--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খং নামেই চণ্ডাল। খঙৰ প্ৰকোপত মানুহে হিতাহিত জ্ঞান হেৰুৱাই বহু অঘটন ঘটায়। খঙৰ বাবেই বিহাৰৰ সমচীপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। 

স্বামীৰ সৈতে কাজিয়া লাগি খঙত নিজৰ তিনিটা সন্তানক কুঁৱাত পেলাই দিলে এগৰাকী মহিলাই। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত মাতৃক। খবৰটো পোহৰলৈ অহাৰ লগে লগে অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হয়। 

ধৃত মহিলাগৰাকীৰ নাম সীমা দেৱী। সমচীপুৰ জিলাৰ মালিনগৰ গাঁৱৰ বাসিন্দা তেওঁ। দেওবাৰে ৩৬ বছৰীয়া স্বামী চন্দন মহতাৰ সৈতে কাজিয়া হয় সীমাৰ। নিশা তিনিটা সন্তান চন্দন মহতাৰ কাষত শুই আছিল। সীমাই প্ৰথমে কন্যা সন্তানটিক মাতি আনি কুঁৱাৰ পাৰলৈ লৈ যায়। কুঁৱাৰ পাৰত থেকেচি থেকেচি কন্যা সন্তানটিক আধামৰা কৰি কুঁৱাত দলিয়াই দিয়ে। আন দুটি সন্তানকো তেনেদৰেই হত্যা কৰে সীমা দেৱীয়ে। পাছদিনা স্বামীক তেওঁ সন্তানকেইটি নিৰুদ্দেশ হোৱা বুলি কয়।  

এই সন্দৰ্ভত স্থানীয় থানাত এজাহাৰ দাখিল কৰে চন্দন মহতাই। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাত পোহৰলৈ আহে চাঞ্চল্যকৰ তথ্য। তালাচী অভিযান আৰম্ভ হোৱাৰ সময়তে ঘৰৰ কুঁৱাত তিনিটা শিশুৰ মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ পিছত আৰক্ষীয়ে সীমাক গ্ৰেপ্তাৰ কৰি জেৰা আৰম্ভ কৰে। সীমাই জেৰাত স্বীকাৰ কৰে যে খঙতে তিনিওটা শিশুক হত্যা কৰি কুঁৱাত পেলাই দিছে।

নিহত তিনিটা শিশুৰ নাম হৈছে তৰুণ(৬), তনয়া (৪) আৰু তানিষ্ক (২)। সীমাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰ ১৩৭(২) আৰু ৯৭ ধাৰাত গোচৰ ৰুজু কৰিছে।

মৰণোত্তৰ পৰীক্ষাৰ অন্তত তিনিওটা শিশুৰ মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়ে আৰক্ষীয়ে। মৃত তিনিওটি সন্তানৰে মুখাগ্নি কৰে পিতৃয়ে। ল’ৰা-ছোৱালীকেইটাৰ মৃতদেহ আহি পোৱাৰ লগে লগে ঘৰটোত আত্মীয়-স্বজন আৰু মানুহৰ ভিৰ হয়। সকলোৱে একেটা বিষয়তে আলোচনা কৰি আছিল যে কেনেধৰণৰ কাজিয়া হলে নিজ মাতৃয়ে নিজৰ তিনিটা সন্তানক হত্যা কৰিব পাৰে!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ