--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবেক অগ্নিহোত্ৰীৰ এতিয়া পৰৱৰ্তী ছিনেমাখনৰ বাবে কংগনা ৰাণাৱট তেওঁৰ প্ৰথম পছন্দ হ’ব নেকি? কাশ্মীৰ ফাইলছৰ অভূতপূৰ্ব সফলতাৰ পাছত, পৰিচালক বিবেক অগ্নিহোত্ৰী এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, কিয়নো ছবিখনে এতিয়া সমগ্ৰ দেশতে এক আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ছবিখন ইতিমধ্যে বহু ঠাইত কৰমুক্ত কৰা হৈছে। অসমত চৰকাৰী কৰ্মচাৰীসকলক চিনেমা খন চাবলৈ অৰ্ধ ছুটী দিয়া হৈছে। আনহাতে ছবিখনৰ পৰিচালক বিবেকে এদিনৰ বাবেও ছুটি ল’বলৈ অনিচ্ছুক প্ৰকাশ কৰিছ। তেওঁ ইতিমধ্যে পৰৱৰ্তী চলচ্চিত্ৰখনত কাম কৰা আৰম্ভ কৰিছে। পৰিচালকজনে বিচাৰে যে কংগনা ৰাণাৱটে তেওঁৰ আহিবলগীয়া ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব। বিবেক অগ্নিহোত্ৰীৰ ঘনিষ্ঠ সূত্ৰ অনুসৰি, তেওঁ ইতিমধ্যে কংগনা ৰাণাৱটৰ সৈতে কথা পাতিছে। অভিনেত্ৰীগৰাকীয়েও তেওঁৰ সৈতে কাম কৰিব বিচাৰে। জানিব পৰা গৈছে যে অভিনেতা আৰু পৰিচালকৰ মাজত আদৰ্শগত সাদৃশ্য থকাৰ বাবে পৰ্যাপ্ত সৌহাৰ্দ্য আছে। যদি সকলো ঠিকে থাকে, তেওঁলোকে অহা মাহত পৰৱৰ্তী চলচ্চিত্ৰখন ঘোষণা কৰিব। দ্য কাশ্মীৰ ফাইলছ মুক্তিৰ পাছত, কংগনাই ছবিখনৰ প্ৰশংসাও কৰিছিল। বিবেক অগ্নিহোত্ৰীৰ দ্য কাশ্মীৰ ফাইলছ বৰ্তমান সফলতাৰ শীৰ্ষত আছে। মুক্তিৰ সাত দিনৰ ভিতৰত, ছবিখনে ৱ’ৰ্ল্ড ৱাইড বক্স অফিচত ১০৬.৮০ কোটি টকাৰ ব্যৱসায় কৰিছে। ছবিখনে কেৱল ভাৰতৰ বক্স অফিচত ইয়াৰ প্ৰথম সপ্তাহত ৯৭.৩০ কোটি টকা উপাৰ্জন কৰিছে। কাশ্মীৰ ফাইলছক দৰ্শকৰ সঁহাৰি দেখি ছবিখনৰ প্ৰদৰ্শন দ্বিতীয় সপ্তাহলৈ বৃদ্ধি কৰা হৈছে। বাতৰি অনুসৰি, অনুপম খেৰ অভিনীত ছবিখন দ্বিতীয় সপ্তাহত মুঠ ৪,০০০খন পৰ্দাত প্ৰদৰ্শিত হৈছে। চলচ্চিত্ৰ বিশেষজ্ঞসকলে দাবী কৰিছে যে অনুপম খেৰে ছবিখনত এক সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কাশ্মীৰ ফাইলৰ বাবে প্ৰশংসা কৰিছে। তেওঁৰ মতে, ‘সকলোৱে এই ছবিখন চোৱা উচিত। দেশত এনে ধৰণৰ আৰু ছবি নিৰ্মাণ কৰিব লাগে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু