--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত ৭ মাহে অব্যাহত আছে ইজৰাইল–হামাছৰ সংঘৰ্ষ। পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠনটোৰ বিৰুদ্ধে ঘোষণা কৰা যুদ্ধৰ পৰিণতিত এতিয়ালৈ ৩০ হাজাৰৰো অধিক সাধাৰণ পেলেষ্টাইনীৰ প্ৰাণ লৈছে ইজৰাইলে। কিন্তু তাৰ পাছতো যেন শান্ত হোৱা নাই ইজৰাইলৰ প্ৰতিশোধৰ অগনি।

এফালে হামাছৰে তীব্ৰ যুঁজৰ মাজতে বৃহস্পতিবাৰে নিশা ছিৰিয়াত ভয়ংকৰ আক্ৰমণ চলালে ইজৰাইলে। হামাছৰ সমৰ্থক হিজবুল্লাহৰ ঘাটিত ইজৰাইলী বায়ুসেনাৰ ভয়ংকৰ এয়াৰষ্ট্রাইক। প্ৰায় দুঘণ্টা ধৰি ব্যাপক বোমাবৰ্ষণ ছিৰিয়াৰ এলেপ্পো চহৰত৷ ইজৰাইলৰ এই ভয়ংকৰ আক্ৰমণত ৫ সন্ত্ৰাসবাদীসহ প্ৰাণ হেৰুৱায় ৩৮জন লোকে।

সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণৰ নামত পুনৰবাৰ নিৰীহৰ প্ৰাণ ল’লে আক্ৰমণাত্মক ইজৰাইলে। ইপিনে এলেপ্পো চহৰত ইজৰাইলে এয়াৰষ্ট্রাইক চলোৱাৰ সময়তে ইদলিব চহৰত ড্ৰোন আক্ৰমণ সংঘটিত কৰিছিল সন্ত্ৰাসবাদীয়ে। ইজৰাইল–হামাছ সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছত এতিয়ালৈকে বহুবাৰ ছিৰিয়াত এয়াৰষ্ট্রাইক চলাই আহিছে ইজৰাইলে। য’ত হিজবুল্লাহ সন্ত্ৰাসবাদীৰ লগতে ইজৰাইলৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ইৰানৰ বহু শীৰ্ষ বিষয়া। 

আনহাতে ইৰান সমৰ্থিত হিজবুল্লাহ হৈছে এক ছিয়া সন্ত্ৰাসবাদী সংগঠন। ১৯৮২ চনত ইৰানে ইজৰাইলৰ বিৰুদ্ধে জন্ম দিছিল এই সন্ত্ৰাসবাদী সংগঠনটোক। ইজৰাইল–হামাছৰ সংঘৰ্ষত হামাছক সমৰ্থন জনাই ইজৰাইলৰ ওপৰত বহুবাৰ আক্ৰমণ সংঘটিত কৰিছিল হিজবুল্লাই। যাৰ পৰিণতিত শেহতীয়াকৈ পুনৰবাৰ হিজবুল্লাৰ বিৰুদ্ধে ৰণচণ্ডী মূৰ্তি ধাৰণ কৰিলে ইজৰাইলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক