--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খং নামেই চণ্ডাল। খঙৰ প্ৰকোপত মানুহে হিতাহিত জ্ঞান হেৰুৱাই বহু অঘটন ঘটায়। খঙৰ বাবেই বিহাৰৰ সমচীপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। 

স্বামীৰ সৈতে কাজিয়া লাগি খঙত নিজৰ তিনিটা সন্তানক কুঁৱাত পেলাই দিলে এগৰাকী মহিলাই। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত মাতৃক। খবৰটো পোহৰলৈ অহাৰ লগে লগে অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হয়। 

ধৃত মহিলাগৰাকীৰ নাম সীমা দেৱী। সমচীপুৰ জিলাৰ মালিনগৰ গাঁৱৰ বাসিন্দা তেওঁ। দেওবাৰে ৩৬ বছৰীয়া স্বামী চন্দন মহতাৰ সৈতে কাজিয়া হয় সীমাৰ। নিশা তিনিটা সন্তান চন্দন মহতাৰ কাষত শুই আছিল। সীমাই প্ৰথমে কন্যা সন্তানটিক মাতি আনি কুঁৱাৰ পাৰলৈ লৈ যায়। কুঁৱাৰ পাৰত থেকেচি থেকেচি কন্যা সন্তানটিক আধামৰা কৰি কুঁৱাত দলিয়াই দিয়ে। আন দুটি সন্তানকো তেনেদৰেই হত্যা কৰে সীমা দেৱীয়ে। পাছদিনা স্বামীক তেওঁ সন্তানকেইটি নিৰুদ্দেশ হোৱা বুলি কয়।  

এই সন্দৰ্ভত স্থানীয় থানাত এজাহাৰ দাখিল কৰে চন্দন মহতাই। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাত পোহৰলৈ আহে চাঞ্চল্যকৰ তথ্য। তালাচী অভিযান আৰম্ভ হোৱাৰ সময়তে ঘৰৰ কুঁৱাত তিনিটা শিশুৰ মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ পিছত আৰক্ষীয়ে সীমাক গ্ৰেপ্তাৰ কৰি জেৰা আৰম্ভ কৰে। সীমাই জেৰাত স্বীকাৰ কৰে যে খঙতে তিনিওটা শিশুক হত্যা কৰি কুঁৱাত পেলাই দিছে।

নিহত তিনিটা শিশুৰ নাম হৈছে তৰুণ(৬), তনয়া (৪) আৰু তানিষ্ক (২)। সীমাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰ ১৩৭(২) আৰু ৯৭ ধাৰাত গোচৰ ৰুজু কৰিছে।

মৰণোত্তৰ পৰীক্ষাৰ অন্তত তিনিওটা শিশুৰ মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়ে আৰক্ষীয়ে। মৃত তিনিওটি সন্তানৰে মুখাগ্নি কৰে পিতৃয়ে। ল’ৰা-ছোৱালীকেইটাৰ মৃতদেহ আহি পোৱাৰ লগে লগে ঘৰটোত আত্মীয়-স্বজন আৰু মানুহৰ ভিৰ হয়। সকলোৱে একেটা বিষয়তে আলোচনা কৰি আছিল যে কেনেধৰণৰ কাজিয়া হলে নিজ মাতৃয়ে নিজৰ তিনিটা সন্তানক হত্যা কৰিব পাৰে!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু