--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰাষ্ট্ৰপতি হিচাবে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে দ্ৰৌপদী মুৰ্মুৱে আজি বিৰোধী দলসমূহৰ পৰা প্ৰথমটো লিখিত অভিযোগ লাভ কৰে।বিৰোধী সাংসদসকলে ভাৰতৰ নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অভিনন্দন জ্ঞাপন কৰাৰ লগতে মোদীৰ চৰকাৰৰ বিৰুদ্ধে তকেতবোৰ অতি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। বিৰোধী দলৰ সাংসদসকলে ৰাষ্ট্ৰপতি মুৰ্মুলৈ লিখা পত্ৰ খনত বিজেপিয়ে কেন্দ্ৰীয় সংস্থা সমূহক নিজৰ মতে ব্যৱহাৰ কৰি যোৱা বুলি মন্তব্য কৰে। 

পত্ৰখনত তেওঁলোকে মূল্যবৃদ্ধি আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ওপৰত জিএছটি বৃদ্ধিৰ প্ৰসংগতো  চৰকাৰৰ কঠোৰ সমালোচনা কৰে। পত্ৰ খনত কোৱা হৈছে যে  মোডী চৰকাৰে বিৰোধীৰ প্ৰতি প্ৰতিশোধ লোৱাৰ বাবে কেন্দ্ৰীয় সংস্থাসমূহৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি আছে।সেয়ে বিষয়টো গভীৰ ভাবে গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতিক বিৰোধী দলৰ সাংসদসকলে আহ্বান জনায়। 

উল্লেখ্য দ্ৰৌপদী মুৰ্মুয়ে সোমবাৰে পুৱা দেশৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। তেওঁ দেশৰ প্ৰথম জনজাতীয় সম্প্ৰদায়ৰ ৰাষ্ট্ৰপতি । মঙলবাৰে বিৰোধীয়ে তেওঁলৈ লিখা  পত্ৰখনৰ আৰম্ভণিতে তেওঁলোকে ৰাষ্ট্ৰপতিলৈ  উষ্ম শুভেচ্ছা  জ্ঞাপন কৰে। পত্ৰ খনত লিখা হৈছে  "অতি দুৰ্ভাগ্যজনক কথাটো হ’ল , চৰকাৰৰ কঠোৰ স্থিতিৰ  বাবেই সংসদৰ বৰ্ষাকালীন অধিৱেশন ব্যাহত হৈছে। মূল্য বৃদ্ধি আৰু  অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ওপৰত জিএছটিৰ আৰোপ কৰাৰ বিষয়ত চৰকাৰে কোনো আলোচনা নিবিচাৰে। মোডী চৰকাৰে বিৰোধী দলসমূহৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰাৰ পদ্ধতিৰ প্ৰতিও আমি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰো। আইন সদায়  আইনৰ পথত যাব লাগে। কিন্তু ইয়াকযি ধৰণে  ব্যৱহাৰ কৰা হৈছে সেয়া মানি ল’ব নোৱাৰি।"

পত্ৰখনত এই দুয়োটা বিষয়ৰ প্ৰতি ৰাষ্ট্ৰপতিৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে।ৰাষ্ট্ৰপতিয়ে এই পত্ৰখনৰ উত্তৰ দিয়ে নে নাই লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ