--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ১ জুলাইৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া টেষ্টৰ বাবে অনুশীলনত ব্যস্ত আছে ভাৰতীয় দল। ইংলেণ্ডৰ বিৰুদ্ধে যোৱা বৰ্ষৰ অৰ্ধসমাপ্ত টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টৰ বাবে ইতিমধ্যে ৰবিচন্দ্ৰন অশ্বিনক বাদ দি আটাইকেইজন খেলুৱৈ উপস্থিত হৈছে। এজবাষ্টনত অনুষ্ঠিত হ'বলগীয়া টেষ্টখনৰ পূৰ্বে ভাৰতে লিচেষ্টাৰশায়াৰত এখন প্ৰস্তুতি মেচত ভাগ ল'ব। সেয়ে বৰ্তমান লিচেষ্টাৰশায়াৰতে অনুশীলন চলাই আছে ভাৰতীয় দলটোৱে।

অনুশীলনত ব্যস্ত থকা ভাৰতীয় ক্ৰিকেটাৰসকলৰ আজি মনোবল বৃদ্ধি কৰি দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে লিচেষ্টাৰশায়াৰত দলৰ সৈতে যোগ হয়। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘৰুৱা শৃংখলা সামৰি কালি বাংগালুৰুৰ পৰা ইংলেণ্ডলৈ ৰাওনা হৈছিল দ্ৰাবিড়। দ্ৰাবিড়ৰ লগতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত দলক নেতৃত্ব দিয়া উইকেটকিপাৰ পণ্ট আৰু আয়াৰো ভাৰতীয় দলত আজি যোগদান কৰে। 

আজি বিচিচিআই- এ শ্বেয়াৰ কৰা এটা টুইটত ৰাহুল দ্ৰাবিড়ক দলৰ খেলুৱৈসকলৰ সৈতে বাৰ্তালাপ কৰি থকা দেখিবলৈ পোৱা গৈছে। ৰাহুল দ্ৰাবিড়ে ভাৰতীয় শিবিৰত যোগদান কৰাৰ পূৰ্বে বলিং প্ৰশিক্ষক পাৰস মাম্ব্ৰে আৰু বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথৌৰে অনুশীলনত ভাৰতীয় দলটোক সহায় আগবঢ়াইছিল। 

উল্লেখ্য যে ইতিপূৰ্বে ১৬ জুনতে  বিৰাট কোহলী, ৰবীন্দ্ৰ জাদেজা, চেতেশ্বৰ পূজাৰা আৰু শাৰ্দুল ঠাকুৰকে ধৰি টেষ্ট দলটোৰ নিয়মীয়া খেলুৱৈসকল ইংলেণ্ডলৈ ৰাওনা হৈছিল। ১৬ জুনত মুম্বাইৰ পৰা কোহলীৰ নেতৃত্বত দলটো ৰাওনা হোৱাৰ পিছদিনা অধিনায়ক ৰোহিত শৰ্মা ইংলেণ্ডলৈ উৰা মাৰিছিল।

ইংলেণ্ডত উপস্থিত হোৱাৰ পাছত ভাৰতীয় দলে প্ৰথমে লণ্ডনত প্ৰশিক্ষণ আৰম্ভ কৰিছিল যদিও সোমবাৰে লিচেষ্টাৰশায়াৰত অনুশীলনৰ বাবে উপস্থিত হৈছিল। ১ জুলাইৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে অৰ্ধসমাপ্ত চিৰিজৰ অন্তিমখন টেষ্টত অৱতীৰ্ণ হোৱাৰ পূৰ্বে ভাৰতে ২৪ জুনৰ পৰা লিচেষ্টাৰশায়াৰ কাউণ্টি দলৰ সৈতে ৪ দিনীয়া অনুশীলন মেচত ভাগ ল’ব।

উল্লেখ্য যে চলিত বছৰৰ আৰম্ভণিতে দক্ষিণ আফ্ৰিকাত হতাশাজনক পৰাজয়ৰ পিছত টেষ্ট ক্ৰিকেটত দ্ৰাবিড়ৰ বিদেশত এইয়া দ্বিতীয় শৃংখলা হ’ব। তদুপৰি যোৱা বৰ্ষত শৃংখলাটোৰ সময়ত ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্বত আছিল ৰবি শাস্ত্ৰী। 

ক’ভিডৰ বাবে অন্তিম টেষ্ট স্থগিত ৰখাৰ আগলৈকে ভাৰতে শৃংখলাত ২-০ ৰ অগ্ৰগতি লাভ কৰিছিল। এনে অৱস্থাত দ্ৰাবিড়ৰ ওপৰত অগ্ৰগতি ধৰি ৰখাৰ বাবে যথেষ্টখিনি চাপ থাকিব। দেওবাৰে মেচখনৰ সন্দৰ্ভত দ্ৰাবিড়ে টেষ্টখন এইটো নিশ্চিতভাৱে ৰোমাঞ্চকৰ হ'ব বুলি মন্তব্য কৰিছিল। শৃংখলাটো জিকিবলৈ আৰু ভাল প্ৰদৰ্শনৰ চেষ্টা কৰিবলৈ দলৰ খেলুৱৈসকল অতি আগ্ৰহী বুলিও তেওঁ লগতে উল্লেখ কৰিছিল।

অৱশ্যে দ্ৰাবিড়ৰ এই আশা ইমান সহজ নহ’ব। সম্প্ৰতি ইংলেণ্ডে টেষ্টত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছে।  নতুন অধিনায়ক বেন ষ্টোকছ আৰু মুখ্য প্ৰশিক্ষক ব্ৰেণ্ডন মেককুলামৰ অধীনত দলটোৱে এক আক্ৰমণাত্মক মানসিকতাৰে খেলপথাৰত অৱতীৰ্ণ হৈছে। শেহতীয়াকৈ নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ টেষ্ট শৃংখলাত ইংলেণ্ড ২-০ ব্যৱধানত আগবাঢ়ি আছে। গতিকে ঘৰুৱা পৰিৱেশত ভাৰতৰ বিৰুদ্ধে নিশ্চিতভাৱে শৃংখলা নেহেৰুৱাৰ লক্ষ্যৰে খেলপথাৰত নামিব ইংলেণ্ড।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ