--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘ছবিৰ নাম, ৰকেট। হীৰোৰ ৰূপত আত্মপ্ৰকাশ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান। ছবিৰ প্ৰযোজক, নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰো। সহ-প্ৰযোজক কেইটামান ৰাজনৈতিক দল। ছবিৰ পৰিচালক একাংশ সংবাদ মাধ্যম।’ এই ঘোষণা কৰিছে হিন্দী ছবিজগতৰ এগৰাকী প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ৰাম গোপাল বাৰ্মাই। শ্বাহৰুখ পু্ত্ৰ আৰিয়ানক এনচিবি-এ গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰাৰ পাছত এনচিবিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বলীউডৰ বিভিন্ন তাৰকা। অভিনেতাৰ পৰা পৰিচালকলৈ সকলো ঠিয় হৈছে শ্বাহৰুখৰ কাষত। আৰিয়ানক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগেৰে সৰৱ হৈ উঠিছে সকলো। ইয়াৰ মাজতে তীক্ষ্ন কটাক্ষৰে এনচিবিক আক্ৰমণ কৰিছে ৰাম গোপাল বাৰ্মাই।

তেওঁ আন এটা টুইটত লিখিছে, ‘শ্বাহৰুখ খানৰ সঁচা আৰু বু্দ্ধিমান অনুৰাগীসকলে মহান এনচিবিক ধন্যবাদ জনোৱা উচিত। কাৰণ এনচিবি-এ ছুপাৰষ্টাৰ শ্বাহৰুখৰ পুত্ৰক ছুপাৰ ডুপাৰ ষ্টাৰত পৰিণত কৰিলে। শ্বাহৰুখৰ এগৰাকী’ প্ৰকৃত অনুৰাগী হোৱা সূত্ৰে মই মাত্ৰ ক’ব খোজোঁ, জয় এনচিবি!’ তেওঁ লগতে কয় যে, এই কথাক লৈ মই বাজি লগাব পাৰোঁ যে, এদিন আৰিয়ানে ক’ব যে, তেওঁ কাৰাগাৰত থাকি আৰু এনচিবিৰ পৰা পিতৃ শ্বাহৰুখৰ পৰা শিকাতকৈ বহু বেছি কথা শিকিছে।

উল্লেখ্য যে, কেৱল ৰাম গোপাল বাৰ্মাই নহয়, স্বাৰা ভাস্কৰৰ পৰা চলচ্চিত্ৰ পৰিচালক ৰাহুল ধোলাকিয়া, হনছল মেহতালৈকে সকলো সৰৱ হৈ পৰিছে এনচিবিৰ বিৰুদ্ধে। শ্বাহৰুখ তনয় আৰিয়ানক ‘ষড়যন্ত্ৰমূলক’ ভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্যক সহজভাৱে লোৱা নাই বলীউডে। স্পষ্টবাদী অভিনেত্ৰী স্বাৰা ভাস্কৰে ইয়াক পোনপটীয়াকৈ ‘বিশুদ্ধ হাৰাশাস্তি’ আখ্যা দিছে। ৰাহুল ধোলাকিয়াই টুইটাৰত লিখিছে যে, তেওঁ আৰিয়ানক দীঘলীয়া সময় কাৰাগাৰত ৰখাক লৈ অসন্তুষ্ট। আনহাতে হানচল মেহতাই টুইটাৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখিছে, বহু দেশত গাঞ্জাৰ দৰে নিচা নিষিদ্ধ নহয়। বিপৰীতে আমাৰ দেশত ই সেৱন কৰাতকৈ নাৰ্কোটিক্স কণ্ট্ৰোলৰ নামত হাৰাশাস্তি কৰাতহে বেছি ব্যৱহাৰ কৰা হয়।

উল্লেখ্য যে, ২ অক্টোবৰত বিলাসী জাহাজৰ ড্ৰাগছ পাৰ্টীত অংশ লোৱাৰ অভিযোগত এনচিবিৰ জালত পৰিছিল শ্বাহৰুখ তনয় আৰিয়ান। ৮ অক্টোবৰৰ পৰা তেওঁ আছে কাৰাগাৰত। আৰিয়ানৰ বিৰুদ্ধে কোনো অভিযোগ প্ৰমাণ নোহোৱাৰ পাছতো তেওঁক কাৰাগাৰৰ চাৰিবেৰৰ মাজত আবদ্ধ ৰখাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই একধৰণে ৰাজনৈতিক ৰূপো ল’বলৈ আৰম্ভ কৰিছে। আৰু স্বাভাৱিকতেই চলচ্চিত্ৰ মহল ঠিয় দিছে শ্বাহৰুখ আৰিয়ানৰ কাষত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে