--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ট্ৰলী বেগত আপুনি কি ৰাখে, হয়তো কাপোৰ নতুবা অন্যান্য বস্তু, কিন্তু শেহতীয়াকৈ এনে এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে য’ত ছুটকেছত উদ্ধাৰ হ’ল এটা মৃতদেহ৷

কলকাতাৰ কুমাৰতুলি ঘাটৰ সমীপত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা , য’ত স্থানীয় ৰাইজে ট্ৰলী বেগত এগৰাকী মহিলাৰ মৃতদেহ কঢ়িয়াই নিয়া দুগৰাকী মহিলাক ধৰি আৰক্ষীক গতাই দিয়ে। ধৃত মহিলা কেইগৰাকীৰ নাম ফালগুনি ঘোষ আৰু তেওঁৰ মাতৃ আৰতি ঘোষ।

স্থানীয় ৰাইজে এই মহিলাসকলৰ কাৰ্যকলাপৰ প্ৰতি সন্দেহ প্ৰকাশ কৰাৰ পিছতে তেওঁলোকক ৰখাই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ তথ্য অনুসৰি ট্ৰলী বেগৰ ভিতৰত উদ্ধাৰ হোৱা মৃত মহিলাগৰাকীৰ নাম সুমিতা ঘোষ।

প্ৰাথমিক তদন্তৰ ভিত্তিত ফালগুনি ঘোষে মৃত মহিলাগৰাকী তেওঁৰ শাহুৱেক বুলি জানিবলৈ দিয়ে। অৱশ্যে আৰক্ষীয়ে বিষয়টোৰ গভীৰ তদন্ত কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

এই ঘটনাৰ পিছতে অঞ্চলটোত আতংকৰ পৰিবেশ সৃষ্টি হৈছে। মহিলাগৰাকীৰ মৃত্যু কেনেদৰে আৰু কিয় মৃতদেহটো নিষ্কাশনৰ চেষ্টা কৰা হৈছিল সেই বিষয়ে জানিবলৈ আৰক্ষীয়ে বিভিন্ন কোণৰ পৰা গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছে। বৰ্তমান দুয়োগৰাকী মহিলাৰ জেৰা চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ