--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ গৰ্ভপাতৰ সময়সীমা বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে। শাৰীৰিক বা মানসিকভাৱে অক্ষম প্ৰসূতিকে ধৰি কিছুমান ক্ষেত্ৰত অন্তঃসত্ত্বা হোৱাৰ ২৪ সপ্তাহৰ ভিতৰত গৰ্ভপাতৰ অনুমতি দিয়া হ'ব। আগতে বিশেষ ক্ষেত্ৰত চিকিৎসকৰ অনুমতি সাপেক্ষে ২০ সপ্তাহৰ ভিতৰত গৰ্ভপাতৰ অনুমতি দিয়া হৈছিল। এতিয়া ইয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

গৰ্ভপাত আইন (সংশোধনী)২০২১ অনুসৰি, ধৰ্ষিতা, নাবালিকা, শাৰীৰিক বা মানসিকভাৱে প্ৰতিবন্ধী, অন্তঃসত্ত্বাৰ সময়ত স্বামীৰ মৃত্যু বা বিবাহ বিচ্ছেদ হোৱা প্ৰসূতিৰ গৰ্ভপাত কৰাতো এতিয়াৰ পৰা সম্ভৱ। গৰ্ভস্থ ভ্ৰূণৰ বিশেষ ত্ৰুটি থাকিলেও গৰ্ভপাত কৰিব পৰা যাব। আনুষ্ঠানিকভাৱে ঘোষণা কৰা দুৰ্যোগ বা জৰুৰীকালীন পৰিস্থিতিত এনে ব্যৱস্থা হাতত লোৱা যাব বুলি সদৰী কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰসূতিৰ শাৰীৰিক অৱস্থা নিৰীক্ষণ কৰাৰ পাছত চিকিৎসালয় কৰ্তৃপক্ষই চূড়ান্ত অনুমতি প্ৰদান কৰাৰ লগতে কৰ্তৃপক্ষৰ অনুমতি অনুমতি অবিহনে গৰ্ভপাত কৰাটো আইনবিৰোধী বুলিও জানিবলৈ দিয়ে।

উল্লেখ্য যে, গৰ্ভপাত আইন (সংশোধনী) ২০২১ মাৰ্চ মাহতে সংসদৰ দ্বাৰা গৃহীত হৈছিল। এই সংশোধনী আইনৰ ভিত্তিত ইয়াৰ সময়সীমা ২৪ সপ্তাহলৈ বৃদ্ধি কৰা হৈছে। আগতে, গৰ্ভপাতৰ বাবে ১২ৰ পৰা ২০ সপ্তাহৰ ভিতৰত চিকিৎসা কৰ্তৃপক্ষই অনুমতি দিছিল। নতুন আইন অনুসৰি, এগৰাকী মহিলাই গৰ্ভপাতৰ বাবে আবেদন কৰাৰ পাছত পৰীক্ষা কৰা হ'ব। ৰাজ্যিক পৰ্যায়ৰ চিকিৎসা পৰিষদৰ দ্বাৰা তেওঁৰ চিকিৎসা প্ৰতিবেদন নিৰীক্ষণ কৰা হ’ব। সকলো দিশ চালি-জাৰি চোৱাৰ পাছত গৰ্ভপাতৰ বিষয়ে সিদ্ধান্ত লোৱা ল’ব চিকিৎসালয় কৰ্তৃপক্ষই। নতুন আইন অনুসৰি, সমগ্ৰ প্ৰক্ৰিয়াটো আবেদনৰ ৫ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক