--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ কাবুল বিমানবন্দৰৰ বাহিৰত সংঘটিত এক আত্মঘাতী আক্ৰমণত শিশু আৰু বিদেশী নাগৰিকসহ ১১জন লোক নিহত হৈছে। বিস্ফোৰণটোত একাংশ তালিবান নিৰাপত্তাৰক্ষীও আহত হোৱাৰ দাবী তালিবানী সংগঠনটোৰ। আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া বিস্ফোৰণটো সংঘটিত হৈছিল। অৱশ্যে, কোনে এই আক্ৰমণ চলাইছে সেয়া সম্প্ৰতি জানিব পৰা হোৱা নাই।


কাবুল বিমানবন্দৰৰ আবি প্ৰৱেশদ্বাৰত ঘটনাতো সংঘটিত হোৱা বুলি পেন্টাগনৰ মুখপাত্ৰ জন কাৰ্বিয়ে টুইটাৰযোগে সদৰী কৰিছে। ইয়াৰ পূৰ্বে কাবুল বিমানবন্দৰৰ আন তিনিখন প্ৰৱেশদ্বাৰত আক্ৰমণৰ আক্ৰমণৰ আশংকা কৰা হৈছিল। তুৰ্কীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি উক্ত স্থানত কমেও ২টা বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। ইফালে, বিস্ফোৰণটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈনিকো আহত হোৱা বুলি সূত্ৰটোৱে জানিবলৈ দিছে। উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সশস্ত্ৰ বাহিনীৰ মন্ত্ৰী জেমছ হেপ্পীয়ে কাবুল বিমানবন্দৰত কেইঘণ্টামানৰ ভিতৰতে ‘ভয়ংকৰ’ আক্ৰমণৰ ঘটনা সংঘটিত হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰাৰ পাছতে আক্ৰমণৰ বাতৰি পোহৰলৈ আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ