--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কৰঃ চমকপ্ৰদ প্ৰদৰ্শনৰ যোগেদি বহুবাৰ দৃষ্টি কাঢ়িছে ভাৰতীয় বেগী বলাৰ ভুৱেনশ্বৰ কুমাৰে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। দেওবাৰে আয়াৰলেণ্ডৰ ইনিংছ আৰম্ভণিতে এই ঘটনাৰ সূত্ৰপাত হয়। প্ৰথম ডেলিভাৰীৰ পিছত স্পীড’মিটাৰত ২০১ কিলোমিটাৰ বেগত বল কৰা দেখা গৈছিল। দ্বিতীয়বাৰ এই পৰিসংখ্যা অতিক্ৰমি স্পীড’মিটাৰত প্ৰতি ঘণ্টাত ২০৮ কিলোমিটাৰ বেগত বল কৰা দেখা গ’ল!

দেওবাৰে খেল চলা সময়তে এই ভুল প্ৰত্যক্ষ কৰিছিল সকলোৱে। তাকে লৈ এতিয়া  ছ’চিয়েল মিডিয়াত চলিছে  ট্ৰ’লিং। নেটিজেনৰ একাংশৰ দাবী, দ্ৰুত বলাৰৰ যুঁজত টীম ইণ্ডিয়াই শ্বোৱেইব আখতাৰকো অতিক্ৰম কৰিলে! একাংশৰ মতে, উমৰাণ মালিকে বলিং কৰিবলৈ অহাৰ আগতেই স্পীডমিটাৰটো হাতৰ পৰা আঁতৰি গৈছিল!

প্ৰথম বলৰ পিছত স্পীড’মিটাৰত ভুবিক দেখি স্তম্ভিত হৈ পৰে নেটিজেনসকল। স্পীড’মিটাৰত দেখা যায় যে, ভুবিয়ে প্ৰতি ঘণ্টাত ২০১ কিলোমিটাৰ অৰ্থাৎ ১২৫ মাইল বেগত বল কৰিছে। দ্বিতীয় ডেলীভাৰিত একেবাৰে চকু কপালত উঠিল অনুৰাগীৰ। প্ৰতি ঘণ্টাত ২০৮ কিলোমিটাৰ অৰ্থাত্‍ ১২৮ মাইল বেগেৰে এইবাৰ ভুবিয়ে অতিক্ৰম কৰিছে সকলো অভিলেখ!

অজানিতে ভুবিৰ এই কীৰিতিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে ছ’চিয়েল মিডিয়াত। স্পীড’মিটাৰৰ সেই দুটা ডেলিভাৰীক লৈ হাঁহিবলৈ আৰম্ভ কৰিছে নেটিজেনসকলে। এজনে ক’লে, ‘উমৰাণ মালিকে হাতত বলটো পোৱাৰ আগতেই স্পীড’মিটাৰটো হাতৰ পৰা ওলাই গ’ল!’ আন এজন নেটিজেনে ধেমালিতে ক’লে, ‘বিশ্ব অভিলেখ ভংগ হ’ল৷ ঘণ্টাত ২০৮ কিলোমিটাৰ বেগত বলিং কৰি নিজৰ অভিলেখ ভংগ কৰিলে ভুবিয়ে। ভুবিয়ে ৰকেট নিক্ষেপ কৰিছে। ই অবিশ্বাস্য!' এখোজ আগুৱাই গৈ আন এজন নেটিজেনে কয়, ‘ভুবিৰ গতি বহুদিনৰ পৰা সমালোচনা কৰা হৈছে, তেওঁ এইবাৰ এনেকৈ সকলোৰে মুখ বন্ধ কৰি দিছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ