--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰেম পবিত্ৰ, পিছে পৰকীয়া প্ৰেম ঘাতক। এই কথাই পুনৰ প্ৰতীয়মান হৈছে। পত্নীৰ পৰকীয়া প্ৰেমিকক স্বামী আৰু তেওঁৰ পৰিয়ালৰ লোকে মৰিয়াই মৰাৰ এটা মৰ্মান্তিক ঘটনা পোহৰলৈ আহিছে। মহিলাগৰাকীৰ স্বামী আৰু তেওঁৰ পৰিয়ালৰ লোকে পত্নীৰে প্ৰেমৰ সম্পৰ্ক ৰখাৰ অভিযোগত এজন লোকক কোবাই কোবাই হত্যা কৰে। ৰাজস্থানৰ হনুমানগড়ত এই ঘটনা সংঘটিত হৈছে।

আৰক্ষীয়ে সদৰি কৰা মতে, বৃহস্পতিবাৰেই এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছিল। ইতিমধ্যে ছ’চিয়েল মিডিয়াত এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অভিযুক্ত লোককেইজনেই এই ভিডিঅ’ ৰেকৰ্ড কৰিছিল বুলি ধাৰণা কৰা হৈছে। ভিডিঅ’ত দেখা গৈছে যে, ছজন লোকে এজন লোকক মাটিত বগৰাই লৈ নিৰ্মমভাৱে লাঠীৰে প্ৰহাৰ কৰিছে। তাৰ পাছত লোকজনে যুৱকজনৰ নিঠৰ দেহটো আক্ৰমণকাৰীকেইজনে তেওঁৰ ঘৰৰ সন্মুখতে পেলাই দিয়ে। লোকজনক জগদীশ মেঘৱাল বুলি চিনাক্ত কৰা হৈছে। ভুক্তভোগী লোকজনৰ পিতৃয়ে এই অভিযোগ দাখিল কৰিছে আৰক্ষীৰ আগত। ভিডিঅ’ত আক্ৰমণকাৰী কেইজনৰ নৃশংসতা প্ৰকট হৈ পৰিছে।

ভিডিঅ’ত দেখা গৈছে এজনে তেওঁৰ আঁঠুৰে লোকজনৰ ডিঙিত হেঁচা মাৰি ধৰিছে আৰু আনকেইজনে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰি গৈছে। ‘প্ৰেমপুৰাৰ বাসিন্দা বিনোদ, মুকেশ, লালচন্দ, আলিয়াছ, ৰামেশ্বৰ আৰু দিলীপ ৰাজপুতে মটৰচাইকেলেৰে আহি জগদীশৰ দেহটো আমাৰ ঘৰৰ সন্মুখতে পেলাই থৈ যায়। মই তেওঁক সাবটি ধৰিছিলোঁ যদিও তেওঁৰ উশাহ-নিশাহ চলি থকা নাছিল।’ জগদীশৰ পিতৃ বানৱাৰীলাল মেঘৱালে এই ভাষ্য প্ৰকাশ কৰিছে। ইতিমধ্যে ১১জন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে আৰু ইয়াৰে তিনিজনক জিম্মাত লোৱা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। বাকীকেইজনৰ সন্ধানতো আৰক্ষীয়ে তদন্ত চলাই আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?