--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ ৮ নৱেম্বৰ। কাইলৈ ​​কাতি পূৰ্ণিমাৰ দিনা হ’ব ২০২২ বৰ্ষৰ অন্তিমটো চন্দ্ৰগ্ৰহণ। বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ হ’ব এয়া। দেশত প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশত দেখা যাব সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ। 

কাইলৈ দুপৰীয়া ২.৩৮ বজাৰ পৰা চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব আৰু সন্ধিয়া ৬.১৯ বজাত শেষ হ’ব চন্দ্ৰগ্ৰহণ। সন্ধিয়া ৬.১৯ বজাৰ পিছত আৰম্ভ হ’ব ছায়া চন্দ্ৰগ্ৰহণ যিটো সন্ধিয়া ৭.২৬ বজালৈকে চলিব। ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখা যাব। ভাৰতৰ বাহিৰেও ০৮ নৱেম্বৰত চন্দ্ৰগ্ৰহণ আমেৰিকা, অষ্ট্ৰেলিয়া, এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দেখা যাব। 

ধৰ্মীয় বিশ্বাস অনুসৰি গৰ্ভৱতী মহিলাই গ্ৰহণৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। গৰ্ভৱতী মহিলাই গ্ৰহণ চোৱা উচিত নহয়।

সূৰ্যগ্ৰহণেই হওক বা চন্দ্ৰগ্ৰহণেই হওক গৰ্ভৱতী মহিলাই কিছুমান সাৱধানতা গ্ৰহণ কৰিলে মাতৃ আৰু আহিবলগীয়া শিশুটিৰ উপকাৰ হয় বুলি বিশ্বাস কৰা হয়। আহকচোন জানো গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই কি কি কৰিব নালাগে।

১) গ্ৰহণৰ সময়ত ঘৰৰ বাহিৰলৈ ওলাব নালাগে। যদি গৰ্ভৱতী মহিলাই গ্ৰহণ চাই থাকে বা গ্ৰহণৰ সময়ত বাহিৰলৈ ওলাই যায়, তেন্তে গৰ্ভত থকা শিশুৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে। জ্যোতিষৰ দৃষ্টিকোণৰ পৰা সূৰ্য্য আৰু চন্দ্ৰৰ ওপৰত বেয়া গ্ৰহ ৰাহু-কেতুৰ প্ৰভাৱ গ্ৰহণৰ সময়ত সৰ্বাধিক ৰূপত পৰে। গ্ৰহণ চালে শিশুৰ ৰাশিফলত এই গ্ৰহবোৰৰ লগত জড়িত কিছু দোষ থাকি যাব পাৰে।

২) গৰ্ভৱতী মহিলাই গ্ৰহণ আৰম্ভ হোৱাৰ আগতে আৰু পাছত গা ধুব লাগে।

৩) গৰ্ভৱতী মহিলাই গ্ৰহণৰ সময়ত বেজী, কটাৰী বা যিকোনো ধৰণৰ ধাৰ থকা বস্তুৰ পৰা আঁতৰি থাকিব লাগে। এই সকলোবোৰ ব্যৱহাৰ কৰিলে গৰ্ভস্থ শিশুৰ ওপৰত পাৰ্শ্বক্ৰিয়া হয় বুলি বিশ্বাস কৰা হয়। 

৪) গৰ্ভৱতী মহিলাই গ্ৰহণৰ সময়ত কেতিয়াও শুব নালাগে।

৫) গৰ্ভৱতী মহিলাই গ্ৰহণৰ সময়ত খাদ্য গ্ৰহণ কৰিব নালাগে। 

৬) মনত ৰখা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যেতিয়া গ্ৰহণ আৰম্ভ হয় তেতিয়া সেই সময়ৰ পৰা গ্ৰহণ শেষ হোৱালৈকে মহিলাগৰাকীয়ে ঘৰৰ পৰা বাহিৰ হ’ব নালাগে। যাৰ প্ৰত্যক্ষ প্ৰভাৱ মাতৃৰ লগতে সন্তানৰ ওপৰতো পৰে।

৭) গ্ৰহণৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা হাত সাৰিবলৈ ঘৰৰ খিৰিকী ভালদৰে ঢাকি দিয়াটো ভাল।

৮) গৰ্ভৱতী মহিলাই গ্ৰহণৰ সময়ত শুব নালাগে। বৰং হনুমান চলিছা পাঠ বা শুনি থাকিব লাগে। মা দুৰ্গা আৰু হনুমান জীৰ কৃপাত সকলো বিপদ আৰু নেতিবাচক শক্তি দূৰ হয় বুলি ধৰ্মীয় বিশ্বাস প্ৰচলিত আছে। 

৯) গৰ্ভৱতী মহিলাই গ্ৰহণৰ সময়ত নিজৰ ইষ্ট দেৱতাক স্মৰণ কৰিব লাগে। 

১০) গ্ৰহণ শেষ হোৱাৰ পাছত গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে।

১১) গৰ্ভৱতী মহিলাসকলে উঠা-নমা কৰাৰ সময়ত সাৱধান হ’ব লাগে। এনে সময়ত ভৰি দুখন বেঁকা কৰি বা ভুলকৈ বহিব নালাগে। কাৰণ গ্ৰহণৰ সময়ত তেনেদৰে বহিলে গৰ্ভত থকা সন্তান শাৰীৰিকভাৱে অক্ষম হয় বুলি বিশ্বাস কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু