--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে ঐতিহাসিক প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেছন অব পিৰিয়ডিকেলছ   (পিআৰপি) এক্ট , ২০২৩ৰ লগতে এই আইনৰ নিয়মবোৰৰ বিষয়ে চৰকাৰী গেজেটত জাননী  প্ৰকাশ কৰিছে । এই আইনখন ১ মাৰ্চ, ২০২৪-ৰ পৰা কাৰ্যকৰী কৰা হৈছে।

এতিয়াৰে পৰা  কাকত-আলোচনীসমূহৰ  পঞ্জীয়ন প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেছন অব পিৰিয়ডিকেলছ   (পিআৰপি) এক্ট , ২০২৩ৰ নিয়ম অনুসৰি কৰা হ’ব।  জাননী খনত প্ৰকাশ কৰা অনুসৰি এতিয়াৰে পৰা  ভাৰতৰ প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেল- পিআৰজিআইৰ কাৰ্যালয়ে(যাক পূৰ্বতে ৰেজষ্ট্ৰাৰ অব নিউপেপাৰ্ছ ফৰ ইণ্ডিয়া-আৰএনআই বুলি জনা গৈছিল)   নতুন আইনখনৰ নিময়সমূহ সম্পাদন কৰিব।

ডিজিটেল ইণ্ডিয়াৰ ভাৱনাৰ সৈতে সংগতি ৰাখি নতুন আইনখনে দেশত বাতৰি কাকত আৰু অন্যান্য আলোচনী পঞ্জীয়নৰ সুবিধাৰ বাবে এক অনলাইন প্ৰণালীও মুকলি কৰিছে।

ইয়াৰ পূৰ্বে তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ  মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে নতুন আইন অনুসৰি  আবেদন কৰাৰ বাবে প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ অনলাইন পৰ্টেল প্ৰেছ সেৱা পৰ্টেল (presssewa.prgi.gov.in) মুকলি কৰিছিল। আলোচনী এখনৰ প্ৰিণ্টাৰৰ দ্বাৰা প্ৰদান কৰা তথ্য, বিদেশী আলোচনী এখনৰ স্থানীয় সংস্কৰণৰ পঞ্জীয়নৰ বাবে কৰা আবেদন, আলোচনী এখনৰ পঞ্জীয়নৰ প্ৰমাণপত্ৰৰ বাবে প্ৰকাশকৰ দ্বাৰা কৰা আবেদন, পঞ্জীয়নৰ প্ৰমাণপত্ৰ সংশোধনৰ বাবে কৰা আবেদন, আলোচনীসমূহৰ মালিকীস্বত্বৰ সালসলনিৰ  বাবে কৰা আবেদন, আলোচনী এখনৰ প্ৰকাশকৰ দ্বাৰা বাৰ্ষিক তথ্য-পাতি দাখিল আৰু আলোচনী এখনৰ প্ৰচলন সংখ্যা  পৰীক্ষা কৰাৰ বাবে প্ৰয়োজনীয় ডেস্ক অডিট আদিৰ  সকলোবোৰ প্ৰক্ৰিয়া প্ৰেছ সেৱা পৰ্টেলৰ জৰিয়তে অনলাইনত কৰা হ'ব।

প্ৰেছ সেৱা পৰ্টেলে কাগজবিহীন প্ৰক্ৰিয়াকৰণ নিশ্চিত কৰিব  আৰু তাৎক্ষণিক ডাউনলোডৰ বাবে ই-ছাইনৰ সুবিধা , ডিজিটেল পেমেণ্টৰ সুবিধা, কিউআৰ কোড-আধাৰিত ডিজিটেল প্ৰমাণপত্ৰ লাভ, প্ৰিণ্টিং প্ৰেছৰ দ্বাৰা তথ্য প্ৰদান কৰাৰ বাবে অনলাইন প্ৰণালী, বাতৰি ককাকত, আলোচনী আদিৰ নাম লাভৰ  সম্ভাৱনাৰ শতাংশ হাৰ জনাটো, পঞ্জীয়ন সম্পৰ্কীয় সকলো তথ্য  প্ৰকাশকে অনলাইনতে লাভ কৰাৰ সুবিধা,  বাৰ্ষিক তথ্য-পাতি দাখিল কৰা আদি সুবিধাসমূহ প্ৰদান কৰিব।  ই এক চেটবট-আধাৰিত ইন্টাৰেক্টিভ সমাধান প্ৰণালী স্থাপন কৰিব বিচাৰে। প্ৰেছ সেৱা পৰ্টেলৰ সৈতে সম্পৰ্কিত সকলো তথ্য আৰু ব্যৱহাৰকাৰী-অনুকূল  এটা নতুন ৱেবছাইট (prgi.gov.in) মুকলি কৰা হৈছে।

নতুন পিআৰপি আইনে পুৰণি পিআৰবি আইনৰ আওতাৰ ভিতৰত পৰা কিতাপ আৰু সাময়িকী আদি পঞ্জীয়নৰ পৰা আঁতৰাই ৰাখিছে ; নতুন আইনখনে পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় আলোচনী-কাকত আদিৰ সংজ্ঞা এনেদৰে নিৰূপণ কৰিছে  "বাতৰি কাকত সহ যিকোনো প্ৰকাশন  যিবোৰে সময়ৰ নিয়মীয়া ব্যৱধানত সামাজিক বা- বাতৰি প্ৰকাশ কৰে  বা তেনে বা-বাতৰিৰ ওপৰত মন্তব্য  প্ৰকাশ আৰু মুদ্ৰণ কৰে ।  কিন্তু ইয়াত  কিতাপ বা বৈজ্ঞানিক, কাৰিকৰী তথা  শৈক্ষিক প্ৰকৃতিৰ আলোচনী অন্তৰ্ভুক্ত নাথাকিব।" সেয়েহে, "কিতাপ, বা বৈজ্ঞানিক, কাৰিকৰী আৰু শৈক্ষিক বিষয়ৰ  কিতাপ বা আলোচনীআদিৰ বাবে পিআৰজিআইত  পঞ্জীয়নৰ প্ৰয়োজন নাই।"

নতুন আইন অনুসৰি  কাকত-আলোচনী পঞ্জীয়নৰ বাবে সকলো আবেদন কেৱল প্ৰেছ সেৱা পৰ্টেলৰ জৰিয়তে অনলাইন পদ্ধতিত কৰা হ'ব। সেয়েহে আলোচনী  প্ৰকাশ কৰিব বিচৰা প্ৰকাশক সকলে ইয়াক প্ৰকাশ কৰাৰ আগতে ইয়াৰ শিৰোনাম পঞ্জীয়ন কৰিব লাগিব। যিহেতু পঞ্জীয়ন প্ৰক্ৰিয়াটো অনলাইন আৰু ছফ্টৱেৰৰ জৰিয়তে সম্পাদিত  হ'ব, সেয়ে আবেদন প্ৰক্ৰিয়াত ভুল- ত্ৰুটিৰ সম্ভাৱনা যথেষ্ট হ্ৰাস পাব।  ফলত আবেদনবোৰৰ প্ৰক্ৰিয়াকৰণ দ্ৰুতগতিত কৰাটো সম্ভৱ হ'ব। আবেদনৰ স্থিতি সকলো পৰ্যায়তে আপডেট কৰা হ'ব আৰু স্বচ্ছতা নিশ্চিত কৰিবলৈ তথা ভুল যোগাযোগৰ ফলত হোৱা বিলম্ব দূৰ কৰিবলৈ আবেদনকাৰীক এছএমএছ আৰু ই-মেইলযোগে প্ৰয়োজনীয় তথ্য অৱগত কৰা হ'ব।

নতুন প্ৰেছ সেৱা  পৰ্টেলৰ জৰিয়তে আলোচনী আদি  পঞ্জীয়নৰ সৈতে জড়িত পদক্ষেপবোৰ নিম্নলিখিত ধৰণৰ:

এখন আলোচনীৰ গৰাকীয়ে ছাইন আপ কৰিব লাগিব  আৰু প্ৰ'ফাইল এটা সৃষ্টি কৰিব লাগিব: পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ, প্ৰস্তাৱিত আলোচনীখনৰ গৰাকীয়ে প্ৰেছ সেৱা পৰ্টেলত ছাইন আপ কৰিব লাগিব আৰু ৫  টা অগ্ৰাধিকাৰৰ ক্ৰমত প্ৰস্তাৱিত শিৰোনামৰ সৈতে প্ৰয়োজনীয় নথিপত্ৰ/বিৱৰণ দাখিল কৰি এটা প্ৰ'ফাইল সৃষ্টি কৰিব লাগিব। এই শীৰ্ষ নামৰ বিকল্পবোৰ ভাৰতৰ যিকোনো স্থানত বা একেখন ৰাজ্যৰ ভিতৰত ,  আন যিকোনো ভাষাত থকা  কোনো সাময়িকীৰ বাবে আন কোনো মালিকে ইতিমধ্যে লাভ  কৰা শিৰোনামৰ সৈতে একে হ’ব নালাগিব। এই নামৰ  শীৰ্ষক বিকল্প প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ দ্বাৰা প্ৰস্তুত কৰা নিৰ্দেশনা অনুসৰি প্ৰদান কৰা হ'ব।

আবেদন প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেল আৰু জিলা এখনৰ নিৰ্দিষ্ট কৰ্তৃপক্ষৰ ওচৰত একেসময়তে দাখিল কৰা হ’ব: প্ৰেছ সেৱা পৰ্টেলৰ জৰিয়তে দাখিল কৰা আবেদনসমূহ একে সময়তে প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেল আৰু জিলা এখনৰ নিৰ্দিষ্ট কৰ্তৃপক্ষৰ বাবে উপলব্ধ হ'ব। গতিকে আন কোনো কাৰ্যালয়/পৰ্টেলত পৃথকে আবেদন দাখিল কৰাৰ কোনো প্ৰয়োজন নাই।

• মালিকে প্ৰকাশকক আমন্ত্ৰণ জনাব : প্ৰ'ফাইল সৃষ্টি কৰাৰ পিছত  মালিকে তেওঁলোকৰ সাময়িকীৰ সৈতে সম্পৰ্কিত তেওঁলোকৰ মনোনীত প্ৰকাশক/প্ৰকাশকসকলক পৰ্টেলৰ জৰিয়তে আমন্ত্ৰণ জনাব।

• প্ৰিণ্টাৰৰ দ্বাৰা ছাইন আপ কৰা  আৰু অনলাইন এইবিষয়ে  অৱগত কৰা (প্ৰিণ্টিং প্ৰেছৰ গৰাকী/প্ৰেছৰ তত্বাবধায়ক আদিক): প্ৰিণ্টাৰ (প্ৰিণ্টিং প্ৰেছৰ গৰাকী/প্ৰেছৰ তত্বাবধায়ক আদিক ) পৰ্টেলত প্ৰয়োজনীয় প্ৰাসঙ্গিক বিৱৰণ প্ৰদান কৰিব পৰাকৈ  প্ৰেছ সেৱা পৰ্টেলত এটা অনলাইন একাউণ্ট সৃষ্টি কৰিব লাগিব।

• ছাইন আপ কৰি  প্ৰকাশকসকলে প্ৰ'ফাইল সৃষ্টি কৰিব লাগিব :  আমন্ত্ৰণ জনোৱা /নিযুক্ত প্ৰকাশকসকলে প্ৰাসঙ্গিকতথ্য  প্ৰদান কৰি পৰ্টেলত তেওঁলোকৰ প্ৰ'ফাইল সৃষ্টি কৰিব লাগিব।

• প্ৰকাশকৰ দ্বাৰা প্ৰিণ্টাৰ বাছনি/মনোনীত কৰা: পঞ্জীয়ন প্ৰক্ৰিয়াৰ অংশ হিচাপে, প্ৰকাশকসকলে প্ৰেছ সেৱা ডাটাবেচৰ পৰা তেওঁলোকৰ সংশ্লিষ্ট প্ৰিণ্টিং প্ৰেছ মনোনীত/বাছনি কৰিব লাগিব।  য'ত প্ৰিণ্টিং প্ৰেছৰ একাউণ্ট ইতিমধ্যে ডাটাবেছত উপলব্ধ হৈ থাকে। অন্যথা, তেওঁলোকে প্ৰিণ্টাৰক পৰ্টেলত এটা অনলাইন প্ৰ'ফাইল সৃষ্টি কৰিবলৈ অনুৰোধ কৰিব পাৰে আৰু তাৰ পিছত প্ৰস্তাৱিত সাময়িকীৰ বাবে তেওঁলোকক প্ৰিণ্টাৰ হিচাপে বাছনি কৰিব পাৰে।

• সাময়িকীৰ পঞ্জীয়ন আবেদন প্ৰকাশকে দাখিল কৰিব: তেওঁলোকৰ প্ৰ'ফাইল সৃষ্টি কৰাৰ পিছত প্ৰকাশকে সকলো প্ৰাসঙ্গিক বিৱৰণ/নথিপত্ৰ / আবেদনত ই-স্বাক্ষৰ কৰি, আৰু ভাৰত কোষৰ জৰিয়তে নিৰ্ধাৰিত মাচুল পৰিশোধ কৰি পঞ্জীয়নৰ বাবে আবেদন দাখিল কৰিব পাৰিব।

আবেদন দাখিল কৰাৰ পিছত সংশোধনৰ সময়সীমা: আবেদন দাখিল কৰাৰ পিছত প্ৰকাশকসকলৰ ওচৰত আবেদনত সামান্য পৰিৱৰ্তন কৰাৰ বাবে ৫ দিন (১২০ -ঘণ্টা সময়সীমা ) থাকিব। এই সময়ৰ পিছত আবেদনত  কোনো সংশোধন কৰাটো  সম্ভৱ নহ’ব।

আবেদনৰ এক বিশেষ নম্বৰ সৈতে প্ৰাপ্তি স্বীকাৰঃ  আবেদনখন সফলতাৰে আপলোড কৰাৰ পিছতপ্ৰেছ সেৱা পৰ্টেলে এক বিশেষ  দহ-অংকৰ আলফানিউমেৰিক এপ্লিকেচন ৰেফাৰেন্স নম্বৰ (এআৰএন)ৰ সৈতেআবেদনৰ প্ৰাপ্তি স্বীকাৰ  কৰিব আৰু প্ৰকাশক তথা প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেলে ভৱিষ্যতে সকলো চিঠিপত্ৰ আৰু যোগাযোগৰ  বাবে সেই  ৰেফাৰেন্স নম্বৰ ব্যৱহাৰ কৰিব।

আবেদনত কোনো তথ্যৰ অভাৱ থাকিলে : আবেদনৰ প্ৰাৰম্ভিক পৰীক্ষাৰ পিছত প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ (পিআৰজিআই) কাৰ্যালয়ে প্ৰয়োজন হ'লে অধিক তথ্য বিচাৰি যোগাযোগ  কৰিব পাৰে । এইক্ষেত্ৰত প্ৰকাশকসকলে ৩০  দিনৰ সময়সীমাৰ ভিতৰত তেওঁলোকৰ সঁহাৰি দাখিল কৰিব লাগিব। এই নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰকাশকে  অতিৰিক্তভাবে বিচৰা তথ্য দাখিলত  ব্যৰ্থ হ'লে আবেদনখন অগ্ৰাহ্য কৰা হ'ব।

• ভাৰতকোষৰ জৰিয়তে পঞ্জীয়ন মাচুল অনলাইন পদ্ধতিৰে  পৰিশোধ কৰিব লাগিব: প্ৰেছ সেৱা পৰ্টেলত থকা  ভাৰতকোষ ডিজিটেল পৰিশোধ প্ৰণালীৰ জৰিয়তে সকলো প্ৰকাশকে ১০০০ টকা ( এহাজাৰ টকা) পঞ্জীয়ন মাচুল বিচাবে  প্ৰেৰণ কৰাটো বাধ্যতামূলক।

পঞ্জীয়নৰ বিৱৰণ সংশোধনঃ  প্ৰেছ সেৱা পৰ্টেলে পঞ্জীয়নৰ বিৱৰণ সংশোধনৰ বাবে অনলাইন সুবিধাও প্ৰদান কৰে। সাময়িকীবোৰৰ বিৱৰণৰ পৰিৱৰ্তন,  পঞ্জীয়নৰ  সংশোধন সম্পৰ্কীয়  সকলো আবেদন পৰ্টেলৰ জৰিয়তে কৰিব লাগিব। এই বিকল্পবোৰ মালিক/প্ৰকাশকৰ প্ৰ'ফাইলত উপলব্ধ হ'ব।

 এই বিষয়ে  অধিক জানিব পাৰিব এইকেইটা লিংকত:

https://pib.gov.in/PressReleasePage.aspx?PRID=1989267

https://pib.gov.in/PressReleasePage.aspx?PRID=2008020

প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেছন অব পিৰিয়ডিকেলছ   (পিআৰপি) এক্ট , ২০২৩ 

https://mib.gov.in/sites/default/files/Press%20and%20Registration%20of%20Periodicals%20Act%202023.pdf 

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
১৩ জুলাইত সংঘটিত হ’ব গ্ৰহণ যোগ! এই ৩টা ৰাশিৰ হ'ব ক্ষতি
ভাৰতৰ বজাৰত প্ৰৱেশ বহু প্রত্যাশিত এ আই+ স্মার্টফ'ন
আমেৰিকাৰ বায়ুসেনাৰ শীৰ্ষ পদত অসম সন্তান মনজিত বৰ্মন
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান