--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ প্ৰথম ছমাহতে অভিলেখ সংখ্যক আমাজন বৰ্ষাৰণ্য মুকলি কৰাৰ খবৰ ওলাইছে। এই কথা প্ৰকাশ কৰিছে ব্ৰাজিলৰ মহাকাশ সংস্থা ইনপেই। উপগ্ৰহৰ ছবিত ধৰা পৰিছে সমগ্ৰ দৃশ্যপট। নিউয়ৰ্ক চহৰৰ যিমান আয়তন তাতোকৈ পাঁচগুণ এলেকাত গছবোৰ কাটি মুক্ত কৰা হৈছে আমাজন বৰ্ষাৰণ্য। 

ব্ৰাজিল চৰকাৰে সদৰী কৰা অনুসৰি, ‘২০১৬ চনৰ পাছত ইমান পৰিমাণৰ বনাঞ্চল কটা হোৱা নাছিল।’ ইফালে আমাজন বৰ্ষাৰণ্যৰ শেহতীয়া পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে পৰিৱেশবিদসকল।

উপগ্ৰহৰ চিত্ৰ অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত আমাজন বৰ্ষাৰণ্যত ৩,৯৮৮ বৰ্গ কিলোমিটাৰ গছ কটা হৈছে। যোৱা বছৰৰ প্ৰথম ছমাহতকৈ চলিত বৰ্ষত ১০.৮ শতাংশ অধিক গছ কটা হৈছে। ২০২১ চনৰ প্ৰথম ছমাহত ৩,০৮৮ বৰ্গ কিলোমিটাৰ এলেকাৰ গছ কাটি পেলোৱা হৈছিল। কেৱল জুন মাহতেই ১,১২০ বৰ্গ কিলোমিটাৰ গছ কটা হৈছিল বুলি প্ৰকাস পাইছে। বিশ্বৰ সৰ্ববৃহৎ বৰ্ষাৰণ্য আমাজন কয়লাৰ বাবে চহকী। এই হাবিত থকা গছবোৰ কাটি খনিটোৰ পৰা সেই কয়লা উলিয়াবলৈকে ততপৰ হৈ পৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষ, নিৰন্তৰ চলি গৈছে বনভূমি ধ্বংসৰ যজ্ঞলীলা। এইদৰে ব্যাপক দাৰত বনভূমি ধ্বংসৰ ফলশ্ৰুতিত বৃদ্ধি পাইছে গোলকীয় উষ্ণতা। সলনি হৈছে জলবায়ু।

প্ৰাপ্ত পৰিসংখ্যাই অনুসৰি, বিগত পাঁচ দশকত আমাজন অঞ্চলৰ ১৭ শতাংশ অঞ্চলত গছ-গছনি কাটি  মুকলি কৰা হৈছে। খেতি আৰু পশুপালনৰ বাবে বনাঞ্চল কটা হৈছে বুলিও তথ্য প্ৰকাশ পাইছে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰোৱে আমাজন বনাঞ্চলত বনভূমি ধ্বংস ৰোধৰ বাবে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও অভিযোগ পৰিৱেশবিদ সকলৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি