--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকুম্ভ অনুষ্ঠিত হোৱা প্রয়াগৰাজৰ ত্রিবেণী সংগমৰ পৰা অনা পানীৰে মঙলবাৰে ছট্টিশগড়ৰ বিভিন্ন কাৰাগাৰত থকা প্ৰায় ১৮,৫০০ কয়দীয়ে 'পৱিত্ৰ স্নান' কৰে। 

ৰাজ্যখনৰ ৫খন কেন্দ্ৰীয় কাৰাগাৰ, ২০খন জিলা কাৰাগাৰ আৰু ৮খন উপ-কাৰাগাৰকে ধৰি মুঠ ৩৩খন কাৰাগাৰত স্থাপন কৰা বিশেষ 'কুণ্ড'ত এই 'পুণ্য স্নান' হয়। কাৰাগাৰ বিভাগৰ উপ-মহাপৰিদৰ্শক এছ এছ টিপ্পাই এই কথা জনায়। 

প্ৰয়াগৰাজৰ পৰা অনা 'পৱিত্ৰ পানী' স্নানৰ পাত্ৰৰ পানীত মিলাই দিয়া হয়। এই স্নান কুণ্ডবোৰ ফুলেৰে সজোৱা হয় আৰু স্নানৰ আগত সকলোৱে প্ৰাৰ্থনা কৰে। উপ-মহাপৰিদৰ্শকজনৰ মতে এই কাৰ্যৰ উদ্দেশ্য আছিল কয়দীসকলক আধ্যাত্মিক শুচি অনুভৱ কৰোৱা তথা তেওঁলোকৰ মানসিক স্বাস্থ্য উন্নত কৰা। 

আনহাতে এজন কয়দীয়ে এই সন্দৰ্ভত কয়, 'আমি ভাগ্যৱান যে আমি মা গংগাৰ জলেৰে পৱিত্ৰ স্নান কৰিব পাৰিলোঁ।'

উল্লেখ্য যে আজি মহা কুম্ভমেলাৰ সামৰণি পৰে। ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল মহা কুম্ভমেলা। প্ৰচণ্ড শীতকো নেওচি ঠাণ্ডাত কঁপি কঁপি পৱিত্ৰ কুম্ভস্নান কৰিলে কোটি কোটি ভক্তই। প্ৰথমদিনাই কুম্ভমেলাত স্নান কৰিছিল ৫০ লাখ ভক্তই। ৪৫ দিনীয়া এই কুম্ভমেলাৰ সময়ত প্ৰায় ৬৫ কোটি ভক্ত প্ৰয়াগৰাজত সমবেত হয়। দেশী ভক্তৰ লগতে বৃহৎ পৰিমাণে বিদেশী ভক্তৰো আগমন ঘটিল মহা কুম্ভমেলাত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ