--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ কে এল ৰাহুলৰ অনুৰাগীৰ বাবে ভাল খবৰ। এক প্ৰতিবেদন অনুসৰি ২০২৩ চনৰ এছিয়া কাপৰ বাবে ৰাহুল সম্পূৰ্ণ ফিট হৈ পৰিছে। শীঘ্ৰে টিম ইণ্ডিয়ালৈ ৰাহুল ঘূৰি আহিব পাৰে। ২০২৩ চনৰ আই পি এলৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল ৰাহুল। এই কাৰণতে তেওঁ দীৰ্ঘদিন ধৰি ক্ৰিকেটৰ পৰা আঁতৰি আছে। কিন্তু ৰাহুলে অনুশীলন আৰম্ভ কৰিছে। বেটিঙৰ সমান্তৰালকৈ তেওঁ নেটত উইকেটকিপিঙো কৰি আছে। ৰাহুল ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত আছে আৰু প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে।

‘টাইমছ অৱ ইণ্ডিয়া’ৰ এক খবৰ অনুসৰি ৰাহুল সম্পূৰ্ণ ফিট হৈ পৰিছে। ৰাহুল শীঘ্ৰে টিম ইণ্ডিয়ালৈ ঘূৰি আহিব পাৰে। বিগত কিছুদিন ধৰি ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাহুলে ফিটনেছ আপডেট শ্বেয়াৰ কৰি আহিছে। তেওঁ উইকেটকীপিং আৰু বেটিং দুয়োটাতে মনোনিৱেশ কৰিছে। বাংগালুৰুত অৱস্থিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ কৰ্মচাৰীয়ে ৰাহুলৰ যত্ন লৈছে। তেওঁৰ আৰোগ্যৰ বাবে বহু কাম কৰা হৈছে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাহুলৰ এইসমূহৰ বহু ভিডিঅ’ পোহৰলৈ আহিছে।

উল্লেখ্য যে, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৩ৰ এখন খেলৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল ৰাহুল। ফিল্ডিঙৰ সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল তেওঁ। ইয়াৰ পাছত ৰাহুলে অস্ত্ৰোপচাৰ সম্পন্ন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক