--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ প্ৰথম ছমাহতে অভিলেখ সংখ্যক আমাজন বৰ্ষাৰণ্য মুকলি কৰাৰ খবৰ ওলাইছে। এই কথা প্ৰকাশ কৰিছে ব্ৰাজিলৰ মহাকাশ সংস্থা ইনপেই। উপগ্ৰহৰ ছবিত ধৰা পৰিছে সমগ্ৰ দৃশ্যপট। নিউয়ৰ্ক চহৰৰ যিমান আয়তন তাতোকৈ পাঁচগুণ এলেকাত গছবোৰ কাটি মুক্ত কৰা হৈছে আমাজন বৰ্ষাৰণ্য। 

ব্ৰাজিল চৰকাৰে সদৰী কৰা অনুসৰি, ‘২০১৬ চনৰ পাছত ইমান পৰিমাণৰ বনাঞ্চল কটা হোৱা নাছিল।’ ইফালে আমাজন বৰ্ষাৰণ্যৰ শেহতীয়া পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে পৰিৱেশবিদসকল।

উপগ্ৰহৰ চিত্ৰ অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত আমাজন বৰ্ষাৰণ্যত ৩,৯৮৮ বৰ্গ কিলোমিটাৰ গছ কটা হৈছে। যোৱা বছৰৰ প্ৰথম ছমাহতকৈ চলিত বৰ্ষত ১০.৮ শতাংশ অধিক গছ কটা হৈছে। ২০২১ চনৰ প্ৰথম ছমাহত ৩,০৮৮ বৰ্গ কিলোমিটাৰ এলেকাৰ গছ কাটি পেলোৱা হৈছিল। কেৱল জুন মাহতেই ১,১২০ বৰ্গ কিলোমিটাৰ গছ কটা হৈছিল বুলি প্ৰকাস পাইছে। বিশ্বৰ সৰ্ববৃহৎ বৰ্ষাৰণ্য আমাজন কয়লাৰ বাবে চহকী। এই হাবিত থকা গছবোৰ কাটি খনিটোৰ পৰা সেই কয়লা উলিয়াবলৈকে ততপৰ হৈ পৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষ, নিৰন্তৰ চলি গৈছে বনভূমি ধ্বংসৰ যজ্ঞলীলা। এইদৰে ব্যাপক দাৰত বনভূমি ধ্বংসৰ ফলশ্ৰুতিত বৃদ্ধি পাইছে গোলকীয় উষ্ণতা। সলনি হৈছে জলবায়ু।

প্ৰাপ্ত পৰিসংখ্যাই অনুসৰি, বিগত পাঁচ দশকত আমাজন অঞ্চলৰ ১৭ শতাংশ অঞ্চলত গছ-গছনি কাটি  মুকলি কৰা হৈছে। খেতি আৰু পশুপালনৰ বাবে বনাঞ্চল কটা হৈছে বুলিও তথ্য প্ৰকাশ পাইছে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰোৱে আমাজন বনাঞ্চলত বনভূমি ধ্বংস ৰোধৰ বাবে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও অভিযোগ পৰিৱেশবিদ সকলৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক