--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবেক অগ্নিহোত্ৰীৰ এতিয়া পৰৱৰ্তী ছিনেমাখনৰ বাবে কংগনা ৰাণাৱট তেওঁৰ প্ৰথম পছন্দ হ’ব নেকি? কাশ্মীৰ ফাইলছৰ অভূতপূৰ্ব সফলতাৰ পাছত, পৰিচালক বিবেক অগ্নিহোত্ৰী এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, কিয়নো ছবিখনে এতিয়া সমগ্ৰ দেশতে এক আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ছবিখন ইতিমধ্যে বহু ঠাইত কৰমুক্ত কৰা হৈছে। অসমত চৰকাৰী কৰ্মচাৰীসকলক চিনেমা খন চাবলৈ অৰ্ধ ছুটী দিয়া হৈছে। আনহাতে ছবিখনৰ পৰিচালক বিবেকে এদিনৰ বাবেও ছুটি ল’বলৈ অনিচ্ছুক প্ৰকাশ কৰিছ। তেওঁ ইতিমধ্যে পৰৱৰ্তী চলচ্চিত্ৰখনত কাম কৰা আৰম্ভ কৰিছে। পৰিচালকজনে বিচাৰে যে কংগনা ৰাণাৱটে তেওঁৰ আহিবলগীয়া ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব। বিবেক অগ্নিহোত্ৰীৰ ঘনিষ্ঠ সূত্ৰ অনুসৰি, তেওঁ ইতিমধ্যে কংগনা ৰাণাৱটৰ সৈতে কথা পাতিছে। অভিনেত্ৰীগৰাকীয়েও তেওঁৰ সৈতে কাম কৰিব বিচাৰে। জানিব পৰা গৈছে যে অভিনেতা আৰু পৰিচালকৰ মাজত আদৰ্শগত সাদৃশ্য থকাৰ বাবে পৰ্যাপ্ত সৌহাৰ্দ্য আছে। যদি সকলো ঠিকে থাকে, তেওঁলোকে অহা মাহত পৰৱৰ্তী চলচ্চিত্ৰখন ঘোষণা কৰিব। দ্য কাশ্মীৰ ফাইলছ মুক্তিৰ পাছত, কংগনাই ছবিখনৰ প্ৰশংসাও কৰিছিল। বিবেক অগ্নিহোত্ৰীৰ দ্য কাশ্মীৰ ফাইলছ বৰ্তমান সফলতাৰ শীৰ্ষত আছে। মুক্তিৰ সাত দিনৰ ভিতৰত, ছবিখনে ৱ’ৰ্ল্ড ৱাইড বক্স অফিচত ১০৬.৮০ কোটি টকাৰ ব্যৱসায় কৰিছে। ছবিখনে কেৱল ভাৰতৰ বক্স অফিচত ইয়াৰ প্ৰথম সপ্তাহত ৯৭.৩০ কোটি টকা উপাৰ্জন কৰিছে। কাশ্মীৰ ফাইলছক দৰ্শকৰ সঁহাৰি দেখি ছবিখনৰ প্ৰদৰ্শন দ্বিতীয় সপ্তাহলৈ বৃদ্ধি কৰা হৈছে। বাতৰি অনুসৰি, অনুপম খেৰ অভিনীত ছবিখন দ্বিতীয় সপ্তাহত মুঠ ৪,০০০খন পৰ্দাত প্ৰদৰ্শিত হৈছে। চলচ্চিত্ৰ বিশেষজ্ঞসকলে দাবী কৰিছে যে অনুপম খেৰে ছবিখনত এক সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কাশ্মীৰ ফাইলৰ বাবে প্ৰশংসা কৰিছে। তেওঁৰ মতে, ‘সকলোৱে এই ছবিখন চোৱা উচিত। দেশত এনে ধৰণৰ আৰু ছবি নিৰ্মাণ কৰিব লাগে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক