--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰেম পবিত্ৰ, পিছে পৰকীয়া প্ৰেম ঘাতক। এই কথাই পুনৰ প্ৰতীয়মান হৈছে। পত্নীৰ পৰকীয়া প্ৰেমিকক স্বামী আৰু তেওঁৰ পৰিয়ালৰ লোকে মৰিয়াই মৰাৰ এটা মৰ্মান্তিক ঘটনা পোহৰলৈ আহিছে। মহিলাগৰাকীৰ স্বামী আৰু তেওঁৰ পৰিয়ালৰ লোকে পত্নীৰে প্ৰেমৰ সম্পৰ্ক ৰখাৰ অভিযোগত এজন লোকক কোবাই কোবাই হত্যা কৰে। ৰাজস্থানৰ হনুমানগড়ত এই ঘটনা সংঘটিত হৈছে।

আৰক্ষীয়ে সদৰি কৰা মতে, বৃহস্পতিবাৰেই এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছিল। ইতিমধ্যে ছ’চিয়েল মিডিয়াত এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অভিযুক্ত লোককেইজনেই এই ভিডিঅ’ ৰেকৰ্ড কৰিছিল বুলি ধাৰণা কৰা হৈছে। ভিডিঅ’ত দেখা গৈছে যে, ছজন লোকে এজন লোকক মাটিত বগৰাই লৈ নিৰ্মমভাৱে লাঠীৰে প্ৰহাৰ কৰিছে। তাৰ পাছত লোকজনে যুৱকজনৰ নিঠৰ দেহটো আক্ৰমণকাৰীকেইজনে তেওঁৰ ঘৰৰ সন্মুখতে পেলাই দিয়ে। লোকজনক জগদীশ মেঘৱাল বুলি চিনাক্ত কৰা হৈছে। ভুক্তভোগী লোকজনৰ পিতৃয়ে এই অভিযোগ দাখিল কৰিছে আৰক্ষীৰ আগত। ভিডিঅ’ত আক্ৰমণকাৰী কেইজনৰ নৃশংসতা প্ৰকট হৈ পৰিছে।

ভিডিঅ’ত দেখা গৈছে এজনে তেওঁৰ আঁঠুৰে লোকজনৰ ডিঙিত হেঁচা মাৰি ধৰিছে আৰু আনকেইজনে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰি গৈছে। ‘প্ৰেমপুৰাৰ বাসিন্দা বিনোদ, মুকেশ, লালচন্দ, আলিয়াছ, ৰামেশ্বৰ আৰু দিলীপ ৰাজপুতে মটৰচাইকেলেৰে আহি জগদীশৰ দেহটো আমাৰ ঘৰৰ সন্মুখতে পেলাই থৈ যায়। মই তেওঁক সাবটি ধৰিছিলোঁ যদিও তেওঁৰ উশাহ-নিশাহ চলি থকা নাছিল।’ জগদীশৰ পিতৃ বানৱাৰীলাল মেঘৱালে এই ভাষ্য প্ৰকাশ কৰিছে। ইতিমধ্যে ১১জন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে আৰু ইয়াৰে তিনিজনক জিম্মাত লোৱা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। বাকীকেইজনৰ সন্ধানতো আৰক্ষীয়ে তদন্ত চলাই আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী