--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ কে এল ৰাহুলৰ অনুৰাগীৰ বাবে ভাল খবৰ। এক প্ৰতিবেদন অনুসৰি ২০২৩ চনৰ এছিয়া কাপৰ বাবে ৰাহুল সম্পূৰ্ণ ফিট হৈ পৰিছে। শীঘ্ৰে টিম ইণ্ডিয়ালৈ ৰাহুল ঘূৰি আহিব পাৰে। ২০২৩ চনৰ আই পি এলৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল ৰাহুল। এই কাৰণতে তেওঁ দীৰ্ঘদিন ধৰি ক্ৰিকেটৰ পৰা আঁতৰি আছে। কিন্তু ৰাহুলে অনুশীলন আৰম্ভ কৰিছে। বেটিঙৰ সমান্তৰালকৈ তেওঁ নেটত উইকেটকিপিঙো কৰি আছে। ৰাহুল ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত আছে আৰু প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে।

‘টাইমছ অৱ ইণ্ডিয়া’ৰ এক খবৰ অনুসৰি ৰাহুল সম্পূৰ্ণ ফিট হৈ পৰিছে। ৰাহুল শীঘ্ৰে টিম ইণ্ডিয়ালৈ ঘূৰি আহিব পাৰে। বিগত কিছুদিন ধৰি ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাহুলে ফিটনেছ আপডেট শ্বেয়াৰ কৰি আহিছে। তেওঁ উইকেটকীপিং আৰু বেটিং দুয়োটাতে মনোনিৱেশ কৰিছে। বাংগালুৰুত অৱস্থিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ কৰ্মচাৰীয়ে ৰাহুলৰ যত্ন লৈছে। তেওঁৰ আৰোগ্যৰ বাবে বহু কাম কৰা হৈছে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাহুলৰ এইসমূহৰ বহু ভিডিঅ’ পোহৰলৈ আহিছে।

উল্লেখ্য যে, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৩ৰ এখন খেলৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল ৰাহুল। ফিল্ডিঙৰ সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল তেওঁ। ইয়াৰ পাছত ৰাহুলে অস্ত্ৰোপচাৰ সম্পন্ন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক