--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিবই আৰু ইয়াৰ জৰিয়তে শৰণাৰ্থী হিচাপে বসবাস কৰি থকা লোকসকলক নাগৰিকত্বও প্ৰদান কৰিব। পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন উপলক্ষে বিজেপিয়ে প্ৰকাশ কৰা ইস্তাহাৰত এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

আৰু পঢ়িব পাৰিব : শোকাৱহ ঘটনাত মৃত্যু পাঁচটিকৈ শিশুৰ

‘সোণাৰ বাংলা সংকল্প পত্ৰ’ শীৰ্ষক এই ইস্তাহাৰত শৰণাৰ্থীৰ বাবে বিজেপিয়ে আন ভালেমান সা-সুবিধা গ্ৰহণৰো প্ৰতিশ্ৰুতি দিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে এই ইস্তাহাৰ মুকলি কৰে। য’ত স্পষ্টভাৱে ‘কা’ বলবৎ কৰাৰ কথা উল্লেখ কৰিছে।

ইয়াৰ জৰিয়তে ৰাজ্যখনত ৭০বছৰ ধৰি শৰণাৰ্থী হিচাপে বসবাস কৰি থকা লোকসকলক নাগৰিকত্ব প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰিছে। আন ভালেমান নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ লগতে বিজেপিয়ে প্ৰতিটো শৰণাৰ্থী পৰিয়ালক প্ৰতিবছৰে পাঁচ বছৰলৈ ১০ হাজাৰকৈ টকা দিয়াৰো প্ৰতিশ্ৰুতি দিছে।

আৰু পঢ়িব পাৰিব : গুৰগ্ৰামত উজলিল উত্তৰ-পূৱৰ সাজপাৰ, খাদ্য সম্ভাৰ !

মন কৰিবলগীয়া যে, অসমত ‘কা’বিৰোধী প্ৰতিবাদৰ ঢৌ সম্পূৰ্ণৰূপে মাৰ নোযোৱাৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে অসমত ‘কা’ৰ প্ৰসংগ উত্থাপন কৰা নাই যদিও তেওঁলোকে পশ্চিমবংগত ‘কা’ বলবৎ কৰাৰ জৰিয়তে শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি দি নিজৰ উদ্দেশ্য স্পষ্ট কৰি দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ