--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বব্ৰহ্মাণ্ডৰ ন-ন তথ্য উদঘাটনেৰে বিজ্ঞানৰ জয়যাত্ৰাত সদায়ে ব্ৰতী হৈ আহিছে বিজ্ঞানীসকল। আমি বাস কৰা পৃথিৱীখনৰ আদিম ৰূপটোনো কেনে আছিল বা কিদৰে এই গ্ৰহটো মানুহ তথা অন্য জীৱৰ বসবাসৰ যোগ্য হৈ পৰিছিল, সেই প্ৰশ্নসমূহে মানুহৰ মনত সদায়ে এক ক্ৰিয়া কৰি থাকে। আৰু মানুহৰ মনত উদয় হোৱা এনেবোৰ প্ৰশ্নৰ উত্তৰৰ সন্ধানত বিজ্ঞানীসকলে অহৰহ চলাই আছে গৱেষণা। এই গৱেষণাৰে অংশ হিচাপে শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ কাৰ্টিন বিশ্ববিদ্যালয়ৰ এটি গৱেষকৰ দলে লাভ কৰিছে চমকপ্ৰদ সাফল্য। বিশ্ববিদ্যালয়খনৰ গৱেষক দলটোৱে দক্ষিণ অষ্ট্ৰেলিয়াৰ ভূপৃষ্ঠৰ তলত উদ্ধাৰ কৰিছে ৪ বিলিয়ন বছৰ পুৰণি ভূত্বকৰ টুকুৰা।

সাধাৰণতে ভূ-বিজ্ঞানী সকলে ভূপৃষ্ঠৰ তলত কি আছে সেয়া জানিবলৈ খনন নকৰাকৈও আন কিছু বিভিন্ন সংকেত ব্যৱহাৰ কৰিব পাৰে। সাগৰৰ পাৰত পোৱা খনিজ পদাৰ্থত মানুহৰ চুলিতকৈ পাতল চুপাৰ-ফাইন লেজাৰ নিক্ষেপ কৰি সন্ধান চলায় গৱেষক সকলে। এই কৌশল ব্যৱহাৰ কৰিয়ে কাৰ্টিন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে পৃথিৱীৰ ভূত্বকৰ ৪ বিলিয়ন বছৰ পুৰণি টুকুৰাটো চিনাক্ত কৰিছে। 

এই আৱিষ্কাৰে পৃথিৱীখন কিদৰে জীৱৰ বসবাসৰ অযোগ্যৰ পৰা সহাৱস্থানৰ এক পাৰিপাৰ্শ্বিক পৰিস্থিতি গঢ়ি তুলিছিল, তাৰ এক সংকেত প্ৰদান কৰিবলৈ সক্ষম হ'ব পাৰে। গৱেষকসকলে ভূত্বকৰ বিশাল বিস্তাৰে শিলৰ গঠনত যথেষ্ট প্ৰভাৱ পেলাইছিল বুলি ধাৰণা কৰিছে। এই গৱেষণা প্ৰতিবেদনটো কিছু দিন পূৰ্বে টেৰা নোভা আলোচনীত প্ৰকাশিত হৈছে। কাৰ্টিন বিশ্ববিদ্যালয়ৰ ভূবিজ্ঞানৰ পিএইচডি শিক্ষাৰ্থী আৰু এই গৱেষণা প্ৰতিবেদনটোৰ মুখ্য লেখক মেক্সিমিলিয়ান ড্ৰৱেলনাৰে কয় যে এই গৱেষণাৰ ফলাফলবোৰ পূৰ্বে লাভ কৰা তথ্যৰ সৈতে তুলনা কৰোঁতে পৃথিৱীৰ বহুতো অঞ্চলত প্ৰাৰম্ভিক ভূত্বক গঠন আৰু সংৰক্ষণৰ একেই সময় দেখিবলৈ পোৱা যায়।

এই ভূত্বকৰ প্ৰকাৰটোৱে প্ৰায় ৪ বিলিয়ন বছৰ পূৰ্বে পৃথিৱীৰ বিৱৰ্তনত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ আভাস দিছে। বিজ্ঞানীসকলৰ গৱেষণা অনুসৰি সেই সময়তে উল্কাপিণ্ডৰ বিস্ফোৰণ হ্ৰাস পাইছিল আৰু  ভূত্বক স্থিৰ হৈছিল। লগতে পৃথিৱীত জীৱৰ বসবাসৰ উপযোগী পাৰিপাৰ্শ্বিক অৱস্থা এই সময়ৰ পৰাই গঢ় ল'বলৈ আৰম্ভ কৰিছিল বুলি বিজ্ঞানীসকলে সদৰি কৰিছিল।

গৱেষণাৰ বাবে পশ্চিম অষ্ট্ৰেলিয়াৰ নদী আৰু সমুদ্ৰ তীৰৰ বালি নমুনা হিচাপে গ্ৰহণ কৰা হৈছিল। গৱেষণাৰ দ্বাৰা এই অঞ্চলটোত ভূপৃষ্ঠৰ তলত থকা স্ফটিক আধাৰৰ বিষয়ে এক নিৰ্দিষ্ট তথ্য প্ৰদান কৰিছিল আৰু সময়ৰ লগে লগে অঞ্চলটোৰ ভূ-বিজ্ঞান কেনেদৰে গঢ় লৈ উঠিছিল তাৰ ধাৰণা লাভ কৰাৰ ক্ষেত্ৰত গৱেষক সকলক উপকৃত কৰিছিল। লগতে বিজ্ঞানীসকলক ভূপৃষ্ঠৰ তলত থকা অন্য উপাদানসমূহ বৰ্তমান অৱস্থাত কেনেদৰে আছে আৰু কেনেদৰ বিকশিত হ'ব পাৰে, সেয়া নিৰ্ধাৰণ কৰাত সহায় কৰিব বুলিও অনুমান কৰা হৈছে।

কাৰ্টিন বিশ্ববিদ্যালয়ৰ গৱেষণা চুপাৰভাইজাৰ ভূবিজ্ঞানী মিলো বাৰহামৰ ভাষ্য অনুসৰি প্ৰাচীন ভূত্বকৰ টুকুৰাটোৰ কাষটোৱে এক গুৰুত্বপূৰ্ণ ভূত্বকীয় সীমা নিৰ্ধাৰণ কৰা দেখা যায়, য'ত অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ পোৱাৰ সম্ভাৱনা লক্ষ্য কৰা হয়। অনুকূলিত বহনক্ষম সম্পদ অন্বেষণৰ ভৱিষ্যতৰ বাবে এই প্ৰাচীন ভূত্বকীয় অৱশিষ্টবোৰ চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ বুলি বাৰহামে মত পোষণ কৰে।

ইয়াৰ উপৰিও গৱেষণাটোত বৰ্ণনা কৰা অধ্যয়নৰ ফলাফলে বিশ্বব্ৰহ্মাণ্ডৰ অন্য গ্ৰহসমূহৰ ওপৰত গৱেষণা কৰি থকা বিজ্ঞানীসকলক এই গ্ৰহবোৰ কেনেদৰে গঠন হয়, গ্ৰহবোৰৰ প্ৰাচীনতম ভূত্বকৰ কেনেদৰে আকাৰ দিয়া হয়, আনকি সেই গ্ৰহবোৰৰ ওপৰত কেনেদৰে ভৱিষ্যতে জীৱৰ বাসোপযোগী অৱস্থা গ্ৰহ ল'ব পাৰে সেই সম্পৰ্কে ধাৰণা কৰাটো সহায় কৰিব পাৰে বুলিও বিজ্ঞানী গৰাকীয়ে লগতে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ