--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চুবুৰীয়া ৰাষ্ট্ৰ কানাডা আৰু মেক্সিকোৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰাৰ পাছতে শেহতীয়া কৈ এই শুল্ক কাৰ্কৰী কৰাৰ হৈছে৷ আমেৰিকাৰ এনে নীতিৰ প্ৰত্যুত্তৰত কানাডাই আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱেও অনাগত দিনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দি তেওঁ কয় যে আমেৰিকাৰ পৰা কানাডালৈ আমদানি কৰা বিপুল পৰিমাণৰ সামগ্ৰীৰ আনুমানিক মূল্য ১২৫ বিলিয়ন কানাডিয়ান ডলাৰ। কানাডাই এই পৰিমাণৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে। আৰু এই কৰ ২১ দিনৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব। কানাডাৰ প্ৰধানমন্ত্ৰীৰাকীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সিদ্ধান্তৰ বাবে এই শুল্ক আৰোপ কৰা হৈছে বুলি উল্লেখ কৰে।

চীনৰ সামগ্ৰীৰ লগতে কানাডা আৰু মেক্সিকান সামগ্ৰীৰ ওপৰতো শুল্ক আৰোপ কৰিছে ট্ৰাম্পে। শনিবাৰে তেওঁ ঘোষণা কৰে যে মেক্সিকো আৰু কানাডাৰ ওপৰত ২৫ শতাংশ আৰু চীনৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰা হ’ব। অৱশ্যে আমেৰিকাই কানাডাৰ পৰা আমদানি কৰা খনিজ তেল, প্ৰাকৃতিক গেছ আৰু বিদ্যুতৰ ওপৰত ১০ শতাংশ শুল্ক হ’ব বুলি ট্ৰাম্পে উল্লেখ কৰে আৰু তেওঁ সকীয়াই দিয়ে যে যদি এই তিনিখন দেশে শুল্ক আৰোপ কৰাৰ পিছত কোনো ধৰণৰ প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰে তেন্তে শুল্কৰ পৰিমাণ আৰু বৃদ্ধি হ’ব পাৰে।

আমেৰিকা আৰু মেক্সিকো আৰু কানাডাৰ মাজত চলি থকা এই অৰ্থনৈতিক যুদ্ধৰ প্ৰতি বিশেষজ্ঞসকলক শংকিত কৰিছে। ইয়াৰ ফলত তিনিওখন দেশৰ অৰ্থনীতিৰ ক্ষতি হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে আৰু মুদ্ৰাস্ফীতি বৃদ্ধিৰো আশংকা কৰিছে৷

উল্লেখ্য যে ব্ৰিকছৰ সদস্য দেশসমূহৰ প্ৰতিও ভাবুকি প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ব্ৰিকছৰ সদস্য দেশসমূহৰ মাজত আমেৰিকান ডলাৰৰ পৰিৱৰ্তে উমৈহতীয়া মুদ্ৰা প্ৰচলন সন্দৰ্ভত চলি থকা জল্পনা-কল্পনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ট্ৰাম্পে এনে পন্থা গ্ৰহণ নকৰিবলৈ সকীয়াই দিয়াৰ লগতে ব্ৰিকছ দেশসমূহৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ