--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশ জোকাৰি আছে বংগৰ অপসাৰিত মন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু মডেল অৰ্পিতা মুখাৰ্জীৰ ধনৰ কাহিনীয়ে। মডেস অৰ্পিতাৰ ঘৰৰ পৰা ওলায়েই আছে কোটিয়ে কোটিয়ে টকা। গণি শেষ কৰিব পৰা নাই ইডিৰ বিষয়া-কৰ্মচাৰীয়ে। কিন্তু অবৈধ ধনৰ সন্ধান কৰিবলৈ গৈ অৰ্পিতাৰ ঘৰত ইডিয়ে উদ্ধাৰ কৰিছে কেতবোৰ বিশেষ নিষিদ্ধ সামগ্ৰী। সেই সামগ্ৰী দেখি আনকি ইডিৰ বিষয়াসকলৰো চকু থৰ লাগিছে। 

কিন্তু কি নিষিদ্ধ সামগ্ৰী ওলাল অৰ্পিতাৰ ঘৰত? ইডিৰ সূত্ৰই প্ৰকাশ কৰা মতে পাৰ্থ চেটাৰ্জীৰ 'অন্তৰংগ বন্ধু' অৰ্পিতা মুখাৰ্জীৰ ফ্লেটৰ পৰা 'যৌন পুতলা' উদ্ধাৰ হৈছে। 

অৰ্পিতা মুখাৰ্জীৰ ফ্লেটৰ পৰা বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হোৱাৰ লগতে ছেকে্স টয় অৰ্থাৎ যৌন পুতলাও উদ্ধাৰ হৈছে। এই যৌন পুতলাসমূহ মডেল অৰ্পিতাই নিজে ব্যৱহাৰ কৰিছিল নে আন কাৰোৱাৰ বাবে সেইবোৰ অনা হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। উল্লেখ্য ভাৰতত বহুতে অনলাইনৰ জৰিয়তে যৌন পুতলা ক্ৰয় কৰি আহিছে। 

সন্দেহ কৰা অনুসৰি মডেল অৰ্পিতাই অনলাইনৰ জৰিয়তেই তেনে যৌন পুতলাসমূহ সংগ্ৰহ কৰিছিল। শিক্ষক নিযুক্তিৰ গোচৰত তৃণমূলৰ প্ৰাক্তন মহাসচিব পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ লগতে ইডিয়ে মন্ত্ৰীজনৰ ঘনিষ্ঠ অৰ্পিতাকো গ্ৰেপ্তাৰ কৰিছে। অৰ্পিতাৰ ঘৰত  এটা ৰূপৰ বাটিও পোৱা গৈছিল। ৰূপৰ বাটিবোৰ বৰ ব্যয়বহুল নহয়। কিন্তু এই ৰূপালী বাটিটোৰ আন এটা সামাজিক দিশ আছে। বাঙালীসকলৰ মাজত নৱবিবাহিত দম্পতীহালক এটা ৰূপৰ বাটি দিয়া হয়। এয়া পৰম্পৰা। কিন্তু অৰ্পিতাৰ ঘৰলৈ তেনে ৰূপৰ বাটি কিয় আহিল তাকেলৈও ইডিৰ বিষয়াসকলৰ মনত প্ৰশ্ন জাগিছে।

ইডি বিষয়াসকলে  যৌন পুতলা সন্দৰ্ভত অৰ্পিতাক  জেৰা কৰিব বুলি জানিব পৰা গৈছে। সেই যৌন পুতলাসমূহ কোনে তেওঁক  দিছিল সেই প্ৰশ্নৰ উত্তৰ জেৰাৰ পিছতে পোৱা যাব বুলি ধাৰণা কৰা হৈছে।ইপিনে অৰ্পিতা আৰু পাৰ্থ চেটাৰ্জীক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা বুলি জানিব পৰা গৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু