--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ গৰ্ভপাতৰ সময়সীমা বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে। শাৰীৰিক বা মানসিকভাৱে অক্ষম প্ৰসূতিকে ধৰি কিছুমান ক্ষেত্ৰত অন্তঃসত্ত্বা হোৱাৰ ২৪ সপ্তাহৰ ভিতৰত গৰ্ভপাতৰ অনুমতি দিয়া হ'ব। আগতে বিশেষ ক্ষেত্ৰত চিকিৎসকৰ অনুমতি সাপেক্ষে ২০ সপ্তাহৰ ভিতৰত গৰ্ভপাতৰ অনুমতি দিয়া হৈছিল। এতিয়া ইয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

গৰ্ভপাত আইন (সংশোধনী)২০২১ অনুসৰি, ধৰ্ষিতা, নাবালিকা, শাৰীৰিক বা মানসিকভাৱে প্ৰতিবন্ধী, অন্তঃসত্ত্বাৰ সময়ত স্বামীৰ মৃত্যু বা বিবাহ বিচ্ছেদ হোৱা প্ৰসূতিৰ গৰ্ভপাত কৰাতো এতিয়াৰ পৰা সম্ভৱ। গৰ্ভস্থ ভ্ৰূণৰ বিশেষ ত্ৰুটি থাকিলেও গৰ্ভপাত কৰিব পৰা যাব। আনুষ্ঠানিকভাৱে ঘোষণা কৰা দুৰ্যোগ বা জৰুৰীকালীন পৰিস্থিতিত এনে ব্যৱস্থা হাতত লোৱা যাব বুলি সদৰী কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰসূতিৰ শাৰীৰিক অৱস্থা নিৰীক্ষণ কৰাৰ পাছত চিকিৎসালয় কৰ্তৃপক্ষই চূড়ান্ত অনুমতি প্ৰদান কৰাৰ লগতে কৰ্তৃপক্ষৰ অনুমতি অনুমতি অবিহনে গৰ্ভপাত কৰাটো আইনবিৰোধী বুলিও জানিবলৈ দিয়ে।

উল্লেখ্য যে, গৰ্ভপাত আইন (সংশোধনী) ২০২১ মাৰ্চ মাহতে সংসদৰ দ্বাৰা গৃহীত হৈছিল। এই সংশোধনী আইনৰ ভিত্তিত ইয়াৰ সময়সীমা ২৪ সপ্তাহলৈ বৃদ্ধি কৰা হৈছে। আগতে, গৰ্ভপাতৰ বাবে ১২ৰ পৰা ২০ সপ্তাহৰ ভিতৰত চিকিৎসা কৰ্তৃপক্ষই অনুমতি দিছিল। নতুন আইন অনুসৰি, এগৰাকী মহিলাই গৰ্ভপাতৰ বাবে আবেদন কৰাৰ পাছত পৰীক্ষা কৰা হ'ব। ৰাজ্যিক পৰ্যায়ৰ চিকিৎসা পৰিষদৰ দ্বাৰা তেওঁৰ চিকিৎসা প্ৰতিবেদন নিৰীক্ষণ কৰা হ’ব। সকলো দিশ চালি-জাৰি চোৱাৰ পাছত গৰ্ভপাতৰ বিষয়ে সিদ্ধান্ত লোৱা ল’ব চিকিৎসালয় কৰ্তৃপক্ষই। নতুন আইন অনুসৰি, সমগ্ৰ প্ৰক্ৰিয়াটো আবেদনৰ ৫ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা