--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অহা ৫ নৱেম্বৰত হিন্দুৰ পৱিত্ৰ তীৰ্থস্থান কেদাৰনাথ দৰ্শনৰ পৰিকল্পনা প্ৰধানমন্ত্ৰীৰ মোদীৰ। কিন্তু প্ৰধানমন্ত্ৰীৰ এই পৰিকল্পনাত আহি পৰিছে অপ্ৰত্যাশিত বাধা। প্ৰধানমন্ত্ৰীৰ কেদাৰনাথ যাত্ৰাৰ বিৰোধিতা কৰিছে খোদ কেদাৰনাথ পুৰোহিত সমাজে। দেশৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণত স্বয়ং পুৰোহিতসকলে বাধা প্ৰদান কৰাক লৈ এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ। দেশৰ হিন্দুত্ববাদী শিবিৰ অন্যতম শীৰ্ষ নেতা বুলি গণ্য কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। সেই মোদীৰে কেদাৰ দৰ্শনৰ পুৰোহিত সমাজে বিৰোধিতা কৰাত হিন্দুত্ববাদী শিবিৰত সৃষ্টি কৰিছে জোকাৰণিৰ। কিন্তু কিয় মোদীৰ সন্মুখত এই অপ্ৰত্যাশিত বাধা?


দৰাচলতে উত্তৰাখণ্ডত বিজেপি চৰকাৰ আৰু ৰাজ্যৰ প্ৰমুখ মঠ-মন্দিৰসমূহৰ পুৰোহিত সমাজৰ মাজত যোৱা বছৰৰ পৰা চলি থকা বিবাদেই ইয়াৰ কাৰণ। ২০২০ চনত ৰাজ্যখনত ত্ৰিবেন্দ্ৰ সিং ৰাৱাতৰ বিজেপি চৰকাৰে গঠন কৰিছিল চাৰধাম দেৱস্থানম বোৰ্ড। ইয়াৰ অন্তৰ্গত চাৰধাম অৰ্থাৎ কেদাৰনাথ, গংগোত্ৰী, যমুনাত্ৰী আৰু বদ্ৰীনাথ দেৱালয়ৰ নিয়ন্ত্ৰণৰ অধিকাৰ নিজৰ হাতলৈ আনিছিল বিজেপি চৰকাৰে। লগতে উত্তৰাখণ্ডৰ অন্যতম প্ৰধান ৫১টা মন্দিৰৰ নিয়ন্ত্ৰণ-ক্ষমতাও ৰাজ্য চৰকাৰে লাভ কৰিছিল।

এই চাৰধাম দেৱস্থানম ব’ৰ্ড গঠনৰ তীব্ৰ বিৰোধিতা যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিল ৰাজ্যখনৰ পুৰোহিত আৰু পাণ্ডা সমাজে। দেৱস্থানম ব’ৰ্ড গঠনৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে দাবী জনাইছিল পুৰোহিতসকলে। যি বিৰোধিতা এতিয়াও অব্যাহত আছে। পুৰোহিতসকলৰ বিৰোধিতা ইমান প্ৰবল হৈছিলগৈ যে পুৰোহিতসকলে প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাৱাটক কেদাৰনাথ দৰ্শন কৰিবই দিয়া নাছিল।

কেদাৰনাথত উত্তৰাখণ্ড বিজেপি অধ্যক্ষৰো তীব্ৰ বিৰোধিতা কৰিছিল। ইফালে, পুষ্কৰ সিং ধামী উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছতে পুৰোহিতসকলৰ আপত্তি দূৰ কৰিবলৈ প্ৰয়াস কৰিছিল। তেওঁ পুৰোহিত আৰু পাণ্ডাসকলৰ আপত্তি সন্দৰ্ভত এখন কমিটী গঠন কৰিছিল আৰু ৩০ অক্টোবৰৰ ভিতৰত সমাধানসূত্ৰ উলিওৱাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ৩০ অক্টোবৰৰ ভিতৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো সিদ্ধান্ত নোলোৱাত প্ৰধানমন্ত্ৰী মোদীৰ কেদাৰনাথ দৰ্শনৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত লয় পুৰোহিত সমাজে। ইফালে, কেদাৰনাথত পুৰোহিত সমাজে প্ৰধানমন্ত্ৰী মোদীৰ দৰ্শনৰ বিৰোধিতা কৰাত সচকিত হৈ পৰে মুখ্যমন্ত্ৰী ধামী। তেওঁ ততাতৈয়াকৈ আজি কেদাৰনাথলৈ গৈ পুৰোহিতসমাজৰ সৈতে আলোচনা কৰে।

আলোচনাৰ অন্তত ধামীয়ে কয় যে, পুৰোহিতসকলৰ সৈতে হোৱা তেওঁৰ আলোচনা যোগাত্মক হৈছে। পুৰোহিতসকলে প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ উৎসুক। কিন্তু মুখ্যমন্ত্ৰীজনৰ বক্তব্যৰ বিপৰীতে পুৰোহিতসকলে এতিয়াও পোনপটীয়াকৈ কোৱা নাই তেওঁলোকে প্ৰধানমন্ত্ৰীৰ দৰ্শনত বিৰোধিতা নকৰে বুলি। গতিকে, অহা ৫ নৱেম্বৰত কেদাৰনাথ দৰ্শনৰ সময়ত মোদী পুৰোহিত সমাজৰ বিৰোধিতাৰ সন্মুখীন হোৱাটোও আচৰিত কথা নহ’ব। জানিব পৰা মতে মুখ্যমন্ত্ৰীৰ বুজনিৰ পাছতো একাংশ পুৰোহিত আকোঁৰগোজ হৈ আছে প্ৰধানমন্ত্ৰীক বিৰোধিতাৰ বাবে। দেৱস্থানম ব’ৰ্ড বাতিল নকৰালৈ বিৰোধিতা অব্যাহত থাকিব বুলি দোহাৰিছে পুৰোহিতসকলে। উল্লেখ্য যে, এইবাৰৰ সৈতে প্ৰধানমন্ত্ৰিত্বৰ কালত চতুৰ্থবাৰৰ বাবে কেদাৰনাথ দৰ্শনলৈ ওলাইছে মোদী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন