--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চুবুৰীয়া ৰাষ্ট্ৰ কানাডা আৰু মেক্সিকোৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰাৰ পাছতে শেহতীয়া কৈ এই শুল্ক কাৰ্কৰী কৰাৰ হৈছে৷ আমেৰিকাৰ এনে নীতিৰ প্ৰত্যুত্তৰত কানাডাই আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱেও অনাগত দিনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দি তেওঁ কয় যে আমেৰিকাৰ পৰা কানাডালৈ আমদানি কৰা বিপুল পৰিমাণৰ সামগ্ৰীৰ আনুমানিক মূল্য ১২৫ বিলিয়ন কানাডিয়ান ডলাৰ। কানাডাই এই পৰিমাণৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে। আৰু এই কৰ ২১ দিনৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব। কানাডাৰ প্ৰধানমন্ত্ৰীৰাকীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সিদ্ধান্তৰ বাবে এই শুল্ক আৰোপ কৰা হৈছে বুলি উল্লেখ কৰে।

চীনৰ সামগ্ৰীৰ লগতে কানাডা আৰু মেক্সিকান সামগ্ৰীৰ ওপৰতো শুল্ক আৰোপ কৰিছে ট্ৰাম্পে। শনিবাৰে তেওঁ ঘোষণা কৰে যে মেক্সিকো আৰু কানাডাৰ ওপৰত ২৫ শতাংশ আৰু চীনৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰা হ’ব। অৱশ্যে আমেৰিকাই কানাডাৰ পৰা আমদানি কৰা খনিজ তেল, প্ৰাকৃতিক গেছ আৰু বিদ্যুতৰ ওপৰত ১০ শতাংশ শুল্ক হ’ব বুলি ট্ৰাম্পে উল্লেখ কৰে আৰু তেওঁ সকীয়াই দিয়ে যে যদি এই তিনিখন দেশে শুল্ক আৰোপ কৰাৰ পিছত কোনো ধৰণৰ প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰে তেন্তে শুল্কৰ পৰিমাণ আৰু বৃদ্ধি হ’ব পাৰে।

আমেৰিকা আৰু মেক্সিকো আৰু কানাডাৰ মাজত চলি থকা এই অৰ্থনৈতিক যুদ্ধৰ প্ৰতি বিশেষজ্ঞসকলক শংকিত কৰিছে। ইয়াৰ ফলত তিনিওখন দেশৰ অৰ্থনীতিৰ ক্ষতি হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে আৰু মুদ্ৰাস্ফীতি বৃদ্ধিৰো আশংকা কৰিছে৷

উল্লেখ্য যে ব্ৰিকছৰ সদস্য দেশসমূহৰ প্ৰতিও ভাবুকি প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ব্ৰিকছৰ সদস্য দেশসমূহৰ মাজত আমেৰিকান ডলাৰৰ পৰিৱৰ্তে উমৈহতীয়া মুদ্ৰা প্ৰচলন সন্দৰ্ভত চলি থকা জল্পনা-কল্পনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ট্ৰাম্পে এনে পন্থা গ্ৰহণ নকৰিবলৈ সকীয়াই দিয়াৰ লগতে ব্ৰিকছ দেশসমূহৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু