--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশপ্ৰেমৰ পাঠ শিকোৱা বিজেপিৰ আভ্যন্তৰত প্ৰকৃততে কি চলে? আনক দেশপ্ৰেমৰ পাঠ পঢ়াই দলীয় ৰাজনীতিৰ স্বাৰ্থত বিজেপিৰ আভ্যন্তৰত চলে নেকি দেশ বিৰোধী কৰ্মকাণ্ডৰ কুচকাৱাজ! শেহতীয়া দুই বিশেষ ঘটনাই এই প্ৰশ্ন তীব্ৰৰূপত উত্থাপিত হৈছে বিজেপিৰ বিৰুদ্ধে। কিছুদিন পূৰ্বে দেশ কঁপাই যোৱা উদয়পুৰ হত্যাকাণ্ডৰ দুই হত্যাকাৰীৰ মাজৰ অন্যতম ৰিয়াজ আখটাৰীৰ বিজেপিৰ সৈতে থকা সৌহাদ্যপূৰ্ণ সম্পৰ্কৰ কথা ফাদিল কৰিছিল এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ প্ৰতিষ্ঠানে। সংবাদ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা অনুসন্ধানমূলক প্ৰতিবেদনে সমগ্ৰ দেশৰ ৰাজনীতিত তোলপাৰ লগাইছিল। এই প্ৰতিবেদনটোৰ আধাৰত বিজেপিয়ে ৰাজনৈতিক স্বাৰ্থত দুই মুছলমান ধৰ্মাৱলম্বী হত্যাকাৰীৰ দ্বাৰা উদয়পুৰ হত্যাকাণ্ড সংঘটিত কৰাইছিল বুলি অভিযোগ উত্থাপিত হৈছিল। এইবাৰ আন এক ঘটনাই সমগ্ৰ দেশতে বিজেপি দল তথা চৰকাৰৰ বিৰুদ্ধে আন এক অভিযোগ সন্মুখলৈ আনিছে।

দেওবাৰে পুৱা জম্মু-কাশ্মীৰৰ ৰিয়াচি অঞ্চলত গাওঁবাসীয়ে বন্দী কৰিছিল। দুয়োগৰাকী সদস্যৰ পৰা দুটা একে ৰাইফল, কেইবাটাও গ্ৰেনেড আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছিল। গাঁওবাসীয়ে পিছত তেওঁলোকক আৰক্ষীৰ হাতত গতাই দিছিল। ধৃত দুই সন্ত্ৰাসবাদীৰ এজনক লস্কৰ-ই-তৈবাৰ ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী তালিব হুছেইন শ্বাহ বুলি চিনাক্ত কৰা হৈছিল। পিছে এই ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীজনৰ আন এক পৰিচয়ে সম্প্ৰতি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ধৃত তালিব হুছেইন শ্বাহ শাসনাধিষ্ঠ বিজেপি দলৰ এজন সক্ৰিয় সদস্য বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ সংবাদ মাধ্যম এন ডি টিভিয়ে এই তথ্য প্ৰকাশ কৰিছে। এন ডি টিভি- ত প্ৰকাশিত খবৰ অনুসৰি তালিব হুছেইন শ্বাহ নামৰ এই এল-ই-টি সন্ত্ৰাসবাদীজন জম্মুত বিজেপিৰ সংখ্যালঘু মৰ্চা ছ’চিয়েল মিডিয়াৰ দায়িত্বত আছিল। উল্লেখ্য যে শ্বাহ আৰু তেওঁৰ সতীৰ্থজনক গাওঁবাসীয়ে আটক কৰাৰ কিছু সময়ৰ পিছতে জম্মু-কাশ্মীৰৰ বিজেপি সভাপতি ৰবীন্দ্ৰ ৰাইনাৰ সৈতে তালিব হুছেইনৰ এখন ফটো ছচিয়েল মিডিয়াত প্ৰকাশ পাইছিল।

ইয়াৰ পিছতে প্ৰকাশ পোৱা আন কেইখনমান ফটোত তালিব হুছেইনক বিজেপিৰ আন কেইজনমান নেতাৰ সৈতেও দেখিবলৈ পোৱা যায়। তদুপৰি তালিবে বিজেপিৰ দলীয় পতাকা গাত আঁৰি লোৱা এখন ফটোও ভাইৰেল হৈ পৰে। যোৱা ৯ মে’ত বিজেপিয়ে শ্বাহক জম্মু প্ৰদেশত দলৰ তথ্য প্ৰযুক্তি আৰু ছ’চিয়েল মিডিয়াৰ দায়িত্বত নিযুক্তি দিছিল বুলি জানিব পৰা গৈছে। এইদৰে সামাজিক মাধ্যমত তালিবৰ ফটোসমূহ ভাইৰেল পৰাৰ পিছতে তীব্ৰ অস্বস্তিত পৰে শাসকীয় দল বিজেপি। 

এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জম্মু-কাশ্মীৰৰ বিজেপিৰ মুখপাত্ৰ অভিজিত জাচৰোটিয়াই কয়, “দলত যোগদান কৰা প্ৰতিজন ব্যক্তিৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰাটো অতি কঠিন। দলৰ প্ৰতিজন নতুন প্ৰৱেশকাৰীৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰাটো ব্যৱহাৰিকভাৱে সম্ভৱ নহয়।” ইফালে, জম্মু-কাশ্মীৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি শ্বেখ বছিৰে দাবী কৰে যে তালিব হুছেইনে দুমাহ পূৰ্বে দলৰ পৰা পদত্যাগ কৰাৰ লগতে আইটি চেলৰ ভাৰপ্ৰাপ্ত পদৰ পৰাও পদত্যাগ কৰিছিল।শ্বেখ বছিৰে লগতে কয় যে তালিব হুছেইনে এটা বাতৰি পৰ্টেল চলাই আছিল আৰু সেয়েহে তেওঁক দলত আইটি চেল ইন চাৰ্জ হিচাপে নিযুক্তি দিয়া হৈছিল। তালিবৰ আঁৰৰ ৰহস্যৰ বিষয়ে অৱগত নাছিল বুলি বছিৰে দাবী কৰে।

সংবাদ প্ৰতিষ্ঠানটোৰ এই প্ৰতিবেদন প্ৰকাশৰ পিছতে দেশৰ আন আন সংবাদ মাধ্যমতো এই বাতৰি প্ৰকাশ পায়। ইয়াৰ পিছতে এই তথ্য সমূহৰ আধাৰত বিজেপিক কঠোৰ ভাষাৰে আক্ৰমণ কৰে বিৰোধী দলসমূহে। কিন্তু ইয়াৰ পিছতো বিজেপিয়ে এই খবৰ অস্বীকাৰ কৰিছে আৰু তালিবৰ সৈতে দলৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰিছে। প্ৰকাশিত খবৰ অনুসৰি তালিব হুছেইন জম্মু প্ৰদেশত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ অন্যতম প্ৰধান ষড়যন্ত্ৰকাৰী আছিল। তদুপৰি এইবাৰৰ অমৰনাথ যাত্ৰাত তালিবে আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল বুলিও জানিব পৰা গৈছে।

বিজেপিয়ে অস্বীকাৰ কৰিলেও স্বাভাৱিকতেই এই সকলো তথ্য আৰু প্ৰতিবেদনে তালিব হুছেইন বিজেপিৰ এগৰাকী শীৰ্ষ দায়িত্বত থকা নেতা বুলি স্পষ্ট প্ৰমাণ দিছে। জম্মু-কাশ্মীৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি শ্বেখ বছিৰে তালিব হুছেইনে দুমাহ পূৰ্বে দলৰ পৰা পদত্যাগ কৰিছে বুলি দাবী কৰিলেও প্ৰকাশিত প্ৰতিবেদনত তালিবে ৯ মে’তহে আই টি চেলৰ মুৰব্বী পদত অধিষ্ঠিত হোৱা বুলি প্ৰকাশ পাইছে। এনে অৱস্থাত শ্বেখ বছিৰৰ দাবী বিভ্ৰান্তিকৰ বুলি অভিযোগ উঠিছে।

আনহাতে তালিবৰ শাসকীয় বিজেপি দলৰ সৈতে এই সম্পৰ্কৰ পাছতেই উদয়পুৰ হত্যাকাণ্ডৰ অন্যতম হত্যাকাৰী ৰিয়াজৰ দৰেই তালিবকো বিজেপিয়ে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে। হিন্দুত্ববাদী ধাৰণাৰে চালিত বিজেপিয়ে ইতিপূৰ্বে ভাৰতক হিন্দুৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰি থৈছে। বিজেপিৰ এই হিন্দুৰাষ্ট্ৰৰ স্বপ্ন পূৰণৰ বাবে দেশৰ সৰ্বস্তৰৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ মনত হিন্দুত্ববাদী ধাৰণা সোমোৱাই দিয়াটো অত্যন্ত প্ৰয়োজনীয়। এই উদ্দেশ্য পূৰণৰ বাবেই এনেদৰে মুছলমান ধৰ্মী লোকৰ অপৰাধমূলক কাৰ্যৰ প্ৰচাৰ কৰাটোত বিজেপিয়ে গুৰুত্ব দি আহিছে। ইয়াৰ দ্বাৰা প্ৰত্যক্ষভাৱে হিন্দু ধৰ্মাৱলম্বী লোকৰ মনত মুছলমান বিদ্বেষ জন্ম হোৱাৰ সম্ভাৱনা থাকে আৰু বিজেপিকে ধৰি হিন্দুত্ববাদী গোটসমূহে এই সুযোগ ভালদৰেই গ্ৰহণ কৰে। 

এনে সু্যোগ সৃষ্টিৰ বাবেই তালিবক ব্যৱহাৰ কৰি হিন্দুত্ববাদী গোট সমূহে কূটাঘাতমূলক কাণ্ড সংঘটিত কৰাইছে বুলি সন্দেহৰ উকমুকনি হৈছে। বিশেষকৈ বিজেপিৰ সৈতে তাহিৰৰ ঘনিষ্ঠতাৰ স্পষ্ট প্ৰমাণ থকা প্ৰকাশিত ফটোসমূহে এই সন্দেহক অধিক ঘণীভূত কৰি তুলিছে। ইয়াৰ পূৰ্বেও সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰাৰ সম্ভাৱনা থকা কিছু কাৰ্যত বিজেপিৰ সদস্যই মুছলমান ধৰ্মী লোকৰ বেশত জড়িত হোৱাৰ প্ৰমাণ পোৱা গৈছিল। উদয়পুৰৰ নৃশংস হত্যাকাণ্ড সন্দৰ্ভত ইণ্ডিয়া টুডেই প্ৰকাশ কৰা অনুসন্ধানমূলক প্ৰতিবেদনৰ পাছত এই ঘটনাতো এনে ষড়যন্ত্ৰ নিহিত থকাৰ সন্দেহ বৃদ্ধি পাইছিল। 

আনহাতে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ক্ষেত্ৰটো বিজেপিৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ আছে। ২০১৯ চনৰ ১৪ ফ্ৰেব্ৰুৱাৰীত পুলৱামাত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত বিজেপিৰ ষড়যন্ত্ৰ আছিল বুলি দেশৰ বিৰোধী দলসমূহে অভিযোগ কৰিছিল। আনহাতে ২০২০ চনৰ জানুৱাৰীত তদন্তকাৰী সংস্থা নিয়াই সন্ত্ৰাসবাদীক সহায়ৰ অভিযোগত গ্ৰেপ্তাৰ কৰা কাশ্মীৰৰ উপ আৰক্ষী অধীক্ষক দেবিন্দৰ সিঙৰ ওপৰত বিজেপিৰ সহায়ৰ হাত আছিল বুলিও অভিযোগ উত্থাপন হৈছিল। 

কেইজনমান সন্ত্ৰাসবাদী সদস্যক নিজ গাড়ীত বহুৱাই দিল্লী অভিমুখে যোৱাৰ সময়ত আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ কৰা হৈছিল। উক্ত সন্ত্ৰাসবাদীকেইজনে দিল্লীত কূটাঘাতৰ পৰিকল্পনা কৰিছিল বুলিও পিছত প্ৰকাশিত হৈছিল। নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে বিজেপিয়ে এই ষড়যন্ত্ৰত দেবিন্দৰ সিঙক সহায় কৰিছিল বুলি বিজেপিয়ে অভিযোগ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ