--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি নিজকে সুস্থ কৰি ৰাখিবলৈ বিভিন্ন বস্তু খাওঁ। খাদ্যৰ পৰা পোৱা ভিটামিন আৰু খনিজ পদাৰ্থৰ দৰে পুষ্টিকৰ উপাদানে আমাৰ শৰীৰক সুস্থ কৰি ৰাখে। ইয়াৰে এটা হ’ল অমেগা ৩ ফেটি এচিড, যি আমাৰ শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ। অমেগা ৩ য়ে শৰীৰৰ কোষৰ সঠিক কামত সহায় কৰে। সাধাৰণতে মানুহে ইয়াক পাবলৈ মাছ সেৱন কৰে। কিন্তু যদি আপুনি নিৰামিষভোজী বা মাছ খোৱাৰ পৰা বিৰত থাকে, তেন্তে আপুনি এই ৫টা নিৰামিষ বস্তু আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।

১) চিয়া ছীডছঃ চিয়া ছীডছে শৰীৰত অমেগা ৩ৰ অভাৱ পূৰণ কৰিব পাৰে। ইয়াত অমেগা ৩ ফেটি এচিড, আঁহ, আইৰণ আৰু মেগনেছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। চিয়া ছীডছে উচ্চ কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে।

২) আখৰোটঃ মগজুৰ দৰে দেখা আখৰোটতো অমেগা ৩ ফেটি এচিড থাকে। আখৰোটত ৩.৩৪৬ আউন্স ওমেগা-৩ থাকে। ইয়াৰ সেৱনে শৰীৰক বহু দিশত উপকাৰ কৰে। চুলি, ছাল আৰু চকুৰ বাবেও ই স্বাস্থ্যকৰ।

৩) ছয়াবীনঃ ছয়াবীনত অমেগা ৩ ফেটি এচিড প্ৰচুৰ পৰিমাণে পোৱা যায়। অমেগা ৩ৰ অভাৱ হ’লে খাদ্যত ছয়াবীন বহু ধৰণে অন্তৰ্ভুক্ত কৰিব পাৰে।

৪) ফ্লেক্সঃ ফ্লেক্স সেৱনে শৰীৰত অমেগা ৩ ফেটি এচিডৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। ইয়াত ৬.৭০৩ অ’জ ওমেগা-৩ থাকে। ইয়াৰ উপৰিও ওজন কমোৱাত আৰু ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে।

৫) ৰাজমাহঃ ৰাজমাহত ওমেগা ৩ ফেটি এচিড পোৱা যায়। খাদ্যত ৰাজমাক বহু ধৰণে অন্তৰ্ভুক্ত কৰি শৰীৰত অমেগা ৩ৰ অভাৱ দূৰ কৰিব পাৰি।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement