--°C
Loading...
Listen to Article
2 min read
80%


১২/০৩/২৪, মঙলবাৰ


মেষ ৰাশি: আজি আপোনাৰ দিনটো সৌভাগ্যশালী । আজি আপোনাৰ ইচ্ছাশক্তি আৰু সংকল্প অধিক শক্তিশালী হৈ উঠিবলৈ দেখা পাব । আজি আপুনি নিজকে সুস্থ অনুভৱ কৰিব । সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব ।

বৃষ ৰাশি: আজিৰ দিনটো শুভ । আপুনি আজি প্ৰেম, ভালপোৱা, তীব্ৰ আসক্তি প্ৰকাশৰ পৰ্যাপ্ত সুযোগ পাব । দিনটোক উপভোগ কৰক ৷ আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । গাড়ী-বাহন ক্ৰয়ৰ বাবে সময়টো ভাল ।

মিথুন ৰাশি: আজি আপোনাৰ অপ্ৰত্যাশিতভাৱে ব্যয় বৃদ্ধি হ’ব । সাৱধানে থাকিব ৷ কৰ্মক্ষেত্ৰত তুলনামূলকভাৱে শান্ত পৰিৱেশ থাকিব ৷ বিবাদৰ পৰা আঁতৰি থাকক ।

কৰ্কট ৰাশি: নেতিবাচক চিন্তাৰ পৰা আঁতৰত থাকক । কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে দুখ-দুৰ্দশাৰ কথা বৰকৈ ভাবি থাকে । এনেকুৱা কৰাটো আপোনাৰ ক্ষতি কৰিব পাৰে । শিক্ষাৰ্থীৰ বাবে বৰ্তমান সময় শুভ নহয় । নিৰাশ নহ'ব চেষ্টা অব্যাহত ৰাখক ৷

সিংহ ৰাশি: স্বাস্থ্যৰ যত্ন লওক । অনিদ্ৰা, উদ্বেগ, বিৰক্তি ভাৱ দেখা দিলে আওকাণ নকৰিব ৷ ভ্ৰমণৰ দিনো পিছুৱাই দিয়ক । বিবাদৰ পৰা আঁতৰি থাকক । আৰাম কৰক ৷

কন্যা ৰাশি: জাতক-জাতিকাসকলৰ কাৰণে ভাল সময় অব্যাহত থাকিব । আনন্দ-উল্লাসেৰে আপোনাৰ দিনটো পৰিপূৰ্ণ হৈ থাকিব । বিভিন্ন ক্ষেত্ৰৰ পৰা উপকৃত হ’ব ৷ আৰ্থিক দিশত উন্নতি । বন্ধুসকলৰ সৈতে সুমধুৰ আৰু ৰোমাঞ্চকৰ সময় কটাব ।

তুলা ৰাশি: আজি আপুনি এক অসাধাৰণ মানসিকতা লৈ থাকিব । অহংকাৰৰ পৰা দূৰত থাকক । মানসিক অস্থিৰতাই আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে । গতিকে নিজক ওপৰত নিয়ন্ত্ৰণ কৰি ৰাখক ।

বৃশ্চিক ৰাশি: আপুনি ব্যক্তিগত সম্পৰ্কত, সংসাৰত প্ৰেম আৰু সুখ-শান্তি উপভোগ কৰিব । কৰ্মক্ষেত্ৰত পৰিৱেশ সুখদায়ক আৰু অনুকূল হৈ থাকিব । আপোনাৰ সামাজিক মৰ্যাদা আৰু সন্মান বৃদ্ধি পাব । সন্তানৰ সফলতাই আপোনাক আনন্দ দিব ।

ধনু ৰাশি:আজি আপুনি সাহসিকতা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব । আজি আপুনি পিতৃৰ আৰু আনকি বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব । খঙৰ ওপৰত নিয়ন্ত্ৰণত ৰাখক । নিজৰ স্বাস্থ্যৰ যত্ন লওক । 

মকৰ ৰাশি: আজি আপুনি যি কোনো নতুন কাম আৰম্ভ কৰিব পাৰে । নিজৰ ৰাজহুৱা খণ্ড আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে কাম কৰা বা ৰাজহুৱা খণ্ডতে কাম কৰা লোকসকলৰ বাবে দিনটো লাভদায়ক আৰু ফলদায়ক । আৰ্থিক দিশত সাৱধানে চলক ৷

কুম্ভ ৰাশি: সুদৃঢ় ইচ্ছাশক্তি, সাহসিকতাৰ সৈতে আপুনি কৰ্মক্ষেত্ৰত, ব্যৱসায়ত আৰু ব্যক্তিগত জীৱনত সফলতা লাভ কৰিব । পিতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে । আৰ্থিক লাভৰ যোগ । শিক্ষাৰ্থীৰ বাবে দিনটো শুভ ৷

মীন ৰাশি: আপুনি মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে । আজি আপোনাৰ গ্ৰহৰ অৱস্থান ভাল নহয় । যাৰ বাবে অন্যান্য কামৰ বাবে পৰিকল্পনাসমূহ বাতিল কৰিব লাগিব । স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে গতিকে সাৱধানে থাকক ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ