--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজ্ঞানকেন্দ্ৰিক কথাবোৰ ৰোমাঞ্চকৰ হোৱাৰ লগতে কৌতুহলপূৰ্ণও। এই অন্তহীন কৌতুহলৰ কাৰণো কিন্তু বিজ্ঞানৰ আকৰ্ষণ। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দিনত নিত্য-নতুন উদ্ভাৱনৰ খবৰ পোহৰলৈ আহে। এইবাৰ পুনৰ আলোচনাৰ আওতালৈ আহিছে মহাকাশৰ প্ৰসংগ। মহাকাশৰ প্ৰতি মানুহৰ কৌতুহলৰ অন্ত নাই। অন্ত নাই অধ্যৱসায়ৰো। বিভিন্ন আৱিষ্কাৰৰ জৰিয়তে মহাকাশৰ প্ৰতিটো স্তৰতে নতুনৰ উকমুকনি থকা দেখিবলৈ পোৱা যায়। খোল খাইছে ৰহস্যৰ নতুন নতুন খিৰিকী। আৰু এই অজ্ঞাত খিৰিকীৰ মাজেৰে আহিছে পোহৰৰ স্ৰোত।

মহাকাশত সম্ভেদ লাভ কৰা সামগ্ৰীবিধৰ নাম পেগাছাছ ভি। শেহতীয়াকৈ, জ্যোতিৰ্বিজ্ঞানীসকলে ইয়াৰ সম্ভেদ লাভ কৰিছে। ই এক প্ৰকাৰৰ বামন তাৰকাৰাজ্য। ইয়াত হাইড্ৰজেন বা হিলিয়ামতকৈ গধুৰ পদাৰ্থ একোৱেই নাই। সকলো চিন দেখাৰ পিছত বিজ্ঞানীসকলে বিশ্বাস কৰিবলৈ লৈছে যে, ই এখন প্ৰাচীন তাৰকাৰাজ্যৰ অৱশিষ্ট, মৃত তাৰকাৰাজ্য। অথবা হ’ব পাৰে জীৱাশ্মৰ তাৰকাৰাজ্য৷ যিটো মহাকাশ বিজ্ঞানত এক অতি নতুন ধৰণৰ আৱিষ্কাৰ হিচাপে আলোচিত হৈছে।

তাৰকাৰাজ্যবোৰ কেনেকৈ গঢ় লৈ উঠিছিল? এই আৱিষ্কাৰে তাৰে সম্ভেদ দিব বুলি প্ৰকাশ পাইছে। জীৱাশ্ম-তাৰকাৰাজ্যসমূহৰ বিশ্লেষণে মহাকাশ বিজ্ঞানক বহু দিশত সমৃদ্ধ কৰিব বুলিও আশাবাদী বিজ্ঞানীসকল। জীৱাশ্ম তাৰকাৰাজ্যৰ আৱিষ্কাৰ কৰা বিজ্ঞানীসকলৰ মুৰব্বী এমিলি চাৰ্লছে কয় যে, এনে মৃত তাৰকাৰাজ্যৰ সৈতে কাম কৰাৰ ডাঙৰ সমস্যাটো হ’ল ইয়াত প্ৰায়ে উজ্জ্বল তৰা নাথাকে। ফলত সেইবোৰ চিনি পোৱা আৰু পৰীক্ষা কৰাটো কঠিন হৈ পৰে। কিন্তু তেওঁলোকৰ পৰিচয়ৰ ক্ষেত্ৰত দেখা গৈছে যে এই সকলোবোৰ তাৰকাৰাজ্যৰ ‘নক্ষত্ৰীয় জনসংখ্যা’ অতি প্ৰাচীন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ