--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'বুদ্ধং শৰণং গশ্যামী-ধৰ্মং শৰণং গশ্যামী-সঘং শৰণং গশ্যামী’...কাইলৈ বুদ্ধ পূৰ্ণিমা(Buddha Purnima) বা বুদ্ধ জয়ন্তী। পাৰম্পৰিকভাবে ঘাইকৈ বৌদ্ধ ধৰ্মাৱলম্বী সকলে পালন কৰে এই উৎসৱ। বুদ্ধ পূৰ্ণিমাত বিশ্বৰ সকলো প্ৰান্তৰ বৌদ্ধ ধৰ্মাৱলম্বী সকলে গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মৃত্যু দিন হিচাপে পালন কৰে। বৌদ্ধসকলৰ সমান্তৰালকৈ হিন্দু ধৰ্মৰ লোকসকলেও বুদ্ধ পূৰ্ণিমাক মান্যতা প্ৰদান কৰি আহিছে। হিন্দুসকলৰ বাবেও এই দিনটো অতি পৱিত্ৰ কাৰণ হিন্দুসকলে বুদ্ধক বিষ্ণুৰ নৱম অৱতাৰ বুলি বিশ্বাস কৰে। কাইলৈ অৰ্থাৎ ১৬ মে'ত পালন কৰা হ'ব বুদ্ধ পূৰ্ণিমা। 



বুদ্ধ পূৰ্ণিমাৰ শুভ মূহুৰ্ত

২০২২ চনৰ ১৬ মে’ৰ সোমবাৰে হ’ব ব’হাগ মাহৰ পূৰ্ণিমা দিন। বুদ্ধ পূৰ্ণিমাৰ শুভ মুহুৰ্ত ১৫ মে'ৰ দুপৰীয়া ১২.৪৫ বজাৰ পৰা আৰম্ভ হ'ব আৰু ১৬ মে’ৰ পুৱা ৯.৪৫ বজালৈকে থাকিব। উদয়া তিথিত ১৬ মে’ৰ দিনা পূৰ্ণিমা তিথি পৰিছে সেয়েহে এই দিনটোত পূৰ্ণিমা ব্ৰত পালন কৰা হ'ব।



বুদ্ধ পূৰ্ণিমাত কি কি কৰা অনুচিত

মাছ-মাংস নাখাব।
কোনো ধৰণৰ কাজিয়াত লিপ্ত নহ'ব।
কাকো আপত্তিজনক শব্দ বা অপশব্দ নক'ব।
মিছা কথা কোৱা পৰিহাৰ কৰিব।
এই দিনটোত এই নিয়ম ভংগ কৰিলে আপোনাৰ জীৱন অশান্তিময় হ'ব।




বুদ্ধ পূৰ্ণিমাত কি কি কৰা উচিত

সূৰ্যোদয়ৰ আগতে শোৱাৰ পৰা উঠিব লাগে।
ঘৰটো সম্পূৰ্ণ পৰিষ্কাৰ কৰি ৰাখিব লাগে। 
গা ধুই নিজৰ লগতে ঘৰত গংগাজল ছটিয়াব লাগে।
ঘৰৰ মন্দিৰত, বিষ্ণুজীৰ মূৰ্তিৰ সন্মুখত চাকি জ্বলাব লাগে আৰু তেওঁক পূজা কৰিব লাগে।
ঘৰৰ মুখ্য দুৱাৰত হালধি, ৰোলি বা কুমকুমৰ সৈতে এটা স্বস্তিকা বনাব লাগে আৰু তাত গংগাজল ছটিয়াব লাগে।
দৰিদ্ৰ লোকসকলক খাদ্য প্ৰদান কৰক আৰু কাপোৰ দান কৰক।
উদীয়মান চন্দ্ৰক পানী অৰ্পণ কৰিব লাগে।
বিশ্বাস কৰা হয় যে এই দিনটোত ভগৱান বিষ্ণু আৰু চন্দ্ৰৰ উপাসনা কৰিলে সৰ্বাধিক ফল পোৱা যায়। আৰ্থিক সমস্যা দূৰ হয়।
এই দিনটোত দান কৰাটোও অতি শুভ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে এই দিনটোত দিয়া দানৰ ফল বহুগুণে বৃদ্ধি হয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ