--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সুস্থ আৰু ফিট হৈ থাকিবলৈ যিমানেই খাদ্যৰ প্ৰয়োজন সিমানেই ব্যায়ামৰো প্ৰয়োজন। কিন্তু বহু লোকে ব্যায়ামতকৈ চাইকেল চলোৱাটো বেছি পছন্দ কৰে। ইয়াক স্বাস্থ্যৰ বাবে অতি উত্তম বুলি গণ্য কৰা হয়। চাইকেল চলোৱাৰ ফলত শাৰীৰিক ফিটনেছ আৰু মানসিক স্বাস্থ্যও উন্নত হয়। কিন্তু চাইকেল চলোৱাটো একাংশ লোকৰ বাবে ক্ষতিকাৰকো হ’ব পাৰে। কেনে ধৰণৰ ৰোগৰ লোকে চাইকেল চলোৱাৰ পৰা বিৰত থাকিব লাগে জানি লওক।

 চাইকেল চলোৱাৰ সুবিধা-

* হাৰ্টৰ বাবে উপকাৰীঃ-প্ৰতিদিনে অলপ সময়ৰ বাবে হ’লেও চাইকেল চলালে হৃদযন্ত্ৰ সুস্থ হৈ থাকে। লগতে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে, যাৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস পায়।

* ওজন হ্ৰাস কৰিব পাৰিঃ-চাইকেল চলালে ওজন হ্ৰাস হয়। যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে তেন্তে চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তোলক।

* মানসিক স্বাস্থ্যৰ উন্নত হয়ঃ-চাইকেল চলালে মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰে। প্ৰতিদিনে চাইকেল চলোৱাৰ ফলত উদ্বেগ, মানসিক চাপৰ দৰে সমস্যা হ্ৰাস পোৱাৰ লগতে চাইকেল চলোৱাৰ ফলত স্মৃতিশক্তি বৃদ্ধি পায়। ইয়াৰ লগতে আন বহুতো উপকাৰো পোৱা যায়।

 কেনে লোকে চাইকেল চলাব নালাগে-

* যদি আপোনাৰ গাঁঠিৰ বিষৰ সমস্যা আছে, তেন্তে চাইকেল চলোৱাটোৱে আপোনাৰ সমস্যা আৰু বৃদ্ধি কৰিব পাৰে।

* শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা ৰোগী, যিসকলৰ হাঁপানী, ব্ৰ’কাইটিছ আদি ৰোগৰ লোকসকলে চাইকেল চলোৱাৰ পৰা বিৰত থকা উচিত।

* চাইকেল চলোৱাৰ ফলত বাহিৰৰ বতাহ উশাহ ল’লে হৃদস্পন্দন গতি বৃদ্ধি পায়, যাৰ ফলত হাঁপানী ৰোগীৰ বাবে সমস্যাৰ কাৰণ হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু