--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘ছবিৰ নাম, ৰকেট। হীৰোৰ ৰূপত আত্মপ্ৰকাশ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান। ছবিৰ প্ৰযোজক, নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰো। সহ-প্ৰযোজক কেইটামান ৰাজনৈতিক দল। ছবিৰ পৰিচালক একাংশ সংবাদ মাধ্যম।’ এই ঘোষণা কৰিছে হিন্দী ছবিজগতৰ এগৰাকী প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ৰাম গোপাল বাৰ্মাই। শ্বাহৰুখ পু্ত্ৰ আৰিয়ানক এনচিবি-এ গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰাৰ পাছত এনচিবিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বলীউডৰ বিভিন্ন তাৰকা। অভিনেতাৰ পৰা পৰিচালকলৈ সকলো ঠিয় হৈছে শ্বাহৰুখৰ কাষত। আৰিয়ানক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগেৰে সৰৱ হৈ উঠিছে সকলো। ইয়াৰ মাজতে তীক্ষ্ন কটাক্ষৰে এনচিবিক আক্ৰমণ কৰিছে ৰাম গোপাল বাৰ্মাই।

তেওঁ আন এটা টুইটত লিখিছে, ‘শ্বাহৰুখ খানৰ সঁচা আৰু বু্দ্ধিমান অনুৰাগীসকলে মহান এনচিবিক ধন্যবাদ জনোৱা উচিত। কাৰণ এনচিবি-এ ছুপাৰষ্টাৰ শ্বাহৰুখৰ পুত্ৰক ছুপাৰ ডুপাৰ ষ্টাৰত পৰিণত কৰিলে। শ্বাহৰুখৰ এগৰাকী’ প্ৰকৃত অনুৰাগী হোৱা সূত্ৰে মই মাত্ৰ ক’ব খোজোঁ, জয় এনচিবি!’ তেওঁ লগতে কয় যে, এই কথাক লৈ মই বাজি লগাব পাৰোঁ যে, এদিন আৰিয়ানে ক’ব যে, তেওঁ কাৰাগাৰত থাকি আৰু এনচিবিৰ পৰা পিতৃ শ্বাহৰুখৰ পৰা শিকাতকৈ বহু বেছি কথা শিকিছে।

উল্লেখ্য যে, কেৱল ৰাম গোপাল বাৰ্মাই নহয়, স্বাৰা ভাস্কৰৰ পৰা চলচ্চিত্ৰ পৰিচালক ৰাহুল ধোলাকিয়া, হনছল মেহতালৈকে সকলো সৰৱ হৈ পৰিছে এনচিবিৰ বিৰুদ্ধে। শ্বাহৰুখ তনয় আৰিয়ানক ‘ষড়যন্ত্ৰমূলক’ ভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্যক সহজভাৱে লোৱা নাই বলীউডে। স্পষ্টবাদী অভিনেত্ৰী স্বাৰা ভাস্কৰে ইয়াক পোনপটীয়াকৈ ‘বিশুদ্ধ হাৰাশাস্তি’ আখ্যা দিছে। ৰাহুল ধোলাকিয়াই টুইটাৰত লিখিছে যে, তেওঁ আৰিয়ানক দীঘলীয়া সময় কাৰাগাৰত ৰখাক লৈ অসন্তুষ্ট। আনহাতে হানচল মেহতাই টুইটাৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখিছে, বহু দেশত গাঞ্জাৰ দৰে নিচা নিষিদ্ধ নহয়। বিপৰীতে আমাৰ দেশত ই সেৱন কৰাতকৈ নাৰ্কোটিক্স কণ্ট্ৰোলৰ নামত হাৰাশাস্তি কৰাতহে বেছি ব্যৱহাৰ কৰা হয়।

উল্লেখ্য যে, ২ অক্টোবৰত বিলাসী জাহাজৰ ড্ৰাগছ পাৰ্টীত অংশ লোৱাৰ অভিযোগত এনচিবিৰ জালত পৰিছিল শ্বাহৰুখ তনয় আৰিয়ান। ৮ অক্টোবৰৰ পৰা তেওঁ আছে কাৰাগাৰত। আৰিয়ানৰ বিৰুদ্ধে কোনো অভিযোগ প্ৰমাণ নোহোৱাৰ পাছতো তেওঁক কাৰাগাৰৰ চাৰিবেৰৰ মাজত আবদ্ধ ৰখাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই একধৰণে ৰাজনৈতিক ৰূপো ল’বলৈ আৰম্ভ কৰিছে। আৰু স্বাভাৱিকতেই চলচ্চিত্ৰ মহল ঠিয় দিছে শ্বাহৰুখ আৰিয়ানৰ কাষত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ