--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰসংগত আমেৰিকা আৰু জাৰ্মানীৰ পাছত এইবাৰ সৰব হৈ পৰিছে ৰাষ্ট্রসংঘ। আন্তঃৰাষ্ট্রীয় সংস্থাটোৰ মজিয়াত চৰ্চিত হ’ল কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰসংগ। ৰাষ্ট্রসংঘৰ সচিব প্ৰধানৰ প্ৰবক্তাই এই সন্দৰ্ভত এক বিবৃতি জাৰি কৰি সকলোৰে অধিকাৰ সুৰক্ষাৰ বাবে জনালে বিশেষ আহ্বান৷

ৰাষ্ট্ৰসংঘই বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ আৰু ভাৰতত আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ভাৰত আৰু নিৰ্বাচন থকা আন যিকোনো দেশত জনসাধাৰণৰ ৰাজনৈতিক আৰু নাগৰিক অধিকাৰ সুৰক্ষিত হ’ব লাগে৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা আৰু বিৰোধী দল কংগ্ৰেছৰ বেংক একাউণ্ট ফ্ৰীজ কৰাৰ পৰিপ্ৰেক্ষিতত আগন্তুক সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ভাৰতত ৰাজনৈতিক অস্থিৰতা সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’ গুটেৰেছৰ এজন মুখপাত্ৰ ষ্টিফেন ডুজাৰিকে এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰে৷

দুজাৰিকে এখন সংবাদমেলত কয়, আমি যিটো আশা কৰোঁ যে নিৰ্বাচন অনুষ্ঠিত হোৱা ভাৰতত যিকোনো দেশৰ দৰে ৰাজনৈতিক আৰু নাগৰিক অধিকাৰকে ধৰি সকলোৰে অধিকাৰ সুৰক্ষিত কৰা হ’ব আৰু সকলোৱে মুক্ত আৰু নিৰপেক্ষ পৰিৱেশত যাতে ভোট দিব পাৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰই কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰা আৰু কংগ্ৰেছৰ বেংক একাউণ্ট ফ্ৰীজ কৰাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ পাছত এই প্ৰতিক্ৰিয়া আহিছে ৰাষ্ট্ৰসংঘৰ পৰা৷

ভাৰতে বুধবাৰে এজন জ্যেষ্ঠ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কূটনীতিবিদক দিল্লীৰ মুখ্যমন্ত্ৰীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিবাদ কৰিবলৈ তলব কৰিছিল৷
ইয়াৰ পাছত ৱাশ্বিংটনে পুনৰ কয় যে ই নিৰপেক্ষ, স্বচ্ছ আৰু সময়মতে আইনী প্ৰক্ৰিয়াক উৎসাহিত কৰে। মই কোনো ব্যক্তিগত কূটনৈতিক কথোপকথনৰ বিষয়ে কথা পাতিবলৈ নাযাওঁ। কিন্তু অৱশ্যে আমি ৰাজহুৱাভাৱে যি কৈছো সেয়া হ'ল আমি নিৰপেক্ষ, স্বচ্ছ, সময়মতে আইনী প্ৰক্ৰিয়াক উৎসাহিত কৰোঁ- এই মন্তব্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগৰ মুখপাত্ৰ মেথিউ মিলাৰৰ 

এমইএৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত ৱাশ্বিংটনৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ইয়াক অবাঞ্ছিত বুলি অভিহিত কৰে। তেওঁ কয়, আমি আমাৰ স্বতন্ত্ৰ আৰু শক্তিশালী গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ বাবে গৌৰৱান্বিত।

জয়ছোৱালে লগতে কয় যে আইনী প্ৰক্ৰিয়াবোৰ ভাৰতত কেৱল আইনৰ শাসনৰ দ্বাৰা চালিত হয়। বুধবাৰে, ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগৰ মুখপাত্ৰৰ মন্তব্যত তীব্ৰ আপত্তি জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
নিশা সূৰ্যৰ পোহৰ বিলাব মার্কিন ষ্টার্ট আপে!
কলিয়াবৰত বান্দৰৰ আক্ৰমণত ছাত্ৰ-ছাত্ৰী আহত
কাজিৰঙাত আজিৰে পৰা আৰম্ভ জীপ চাফাৰী
ইউৰোপত এবছৰত ২২ হাজাৰটা প্ৰতিবাদী কাৰ্যসূচী, চৰকাৰ-বিৰোধী বিক্ষোভ-সমদলত উত্তাল
আৰক্ষীৰ এনকাউণ্টাৰত নিহত ঘাতক ঘনকান্ত গগৈ
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
বৰক্ষেত্ৰীত জুইৰ লেলিহান শিখাত জাহ গ’ল ৫খনকৈ দোকান, ১৫ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল