--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰে’লৱে ট্ৰেকত জুই লগা কেতিয়াবা দেখিছেনে আপুনি? নাই দেখা নিশ্চয়! পিছে সময়ৰ লগে লগে এতিয়া এই প্ৰশ্নৰ উত্তৰ এতিয়া সলনি হৈছে। দৰাচলতে লণ্ডনৰ এখন দলঙত ৰে’লৰ ট্ৰেকত জুই লগা ঘটনাক কেন্দ্ৰ কৰি বিৰাজ কৰিছে কৌতুহলে। চহৰখনত ক্ৰমাত্‍ বৃদ্ধি পোৱা উষ্ণতাৰ মাজতে এটা স্ফুলিংগৰ পৰাই অগ্নিৰ সূত্ৰপাত হয়। 

ব্ৰিটেইনৰ ক্ৰমবৰ্ধমান উষ্ণতাৰ বাবে ৰে’লৱে ট্ৰেকো এতিয়া জুইত জাহ গৈছে। দক্ষিণ লণ্ডনৰ বেটাৰছিত ভিক্টোৰিয়া আৰু ব্রিক্সটনৰ মাজৰ এখন দলঙত অগ্নিকাণ্ডৰ পাছত ৰে’ল সেৱা বন্ধ কৰিবলগীয়া হয়৷

যাত্ৰীসকলক লণ্ডন বাছত টিকট ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ দিয়া হয়। সেৱা প্ৰদানকাৰীয়ে ব্ৰমলি চাউথ লাইনৰ ষ্টেচনসমূহৰ বাবে বিকল্প বাছ পথ ঘোষণা কৰিছিল। ট্ৰেকৰ উচ্চ উষ্ণতাৰ বাবে ৰে’লসমূহ লেহেমীয়াকৈ চলাবলগীয়া হ’ব পাৰে বুলিও জনায় উৰ্ধতন কৰ্তৃপক্ষই।

বিবিচিৰ তথ্য অনুসৰি যুক্তৰাজ্যত  বৰ্তমান তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলছিয়াছ। বতৰ বিজ্ঞান বিভাগে সতৰ্কবাণী জাৰী কৰাৰ লগতে ৰাইজক গৰমৰ বাবে সম্ভাৱ্য স্বাস্থ্য আৰু পৰিবহণ সম্পৰ্কীয় সমস্যাৰ বিষয়ে সতৰ্ক কৰি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?