--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশ জোকাৰি আছে বংগৰ অপসাৰিত মন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু মডেল অৰ্পিতা মুখাৰ্জীৰ ধনৰ কাহিনীয়ে। মডেস অৰ্পিতাৰ ঘৰৰ পৰা ওলায়েই আছে কোটিয়ে কোটিয়ে টকা। গণি শেষ কৰিব পৰা নাই ইডিৰ বিষয়া-কৰ্মচাৰীয়ে। কিন্তু অবৈধ ধনৰ সন্ধান কৰিবলৈ গৈ অৰ্পিতাৰ ঘৰত ইডিয়ে উদ্ধাৰ কৰিছে কেতবোৰ বিশেষ নিষিদ্ধ সামগ্ৰী। সেই সামগ্ৰী দেখি আনকি ইডিৰ বিষয়াসকলৰো চকু থৰ লাগিছে। 

কিন্তু কি নিষিদ্ধ সামগ্ৰী ওলাল অৰ্পিতাৰ ঘৰত? ইডিৰ সূত্ৰই প্ৰকাশ কৰা মতে পাৰ্থ চেটাৰ্জীৰ 'অন্তৰংগ বন্ধু' অৰ্পিতা মুখাৰ্জীৰ ফ্লেটৰ পৰা 'যৌন পুতলা' উদ্ধাৰ হৈছে। 

অৰ্পিতা মুখাৰ্জীৰ ফ্লেটৰ পৰা বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হোৱাৰ লগতে ছেকে্স টয় অৰ্থাৎ যৌন পুতলাও উদ্ধাৰ হৈছে। এই যৌন পুতলাসমূহ মডেল অৰ্পিতাই নিজে ব্যৱহাৰ কৰিছিল নে আন কাৰোৱাৰ বাবে সেইবোৰ অনা হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। উল্লেখ্য ভাৰতত বহুতে অনলাইনৰ জৰিয়তে যৌন পুতলা ক্ৰয় কৰি আহিছে। 

সন্দেহ কৰা অনুসৰি মডেল অৰ্পিতাই অনলাইনৰ জৰিয়তেই তেনে যৌন পুতলাসমূহ সংগ্ৰহ কৰিছিল। শিক্ষক নিযুক্তিৰ গোচৰত তৃণমূলৰ প্ৰাক্তন মহাসচিব পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ লগতে ইডিয়ে মন্ত্ৰীজনৰ ঘনিষ্ঠ অৰ্পিতাকো গ্ৰেপ্তাৰ কৰিছে। অৰ্পিতাৰ ঘৰত  এটা ৰূপৰ বাটিও পোৱা গৈছিল। ৰূপৰ বাটিবোৰ বৰ ব্যয়বহুল নহয়। কিন্তু এই ৰূপালী বাটিটোৰ আন এটা সামাজিক দিশ আছে। বাঙালীসকলৰ মাজত নৱবিবাহিত দম্পতীহালক এটা ৰূপৰ বাটি দিয়া হয়। এয়া পৰম্পৰা। কিন্তু অৰ্পিতাৰ ঘৰলৈ তেনে ৰূপৰ বাটি কিয় আহিল তাকেলৈও ইডিৰ বিষয়াসকলৰ মনত প্ৰশ্ন জাগিছে।

ইডি বিষয়াসকলে  যৌন পুতলা সন্দৰ্ভত অৰ্পিতাক  জেৰা কৰিব বুলি জানিব পৰা গৈছে। সেই যৌন পুতলাসমূহ কোনে তেওঁক  দিছিল সেই প্ৰশ্নৰ উত্তৰ জেৰাৰ পিছতে পোৱা যাব বুলি ধাৰণা কৰা হৈছে।ইপিনে অৰ্পিতা আৰু পাৰ্থ চেটাৰ্জীক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা বুলি জানিব পৰা গৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ