--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কৰঃ চমকপ্ৰদ প্ৰদৰ্শনৰ যোগেদি বহুবাৰ দৃষ্টি কাঢ়িছে ভাৰতীয় বেগী বলাৰ ভুৱেনশ্বৰ কুমাৰে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। দেওবাৰে আয়াৰলেণ্ডৰ ইনিংছ আৰম্ভণিতে এই ঘটনাৰ সূত্ৰপাত হয়। প্ৰথম ডেলিভাৰীৰ পিছত স্পীড’মিটাৰত ২০১ কিলোমিটাৰ বেগত বল কৰা দেখা গৈছিল। দ্বিতীয়বাৰ এই পৰিসংখ্যা অতিক্ৰমি স্পীড’মিটাৰত প্ৰতি ঘণ্টাত ২০৮ কিলোমিটাৰ বেগত বল কৰা দেখা গ’ল!

দেওবাৰে খেল চলা সময়তে এই ভুল প্ৰত্যক্ষ কৰিছিল সকলোৱে। তাকে লৈ এতিয়া  ছ’চিয়েল মিডিয়াত চলিছে  ট্ৰ’লিং। নেটিজেনৰ একাংশৰ দাবী, দ্ৰুত বলাৰৰ যুঁজত টীম ইণ্ডিয়াই শ্বোৱেইব আখতাৰকো অতিক্ৰম কৰিলে! একাংশৰ মতে, উমৰাণ মালিকে বলিং কৰিবলৈ অহাৰ আগতেই স্পীডমিটাৰটো হাতৰ পৰা আঁতৰি গৈছিল!

প্ৰথম বলৰ পিছত স্পীড’মিটাৰত ভুবিক দেখি স্তম্ভিত হৈ পৰে নেটিজেনসকল। স্পীড’মিটাৰত দেখা যায় যে, ভুবিয়ে প্ৰতি ঘণ্টাত ২০১ কিলোমিটাৰ অৰ্থাৎ ১২৫ মাইল বেগত বল কৰিছে। দ্বিতীয় ডেলীভাৰিত একেবাৰে চকু কপালত উঠিল অনুৰাগীৰ। প্ৰতি ঘণ্টাত ২০৮ কিলোমিটাৰ অৰ্থাত্‍ ১২৮ মাইল বেগেৰে এইবাৰ ভুবিয়ে অতিক্ৰম কৰিছে সকলো অভিলেখ!

অজানিতে ভুবিৰ এই কীৰিতিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে ছ’চিয়েল মিডিয়াত। স্পীড’মিটাৰৰ সেই দুটা ডেলিভাৰীক লৈ হাঁহিবলৈ আৰম্ভ কৰিছে নেটিজেনসকলে। এজনে ক’লে, ‘উমৰাণ মালিকে হাতত বলটো পোৱাৰ আগতেই স্পীড’মিটাৰটো হাতৰ পৰা ওলাই গ’ল!’ আন এজন নেটিজেনে ধেমালিতে ক’লে, ‘বিশ্ব অভিলেখ ভংগ হ’ল৷ ঘণ্টাত ২০৮ কিলোমিটাৰ বেগত বলিং কৰি নিজৰ অভিলেখ ভংগ কৰিলে ভুবিয়ে। ভুবিয়ে ৰকেট নিক্ষেপ কৰিছে। ই অবিশ্বাস্য!' এখোজ আগুৱাই গৈ আন এজন নেটিজেনে কয়, ‘ভুবিৰ গতি বহুদিনৰ পৰা সমালোচনা কৰা হৈছে, তেওঁ এইবাৰ এনেকৈ সকলোৰে মুখ বন্ধ কৰি দিছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু