--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সুস্থ আৰু ফিট হৈ থাকিবলৈ যিমানেই খাদ্যৰ প্ৰয়োজন সিমানেই ব্যায়ামৰো প্ৰয়োজন। কিন্তু বহু লোকে ব্যায়ামতকৈ চাইকেল চলোৱাটো বেছি পছন্দ কৰে। ইয়াক স্বাস্থ্যৰ বাবে অতি উত্তম বুলি গণ্য কৰা হয়। চাইকেল চলোৱাৰ ফলত শাৰীৰিক ফিটনেছ আৰু মানসিক স্বাস্থ্যও উন্নত হয়। কিন্তু চাইকেল চলোৱাটো একাংশ লোকৰ বাবে ক্ষতিকাৰকো হ’ব পাৰে। কেনে ধৰণৰ ৰোগৰ লোকে চাইকেল চলোৱাৰ পৰা বিৰত থাকিব লাগে জানি লওক।

 চাইকেল চলোৱাৰ সুবিধা-

* হাৰ্টৰ বাবে উপকাৰীঃ-প্ৰতিদিনে অলপ সময়ৰ বাবে হ’লেও চাইকেল চলালে হৃদযন্ত্ৰ সুস্থ হৈ থাকে। লগতে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে, যাৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস পায়।

* ওজন হ্ৰাস কৰিব পাৰিঃ-চাইকেল চলালে ওজন হ্ৰাস হয়। যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে তেন্তে চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তোলক।

* মানসিক স্বাস্থ্যৰ উন্নত হয়ঃ-চাইকেল চলালে মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰে। প্ৰতিদিনে চাইকেল চলোৱাৰ ফলত উদ্বেগ, মানসিক চাপৰ দৰে সমস্যা হ্ৰাস পোৱাৰ লগতে চাইকেল চলোৱাৰ ফলত স্মৃতিশক্তি বৃদ্ধি পায়। ইয়াৰ লগতে আন বহুতো উপকাৰো পোৱা যায়।

 কেনে লোকে চাইকেল চলাব নালাগে-

* যদি আপোনাৰ গাঁঠিৰ বিষৰ সমস্যা আছে, তেন্তে চাইকেল চলোৱাটোৱে আপোনাৰ সমস্যা আৰু বৃদ্ধি কৰিব পাৰে।

* শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা ৰোগী, যিসকলৰ হাঁপানী, ব্ৰ’কাইটিছ আদি ৰোগৰ লোকসকলে চাইকেল চলোৱাৰ পৰা বিৰত থকা উচিত।

* চাইকেল চলোৱাৰ ফলত বাহিৰৰ বতাহ উশাহ ল’লে হৃদস্পন্দন গতি বৃদ্ধি পায়, যাৰ ফলত হাঁপানী ৰোগীৰ বাবে সমস্যাৰ কাৰণ হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ