--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। যদি পদ থাকে এটা তাত এপ্লাই কৰে হাজাৰজনে। এটা চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবেও এতিয়া লাখ লাখ উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে আৱেদন কৰা দেখিবলৈ পোৱা যায়। চাকৰিৰ এই সংকট কালত এজন যুৱকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। 

যুৱকজনে এটা নহয়, দুটা নহয় একেলগে ১৭টাকৈ চাকৰিৰ প্ৰস্তাৱ লাভ কৰিছে। যুৱকজনে একে সময়তে ১৭টা ভিন্ন বিভাগত চাকৰি লাভ কৰা খবৰ এতিয়া দেশজুৰি চৰ্চিত হৈ পৰিছে। যুৱকজনৰ নাম অৰিজিত ৰায়। পশ্চিমবংগৰ হাওৰাৰ বালিৰ ঘোষপাৰাৰ বাসিন্দা অৰিজিত। চুঞ্চুৰাৰ হুগলী ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি কলেজৰ ছাত্ৰ অৰিজিত ৰায়।

অৰিজিতে চাকৰি পোৱা প্ৰতিষ্ঠানসমূহৰ ভিতৰত আছে ৱিপ্ৰ’, টিচিএছ, ইনফ’ছিছ, এচেঞ্চুৰ, বাইজুছ আদিৰ দৰে নামী-দামী বিভিন্ন কোম্পানী। অৰিজিত ৰায়ে যোৱা দুমাহত ১৭টা বহুজাতিক কোম্পানীত চাকৰিৰ সাক্ষাৎকাৰ দি আটাইকেইটাতে ক্লিয়াৰ কৰিছে। অৰিজিতে নিজৰ সফলতাৰ ৰহস্য ব্যাখ্য কৰি কয় যে ‘‘কম্পিউটাৰ বিজ্ঞানৰ মূল বিষয় হৈছে প্ৰগ্ৰেমিং। সেয়া মই বৰ ভালকৈ অধ্যয়ন কৰিছো। মই অত্যন্ত অধ্যৱসায়ৰে আন বিষয়বোৰো পঢ়িছো, গতিকে চাকৰি এটা পোৱাটো সহজ হৈ পৰিছে।’’

উল্লেখ্য যে ইয়াৰ পূৰ্বে কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ১০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দেশৰ লগতে বিদেশৰ বৃহৎ কোম্পানীসমূহৰ পৰা এক কোটিৰো অধিক টকাৰ বাৰ্ষিক পেকেজৰ সৈতে চাকৰিৰ প্ৰস্তাৱ লাভ কৰিছে। বিশাখ মণ্ডল নামৰ এজন ছাত্ৰই ফেচবুকৰ পৰা বছৰি এক কোটি ৮৪ লাখ আৰু গুগলৰ পৰা এক কোটি ৪০ লাখ পেকেজৰ সৈতে চাকৰিৰ প্ৰস্তাৱ লাভ কৰিছে। ইয়াৰ পূৰ্বে প্ৰডাকচন ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰা দেৱৰ্ষি মৈত্ৰাই গুগলৰ লণ্ডনৰ কাৰ্যালয়ত ১ কোটি ৪০ লাখ টকাৰ বাৰ্ষিক পেকেজেৰে চাকৰিৰ প্ৰস্তাৱ পাইছে। নাদিয়া জিলাৰ বাসিন্দা দেৱৰ্ষি মৈত্ৰাই ছেপ্টেম্বৰত যোগদান কৰিব গুগলত। 

ডাবলিনৰ আমাজনৰ পৰা বছৰি এক কোটি টকাৰ পেকেজৰ সৈতে সত্যম কুমাৰে লাভ কৰিছে চাকৰিৰ প্ৰস্তাৱ। এপল ইণ্ডিয়াৰ পৰা ৬৮.২ লাখ টকাৰ বাৰ্ষিক পেকেজেৰে চাকৰিৰ প্ৰস্তাৱ লাভ কৰিছে অৰিত্ৰ সমন্ত নামৰ এগৰাকী ছাত্ৰই। অভিযান্ত্ৰিক বিভাগৰ বহু ছাত্ৰ-ছাত্ৰীয়ে বছৰি ১ কোটি টকাৰ পেকেজৰ সৈতে চাকৰিৰ প্ৰস্তাৱ লাভ কৰিছে। কৰ’না মহামাৰীৰ বাবে যাদৱপুৰ বিশ্ববিদ্যালয়ত চলি আছিল অনলাইন প্লেচমেণ্ট। যোৱা এপ্ৰিল মাহৰ পৰা ইয়ালৈ পোনপটীয়াকৈ বিভিন্ন কোম্পানীয়ে আহি প্লেচমেণ্টত অংশগ্ৰহণ কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ