--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অহা ৫ নৱেম্বৰত হিন্দুৰ পৱিত্ৰ তীৰ্থস্থান কেদাৰনাথ দৰ্শনৰ পৰিকল্পনা প্ৰধানমন্ত্ৰীৰ মোদীৰ। কিন্তু প্ৰধানমন্ত্ৰীৰ এই পৰিকল্পনাত আহি পৰিছে অপ্ৰত্যাশিত বাধা। প্ৰধানমন্ত্ৰীৰ কেদাৰনাথ যাত্ৰাৰ বিৰোধিতা কৰিছে খোদ কেদাৰনাথ পুৰোহিত সমাজে। দেশৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণত স্বয়ং পুৰোহিতসকলে বাধা প্ৰদান কৰাক লৈ এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ। দেশৰ হিন্দুত্ববাদী শিবিৰ অন্যতম শীৰ্ষ নেতা বুলি গণ্য কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। সেই মোদীৰে কেদাৰ দৰ্শনৰ পুৰোহিত সমাজে বিৰোধিতা কৰাত হিন্দুত্ববাদী শিবিৰত সৃষ্টি কৰিছে জোকাৰণিৰ। কিন্তু কিয় মোদীৰ সন্মুখত এই অপ্ৰত্যাশিত বাধা?


দৰাচলতে উত্তৰাখণ্ডত বিজেপি চৰকাৰ আৰু ৰাজ্যৰ প্ৰমুখ মঠ-মন্দিৰসমূহৰ পুৰোহিত সমাজৰ মাজত যোৱা বছৰৰ পৰা চলি থকা বিবাদেই ইয়াৰ কাৰণ। ২০২০ চনত ৰাজ্যখনত ত্ৰিবেন্দ্ৰ সিং ৰাৱাতৰ বিজেপি চৰকাৰে গঠন কৰিছিল চাৰধাম দেৱস্থানম বোৰ্ড। ইয়াৰ অন্তৰ্গত চাৰধাম অৰ্থাৎ কেদাৰনাথ, গংগোত্ৰী, যমুনাত্ৰী আৰু বদ্ৰীনাথ দেৱালয়ৰ নিয়ন্ত্ৰণৰ অধিকাৰ নিজৰ হাতলৈ আনিছিল বিজেপি চৰকাৰে। লগতে উত্তৰাখণ্ডৰ অন্যতম প্ৰধান ৫১টা মন্দিৰৰ নিয়ন্ত্ৰণ-ক্ষমতাও ৰাজ্য চৰকাৰে লাভ কৰিছিল।

এই চাৰধাম দেৱস্থানম ব’ৰ্ড গঠনৰ তীব্ৰ বিৰোধিতা যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিল ৰাজ্যখনৰ পুৰোহিত আৰু পাণ্ডা সমাজে। দেৱস্থানম ব’ৰ্ড গঠনৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে দাবী জনাইছিল পুৰোহিতসকলে। যি বিৰোধিতা এতিয়াও অব্যাহত আছে। পুৰোহিতসকলৰ বিৰোধিতা ইমান প্ৰবল হৈছিলগৈ যে পুৰোহিতসকলে প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাৱাটক কেদাৰনাথ দৰ্শন কৰিবই দিয়া নাছিল।

কেদাৰনাথত উত্তৰাখণ্ড বিজেপি অধ্যক্ষৰো তীব্ৰ বিৰোধিতা কৰিছিল। ইফালে, পুষ্কৰ সিং ধামী উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছতে পুৰোহিতসকলৰ আপত্তি দূৰ কৰিবলৈ প্ৰয়াস কৰিছিল। তেওঁ পুৰোহিত আৰু পাণ্ডাসকলৰ আপত্তি সন্দৰ্ভত এখন কমিটী গঠন কৰিছিল আৰু ৩০ অক্টোবৰৰ ভিতৰত সমাধানসূত্ৰ উলিওৱাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ৩০ অক্টোবৰৰ ভিতৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো সিদ্ধান্ত নোলোৱাত প্ৰধানমন্ত্ৰী মোদীৰ কেদাৰনাথ দৰ্শনৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত লয় পুৰোহিত সমাজে। ইফালে, কেদাৰনাথত পুৰোহিত সমাজে প্ৰধানমন্ত্ৰী মোদীৰ দৰ্শনৰ বিৰোধিতা কৰাত সচকিত হৈ পৰে মুখ্যমন্ত্ৰী ধামী। তেওঁ ততাতৈয়াকৈ আজি কেদাৰনাথলৈ গৈ পুৰোহিতসমাজৰ সৈতে আলোচনা কৰে।

আলোচনাৰ অন্তত ধামীয়ে কয় যে, পুৰোহিতসকলৰ সৈতে হোৱা তেওঁৰ আলোচনা যোগাত্মক হৈছে। পুৰোহিতসকলে প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ উৎসুক। কিন্তু মুখ্যমন্ত্ৰীজনৰ বক্তব্যৰ বিপৰীতে পুৰোহিতসকলে এতিয়াও পোনপটীয়াকৈ কোৱা নাই তেওঁলোকে প্ৰধানমন্ত্ৰীৰ দৰ্শনত বিৰোধিতা নকৰে বুলি। গতিকে, অহা ৫ নৱেম্বৰত কেদাৰনাথ দৰ্শনৰ সময়ত মোদী পুৰোহিত সমাজৰ বিৰোধিতাৰ সন্মুখীন হোৱাটোও আচৰিত কথা নহ’ব। জানিব পৰা মতে মুখ্যমন্ত্ৰীৰ বুজনিৰ পাছতো একাংশ পুৰোহিত আকোঁৰগোজ হৈ আছে প্ৰধানমন্ত্ৰীক বিৰোধিতাৰ বাবে। দেৱস্থানম ব’ৰ্ড বাতিল নকৰালৈ বিৰোধিতা অব্যাহত থাকিব বুলি দোহাৰিছে পুৰোহিতসকলে। উল্লেখ্য যে, এইবাৰৰ সৈতে প্ৰধানমন্ত্ৰিত্বৰ কালত চতুৰ্থবাৰৰ বাবে কেদাৰনাথ দৰ্শনলৈ ওলাইছে মোদী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি