--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ অখণ্ডতাৰ প্ৰতি এক বৃহৎ ভাবুকি। দেশৰ প্ৰতিৰক্ষাৰ প্ৰতি আহিছে এক অশনি সংকেত। ভাৰতীয় নৌসেনা বিভাগত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতিৰ ঘটনা। দেশৰ গুৰুত্বপূৰ্ণ তথ্য শত্ৰুক গোপনে যোগান ধৰিছিল দুই নৌসেনা বিষয়াই। চিবিআইয়ে অভিযোগনামা দাখিল কৰিছে দুই কৰ্মৰত নৌসেনাৰ বিৰুদ্ধে। দুই নৌসেনা বিষয়াই ভাৰতৰ নৌসেনাৰ কিলোক্লাছ ছাবমেৰিনৰ তথ্য অবৈধভাৱে যোগান ধৰিছিল অজ্ঞাত শত্ৰুক। ৬ জন ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ।

দুৰ্নীতি নিবাৰণ আইনৰ অধীনত অভিযুক্ত হৈছে ৬ গৰাকী ব্যক্তি। দুই কৰ্মৰত নৌসেনা বিষয়াৰ উপৰি আন দুগৰাকী অৱসৰপ্ৰাপ্ত নৌসেনা বিষয়া অভিযুক্ত হৈছে এই অভিযোগত। চিবিআইৰ সূত্ৰমতে ভাৰতীয় নৌসেনাৰ কিলোক্লাছ ছাবমেৰিনৰ মিডিয়াম ৰিফিট লাইভ চাৰ্টিফিকেশ্বনৰ তথ্য গোপনে যোগান ধৰিছিল অজ্ঞাত শত্ৰুক। নৌসেনাৰ দুই অৱসৰপ্ৰাপ্ত বিষয়া ৰণদ্বীপ সিং আৰু এছ জে সিঙৰ গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহিছিল এই ভয়ংকৰ কেলেংকাৰিৰ তথ্য। ৩ ছেপ্টেম্বৰত চিবিআইৰ জালত পৰিছিল দুই অৱসৰপ্ৰাপ্ত নৌসেনা বিষয়া। অৱসৰপ্ৰাপ্ত কমডৰ ৰণদ্বীপ সিঙৰ বাসভৱনৰ পৰা চিবিআই জব্দ কৰিছিল দুই কোটি টকাৰ উপৰি বহু মূল্যবান সা-সামগ্ৰী।

উল্লেখ্য যে দুই কৰ্মৰত আৰু দুই অৱসৰপ্ৰাপ্ত নৌসেনা বিষয়াৰ উপৰি দুজন আন লোকৰ নামো সাঙোৰ খাইছে এই কেলেংকাৰিত। চিবিআইৰ তদন্তত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কমাণ্ডাৰ অজিত কুমাৰ পাণ্ডেক। তাৰোপৰি গ্ৰেপ্তাৰ হোৱা অৱসৰপ্ৰাপ্ত বিষয়া এছ জে সিং বৰ্তমান কৰ্মৰত আছিল কোৰিয়াৰ এটা সংস্থাত। বৰ্তমানলৈ এই ভয়ংকৰ দুৰ্নীতি সংক্ৰান্তত ১২ জন নৌসেনা বিভাগৰ বিষয়াক জেৰা কৰা হৈছে। প্ৰশ্ন হৈছে ছাবমেৰিনৰ কি কি তথ্য গোপনে চুৰি হোৱাৰ আশংকা থাকে। ছাবমেৰিনৰ গতিবিধি আৰু উঠা-নমাৰ তথ্য বিচাৰিব পাৰে শত্ৰুই। কোন তৰংগৰ মাধ্যমেৰে বাৰ্তা আদান-প্ৰদান হয় তাৰো তথ্য বিচাৰিব পাৰে শত্ৰুই। আনহাতে কিমান জলপৃষ্ঠত ছাবমেৰিন চলাচল কৰে আৰু কি কি ক্ষেপণাস্ত্ৰ, টৰ্পেড’ বহন ক্ষমতা আছে আদি তথ্য সততে লাভ কৰিবলৈ চেষ্টা চলাই শত্ৰুপক্ষই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক