--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেটৰিনা কাইফে বলীউড উদ্যোগত প্ৰায় দুটা দশক সম্পূৰ্ণ কৰিলে। ২০০৫ চনত কেটৰিনাই ‘মেনে প্যাৰ কিউ কিয়া’ চিনেমাত অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। কেটৰিনাই নিজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰে বলীউডত নিজৰ কেৰিয়াৰ গঢ়ি তুলিছিল। ‘ৱেলকাম’, ‘পাৰ্টনাৰ’, ‘নিউয়ৰ্ক’, ‘এক থা টাইগাৰ’ কেটৰিনাৰ কেৰিয়াৰত ব্যৱসায়িকভাৱে সফল ছবিৰ উদাহৰণ। ইতিমধ্যে পাৰিশ্ৰমিকৰ ক্ষেত্ৰত কেটৰিনাই বহুত বলীউডী অভিনেত্ৰীকো অতিক্ৰম কৰিছে। 

প্ৰাপ্ত তথ্যনুসৰি কেটৰিনাৰ মুঠ সম্পত্তি ২২৪ কোটি টকা। কেটৰিনাৰ বছৰেকীয়া উপাৰ্জনৰ সিংহভাগেই আহে চিনেমাৰ পৰা। কিন্তু সেয়া একমাত্ৰ উৎস নহয়। অভিনয়ৰ উপৰিও কেটৰিনাই আন বহু কামৰ লগত জড়িত। য’ৰ পৰাও কেটৰিনাই টকা উপাৰ্জন কৰে।

কেটৰিনাৰ প্ৰসাধন সামগ্ৰী কোম্পানী ‘কে বিউটি’ৰ বিষয়ে বহুজন জ্ঞাত। এই কোম্পানীটোৱে প্ৰথমবাৰৰ বাবে ২০১৯ চনত বজাৰত প্ৰৱেশ কৰিছিল। ২০২২ চনৰ এক প্ৰতিবেদন অনুসৰি এই কোম্পানীয়ে মাত্ৰ তিনি বছৰত ১০০ কোটি টকা সংগ্ৰহ কৰিছে। শেহতীয়াকৈ নিজৰ কোম্পানীটোৰ বাহিৰে আন এটা কোম্পানীত কেটৰিনাই বিনিয়োগ কৰিছে। তাৰ পৰাই প্ৰতি বছৰে বৃহৎ পৰিমাণৰ ধন বেংকত জমা হয়। ইয়াৰ উপৰিও কেটৰিনাই আন কোম্পানীৰ হৈ ইনষ্টাগ্ৰামতো প্ৰচাৰ কৰিছিল। সূত্ৰ অনুসৰি কেটৰিনাই প্ৰচাৰমূলক কামৰ বাবে ৮০ লাখৰ পৰা ১ কোটি টকাৰ মাচুল লয়। কেটৰিনা কাইফে কেইবাটাও বৃহৎ কোম্পানীৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে কাম কৰে। প্ৰতিটো কোম্পানীৰ পৰা বছৰি ৬ৰ পৰা ৭ কোটি টকা কেটৰিনাই লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু