--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত ৭ মাহে অব্যাহত আছে ইজৰাইল–হামাছৰ সংঘৰ্ষ। পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠনটোৰ বিৰুদ্ধে ঘোষণা কৰা যুদ্ধৰ পৰিণতিত এতিয়ালৈ ৩০ হাজাৰৰো অধিক সাধাৰণ পেলেষ্টাইনীৰ প্ৰাণ লৈছে ইজৰাইলে। কিন্তু তাৰ পাছতো যেন শান্ত হোৱা নাই ইজৰাইলৰ প্ৰতিশোধৰ অগনি।

এফালে হামাছৰে তীব্ৰ যুঁজৰ মাজতে বৃহস্পতিবাৰে নিশা ছিৰিয়াত ভয়ংকৰ আক্ৰমণ চলালে ইজৰাইলে। হামাছৰ সমৰ্থক হিজবুল্লাহৰ ঘাটিত ইজৰাইলী বায়ুসেনাৰ ভয়ংকৰ এয়াৰষ্ট্রাইক। প্ৰায় দুঘণ্টা ধৰি ব্যাপক বোমাবৰ্ষণ ছিৰিয়াৰ এলেপ্পো চহৰত৷ ইজৰাইলৰ এই ভয়ংকৰ আক্ৰমণত ৫ সন্ত্ৰাসবাদীসহ প্ৰাণ হেৰুৱায় ৩৮জন লোকে।

সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণৰ নামত পুনৰবাৰ নিৰীহৰ প্ৰাণ ল’লে আক্ৰমণাত্মক ইজৰাইলে। ইপিনে এলেপ্পো চহৰত ইজৰাইলে এয়াৰষ্ট্রাইক চলোৱাৰ সময়তে ইদলিব চহৰত ড্ৰোন আক্ৰমণ সংঘটিত কৰিছিল সন্ত্ৰাসবাদীয়ে। ইজৰাইল–হামাছ সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছত এতিয়ালৈকে বহুবাৰ ছিৰিয়াত এয়াৰষ্ট্রাইক চলাই আহিছে ইজৰাইলে। য’ত হিজবুল্লাহ সন্ত্ৰাসবাদীৰ লগতে ইজৰাইলৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ইৰানৰ বহু শীৰ্ষ বিষয়া। 

আনহাতে ইৰান সমৰ্থিত হিজবুল্লাহ হৈছে এক ছিয়া সন্ত্ৰাসবাদী সংগঠন। ১৯৮২ চনত ইৰানে ইজৰাইলৰ বিৰুদ্ধে জন্ম দিছিল এই সন্ত্ৰাসবাদী সংগঠনটোক। ইজৰাইল–হামাছৰ সংঘৰ্ষত হামাছক সমৰ্থন জনাই ইজৰাইলৰ ওপৰত বহুবাৰ আক্ৰমণ সংঘটিত কৰিছিল হিজবুল্লাই। যাৰ পৰিণতিত শেহতীয়াকৈ পুনৰবাৰ হিজবুল্লাৰ বিৰুদ্ধে ৰণচণ্ডী মূৰ্তি ধাৰণ কৰিলে ইজৰাইলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প