--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'বুদ্ধং শৰণং গশ্যামী-ধৰ্মং শৰণং গশ্যামী-সঘং শৰণং গশ্যামী’...কাইলৈ বুদ্ধ পূৰ্ণিমা(Buddha Purnima) বা বুদ্ধ জয়ন্তী। পাৰম্পৰিকভাবে ঘাইকৈ বৌদ্ধ ধৰ্মাৱলম্বী সকলে পালন কৰে এই উৎসৱ। বুদ্ধ পূৰ্ণিমাত বিশ্বৰ সকলো প্ৰান্তৰ বৌদ্ধ ধৰ্মাৱলম্বী সকলে গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মৃত্যু দিন হিচাপে পালন কৰে। বৌদ্ধসকলৰ সমান্তৰালকৈ হিন্দু ধৰ্মৰ লোকসকলেও বুদ্ধ পূৰ্ণিমাক মান্যতা প্ৰদান কৰি আহিছে। হিন্দুসকলৰ বাবেও এই দিনটো অতি পৱিত্ৰ কাৰণ হিন্দুসকলে বুদ্ধক বিষ্ণুৰ নৱম অৱতাৰ বুলি বিশ্বাস কৰে। কাইলৈ অৰ্থাৎ ১৬ মে'ত পালন কৰা হ'ব বুদ্ধ পূৰ্ণিমা। 



বুদ্ধ পূৰ্ণিমাৰ শুভ মূহুৰ্ত

২০২২ চনৰ ১৬ মে’ৰ সোমবাৰে হ’ব ব’হাগ মাহৰ পূৰ্ণিমা দিন। বুদ্ধ পূৰ্ণিমাৰ শুভ মুহুৰ্ত ১৫ মে'ৰ দুপৰীয়া ১২.৪৫ বজাৰ পৰা আৰম্ভ হ'ব আৰু ১৬ মে’ৰ পুৱা ৯.৪৫ বজালৈকে থাকিব। উদয়া তিথিত ১৬ মে’ৰ দিনা পূৰ্ণিমা তিথি পৰিছে সেয়েহে এই দিনটোত পূৰ্ণিমা ব্ৰত পালন কৰা হ'ব।



বুদ্ধ পূৰ্ণিমাত কি কি কৰা অনুচিত

মাছ-মাংস নাখাব।
কোনো ধৰণৰ কাজিয়াত লিপ্ত নহ'ব।
কাকো আপত্তিজনক শব্দ বা অপশব্দ নক'ব।
মিছা কথা কোৱা পৰিহাৰ কৰিব।
এই দিনটোত এই নিয়ম ভংগ কৰিলে আপোনাৰ জীৱন অশান্তিময় হ'ব।




বুদ্ধ পূৰ্ণিমাত কি কি কৰা উচিত

সূৰ্যোদয়ৰ আগতে শোৱাৰ পৰা উঠিব লাগে।
ঘৰটো সম্পূৰ্ণ পৰিষ্কাৰ কৰি ৰাখিব লাগে। 
গা ধুই নিজৰ লগতে ঘৰত গংগাজল ছটিয়াব লাগে।
ঘৰৰ মন্দিৰত, বিষ্ণুজীৰ মূৰ্তিৰ সন্মুখত চাকি জ্বলাব লাগে আৰু তেওঁক পূজা কৰিব লাগে।
ঘৰৰ মুখ্য দুৱাৰত হালধি, ৰোলি বা কুমকুমৰ সৈতে এটা স্বস্তিকা বনাব লাগে আৰু তাত গংগাজল ছটিয়াব লাগে।
দৰিদ্ৰ লোকসকলক খাদ্য প্ৰদান কৰক আৰু কাপোৰ দান কৰক।
উদীয়মান চন্দ্ৰক পানী অৰ্পণ কৰিব লাগে।
বিশ্বাস কৰা হয় যে এই দিনটোত ভগৱান বিষ্ণু আৰু চন্দ্ৰৰ উপাসনা কৰিলে সৰ্বাধিক ফল পোৱা যায়। আৰ্থিক সমস্যা দূৰ হয়।
এই দিনটোত দান কৰাটোও অতি শুভ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে এই দিনটোত দিয়া দানৰ ফল বহুগুণে বৃদ্ধি হয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ