--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ অখণ্ডতাৰ প্ৰতি এক বৃহৎ ভাবুকি। দেশৰ প্ৰতিৰক্ষাৰ প্ৰতি আহিছে এক অশনি সংকেত। ভাৰতীয় নৌসেনা বিভাগত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতিৰ ঘটনা। দেশৰ গুৰুত্বপূৰ্ণ তথ্য শত্ৰুক গোপনে যোগান ধৰিছিল দুই নৌসেনা বিষয়াই। চিবিআইয়ে অভিযোগনামা দাখিল কৰিছে দুই কৰ্মৰত নৌসেনাৰ বিৰুদ্ধে। দুই নৌসেনা বিষয়াই ভাৰতৰ নৌসেনাৰ কিলোক্লাছ ছাবমেৰিনৰ তথ্য অবৈধভাৱে যোগান ধৰিছিল অজ্ঞাত শত্ৰুক। ৬ জন ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ।

দুৰ্নীতি নিবাৰণ আইনৰ অধীনত অভিযুক্ত হৈছে ৬ গৰাকী ব্যক্তি। দুই কৰ্মৰত নৌসেনা বিষয়াৰ উপৰি আন দুগৰাকী অৱসৰপ্ৰাপ্ত নৌসেনা বিষয়া অভিযুক্ত হৈছে এই অভিযোগত। চিবিআইৰ সূত্ৰমতে ভাৰতীয় নৌসেনাৰ কিলোক্লাছ ছাবমেৰিনৰ মিডিয়াম ৰিফিট লাইভ চাৰ্টিফিকেশ্বনৰ তথ্য গোপনে যোগান ধৰিছিল অজ্ঞাত শত্ৰুক। নৌসেনাৰ দুই অৱসৰপ্ৰাপ্ত বিষয়া ৰণদ্বীপ সিং আৰু এছ জে সিঙৰ গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহিছিল এই ভয়ংকৰ কেলেংকাৰিৰ তথ্য। ৩ ছেপ্টেম্বৰত চিবিআইৰ জালত পৰিছিল দুই অৱসৰপ্ৰাপ্ত নৌসেনা বিষয়া। অৱসৰপ্ৰাপ্ত কমডৰ ৰণদ্বীপ সিঙৰ বাসভৱনৰ পৰা চিবিআই জব্দ কৰিছিল দুই কোটি টকাৰ উপৰি বহু মূল্যবান সা-সামগ্ৰী।

উল্লেখ্য যে দুই কৰ্মৰত আৰু দুই অৱসৰপ্ৰাপ্ত নৌসেনা বিষয়াৰ উপৰি দুজন আন লোকৰ নামো সাঙোৰ খাইছে এই কেলেংকাৰিত। চিবিআইৰ তদন্তত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কমাণ্ডাৰ অজিত কুমাৰ পাণ্ডেক। তাৰোপৰি গ্ৰেপ্তাৰ হোৱা অৱসৰপ্ৰাপ্ত বিষয়া এছ জে সিং বৰ্তমান কৰ্মৰত আছিল কোৰিয়াৰ এটা সংস্থাত। বৰ্তমানলৈ এই ভয়ংকৰ দুৰ্নীতি সংক্ৰান্তত ১২ জন নৌসেনা বিভাগৰ বিষয়াক জেৰা কৰা হৈছে। প্ৰশ্ন হৈছে ছাবমেৰিনৰ কি কি তথ্য গোপনে চুৰি হোৱাৰ আশংকা থাকে। ছাবমেৰিনৰ গতিবিধি আৰু উঠা-নমাৰ তথ্য বিচাৰিব পাৰে শত্ৰুই। কোন তৰংগৰ মাধ্যমেৰে বাৰ্তা আদান-প্ৰদান হয় তাৰো তথ্য বিচাৰিব পাৰে শত্ৰুই। আনহাতে কিমান জলপৃষ্ঠত ছাবমেৰিন চলাচল কৰে আৰু কি কি ক্ষেপণাস্ত্ৰ, টৰ্পেড’ বহন ক্ষমতা আছে আদি তথ্য সততে লাভ কৰিবলৈ চেষ্টা চলাই শত্ৰুপক্ষই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন