--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ তালিবানে আফগানিস্তানৰ কেন্দ্ৰীয় বেংকত এজন নতুন গৱৰ্ণৰ নিযুক্ত কৰিছে। হাজী মহম্মদ ইদ্ৰিছক নিযুক্তি দিছে তালিবানে। এতিয়াৰেপৰা হাজী মহম্মদ ইদ্ৰিছে আফগানিস্তান বেংকৰ নতুন গৱৰ্ণৰ হিচাপে কাম কৰিব। তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে টুইটাৰযোগে এই কথা সদৰী কৰিছে।


তালিবানৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি হাজী মহম্মদ ইদ্ৰিছ উত্তৰ প্ৰদেশ জাৱাজানৰ বাসিন্দা। তেওঁৰ পুৰণি তালিবান নেতা মোল্লা আখটাৰ মনচুৰৰ সৈতে বিত্তীয় বিষয়ত কাম কৰাৰ অভিজ্ঞতা আছে। মোল্লা আখটাৰ ২০১৬ চনত এটা ড্ৰোন আক্ৰমণত নিহত হৈছিল।
উল্লেখ্য যে, তালিবানে আফগানিস্তান দখল কৰাৰ পাছত, আফগানিস্তানৰ কেন্দ্ৰীয় বেংকৰ একাউণ্ট স্থগিত ৰখা হৈছিল। বেংক সেৱাও স্থগিত ৰখা হৈছিল।


এই অস্বাভাৱিক পৰিস্থিতিৰ বাবে আশ্ৰাফ ঘানিয়ে আফগান চৰকাৰক দোষাৰোপ কৰিছিল যদিও তালিবাৰ ওচৰত সহজ পৰাজয় স্বীকাৰ কৰিছিল ঘানিয়ে। পৰৱৰ্তী সময়ত দেশখনৰ কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰ আজমল আহমদৰ সৈতে আশ্ৰফ ঘানিয়ে আফগানিস্তানৰ পৰা পলায়ন কৰিছিল। জনিবলৈ পোৱা মতে, তালিবানে কাবুল দখল কৰাৰ দিনাই আজমল আহমেদে ১৫ আগষ্টত আফগানিস্তান ত্যাগ কৰিছিল। দেশৰ মুদ্ৰাৰ মূল্য হ্ৰাস পোৱা বুলি অৱগত হোৱাৰ পাছত দেশত্যাগৰ সিদ্ধান্ত লৈছিল বুলি তেওঁ জানিবলৈ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ