্যসূচী৷
সোমবাৰে ১৪ দিনত ভৰি দিলে কৃষকৰ আন্দোলনে৷
ট্ৰেক্টৰ লৈ আজি সমদল উলিয়াব প্ৰতিবাদী কৃষকে৷
উত্তৰ প্ৰদেশৰ যমুনা এক্সপ্ৰেছ ৱে’ত উলিয়াব ট্ৰেক্টৰ সমদল৷
ট্ৰেক্টৰ সমদলৰ বাবে দিল্লী–নয়দাত যান–জঁট হোৱাৰ আশংকা কৰা হৈছে৷
নিৰাপত্তা বাহিনী সতৰ্ক হৈ আছে দিল্লী–নয়দা সীমান্তত৷
ৰাইজক যমুনা এক্সপ্ৰেছ ৱে’ৰে নাযাবলৈ পৰামৰ্শ আগবঢ়াইছে স্থানীয় প্ৰশাসনে৷