--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰাষ্ট্ৰপতি হিচাবে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে দ্ৰৌপদী মুৰ্মুৱে আজি বিৰোধী দলসমূহৰ পৰা প্ৰথমটো লিখিত অভিযোগ লাভ কৰে।বিৰোধী সাংসদসকলে ভাৰতৰ নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অভিনন্দন জ্ঞাপন কৰাৰ লগতে মোদীৰ চৰকাৰৰ বিৰুদ্ধে তকেতবোৰ অতি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। বিৰোধী দলৰ সাংসদসকলে ৰাষ্ট্ৰপতি মুৰ্মুলৈ লিখা পত্ৰ খনত বিজেপিয়ে কেন্দ্ৰীয় সংস্থা সমূহক নিজৰ মতে ব্যৱহাৰ কৰি যোৱা বুলি মন্তব্য কৰে। 

পত্ৰখনত তেওঁলোকে মূল্যবৃদ্ধি আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ওপৰত জিএছটি বৃদ্ধিৰ প্ৰসংগতো  চৰকাৰৰ কঠোৰ সমালোচনা কৰে। পত্ৰ খনত কোৱা হৈছে যে  মোডী চৰকাৰে বিৰোধীৰ প্ৰতি প্ৰতিশোধ লোৱাৰ বাবে কেন্দ্ৰীয় সংস্থাসমূহৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি আছে।সেয়ে বিষয়টো গভীৰ ভাবে গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতিক বিৰোধী দলৰ সাংসদসকলে আহ্বান জনায়। 

উল্লেখ্য দ্ৰৌপদী মুৰ্মুয়ে সোমবাৰে পুৱা দেশৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। তেওঁ দেশৰ প্ৰথম জনজাতীয় সম্প্ৰদায়ৰ ৰাষ্ট্ৰপতি । মঙলবাৰে বিৰোধীয়ে তেওঁলৈ লিখা  পত্ৰখনৰ আৰম্ভণিতে তেওঁলোকে ৰাষ্ট্ৰপতিলৈ  উষ্ম শুভেচ্ছা  জ্ঞাপন কৰে। পত্ৰ খনত লিখা হৈছে  "অতি দুৰ্ভাগ্যজনক কথাটো হ’ল , চৰকাৰৰ কঠোৰ স্থিতিৰ  বাবেই সংসদৰ বৰ্ষাকালীন অধিৱেশন ব্যাহত হৈছে। মূল্য বৃদ্ধি আৰু  অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ওপৰত জিএছটিৰ আৰোপ কৰাৰ বিষয়ত চৰকাৰে কোনো আলোচনা নিবিচাৰে। মোডী চৰকাৰে বিৰোধী দলসমূহৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰাৰ পদ্ধতিৰ প্ৰতিও আমি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰো। আইন সদায়  আইনৰ পথত যাব লাগে। কিন্তু ইয়াকযি ধৰণে  ব্যৱহাৰ কৰা হৈছে সেয়া মানি ল’ব নোৱাৰি।"

পত্ৰখনত এই দুয়োটা বিষয়ৰ প্ৰতি ৰাষ্ট্ৰপতিৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে।ৰাষ্ট্ৰপতিয়ে এই পত্ৰখনৰ উত্তৰ দিয়ে নে নাই লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক