--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেটৰিনা কাইফে বলীউড উদ্যোগত প্ৰায় দুটা দশক সম্পূৰ্ণ কৰিলে। ২০০৫ চনত কেটৰিনাই ‘মেনে প্যাৰ কিউ কিয়া’ চিনেমাত অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। কেটৰিনাই নিজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰে বলীউডত নিজৰ কেৰিয়াৰ গঢ়ি তুলিছিল। ‘ৱেলকাম’, ‘পাৰ্টনাৰ’, ‘নিউয়ৰ্ক’, ‘এক থা টাইগাৰ’ কেটৰিনাৰ কেৰিয়াৰত ব্যৱসায়িকভাৱে সফল ছবিৰ উদাহৰণ। ইতিমধ্যে পাৰিশ্ৰমিকৰ ক্ষেত্ৰত কেটৰিনাই বহুত বলীউডী অভিনেত্ৰীকো অতিক্ৰম কৰিছে। 

প্ৰাপ্ত তথ্যনুসৰি কেটৰিনাৰ মুঠ সম্পত্তি ২২৪ কোটি টকা। কেটৰিনাৰ বছৰেকীয়া উপাৰ্জনৰ সিংহভাগেই আহে চিনেমাৰ পৰা। কিন্তু সেয়া একমাত্ৰ উৎস নহয়। অভিনয়ৰ উপৰিও কেটৰিনাই আন বহু কামৰ লগত জড়িত। য’ৰ পৰাও কেটৰিনাই টকা উপাৰ্জন কৰে।

কেটৰিনাৰ প্ৰসাধন সামগ্ৰী কোম্পানী ‘কে বিউটি’ৰ বিষয়ে বহুজন জ্ঞাত। এই কোম্পানীটোৱে প্ৰথমবাৰৰ বাবে ২০১৯ চনত বজাৰত প্ৰৱেশ কৰিছিল। ২০২২ চনৰ এক প্ৰতিবেদন অনুসৰি এই কোম্পানীয়ে মাত্ৰ তিনি বছৰত ১০০ কোটি টকা সংগ্ৰহ কৰিছে। শেহতীয়াকৈ নিজৰ কোম্পানীটোৰ বাহিৰে আন এটা কোম্পানীত কেটৰিনাই বিনিয়োগ কৰিছে। তাৰ পৰাই প্ৰতি বছৰে বৃহৎ পৰিমাণৰ ধন বেংকত জমা হয়। ইয়াৰ উপৰিও কেটৰিনাই আন কোম্পানীৰ হৈ ইনষ্টাগ্ৰামতো প্ৰচাৰ কৰিছিল। সূত্ৰ অনুসৰি কেটৰিনাই প্ৰচাৰমূলক কামৰ বাবে ৮০ লাখৰ পৰা ১ কোটি টকাৰ মাচুল লয়। কেটৰিনা কাইফে কেইবাটাও বৃহৎ কোম্পানীৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে কাম কৰে। প্ৰতিটো কোম্পানীৰ পৰা বছৰি ৬ৰ পৰা ৭ কোটি টকা কেটৰিনাই লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক