--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : পুনৰ জামিন আৱেদন নাকচ হৈছে অশীতিপৰ সমাজকৰ্মী ষ্টেন স্বামীৰ। এলগাৰ পাৰিষদ-মাওবাদীৰে সম্পৰ্ক থকাৰ গোচৰত কাৰাবন্দী হৈ থকা ৮৩ বছৰীয়া আদিবাসী অধিকাৰ কৰ্মীগৰাকীয়ে জনোৱা জামিনৰ আৱেদন আজি পুনৰ নাকচ হয়। অতিৰিক্ত সত্ৰ ন্যায়াধীশ ডি ই কোথালিকাৰে তেওঁৰ জামিন আৱেদন নাকচ কৰে। ষ্টেন স্বামীয়ে স্বাস্থ্যজনিত আৰু অন্যান্য কাৰণত জামিন বিচাৰিছিল।

আৰু পঢ়িব পাৰিব : ‘জনতা কাৰ্ফিউ’ৰ বৰ্ষপূৰ্তি : থালি লৈ ওলাই আহিছিল কৰ’নাক খেদিবলৈ !

এগৰাকী খ্ৰীষ্টান ধৰ্মযাজক তথা সমাজকৰ্মী ষ্টেন স্বামীক ২০২০চনৰ অক্টোবৰ মাহত গ্ৰেপ্তাৰ কৰিছিল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ ‘নিয়া’ই। তেতিয়াৰেপৰা তেওঁ নৱী মুম্বাইৰ তালোজা কাৰাগাৰত কাৰাবন্দী হৈ আছে। তেওঁৰ অধিবক্তাই প্ৰকাশ কৰা মতে তেওঁৰ পাৰ্কিনছন ৰোগ আছে আৰু এতিয়া তেওঁ দুয়োখন কাণেৰে শুনাৰ শক্তি হেৰুৱাই পেলাইছে। আন ভালেমান ৰোগতো বয়োজ্যেষ্ঠ কাৰাবন্দীগৰাকী আক্ৰান্ত হৈ আছে।

আৰু পঢ়িব পাৰিব : “মহাভাৰততো মামা আছিল, অসমতো মামা আছে” – প্ৰিয়ংকাৰ কটাক্ষ !

নিয়াই তেওঁৰ জামিন আৱেদনৰ বিৰোধিতা কৰি কয় যে, ষ্টেন স্বামী ‘বিস্তাপন বিৰোধী জন বিকাশ আন্দোলন’ আৰু ‘পিপুলছ ইউনিয়ন ফৰ চিভিল লিবাৰ্টীজ’ৰ দৰে সংস্থাৰ ঘোৰ সমৰ্থক। এই সংগঠনবোৰ হৈছে মাওবাদী (চিপিআই-মাওবাদী)ৰ সন্মুখৰ চেহেৰা। ইফালে, তেওঁৰ অধিবক্তাই দাবী কৰিছে যে, ‘নিয়া’ই এলগাৰ-পাৰিষদ মাওবাদীৰে সম্পৰ্কৰ গোচৰক প্ৰমাণ কৰিব পৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ