--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চৰ্চাত এগৰাকী ১৪ বছৰীয়া কন্যা। আচলতে নীলকণ্ঠ ধামত যেতিয়া মাতৃয়ে জলাভিষেক ইচ্ছা প্ৰকাশ কৰিছিল, তেতিয়া তেওঁৰ কন্যা খুশীয়ে মাতৃৰ মনৰ আশা পূৰণ কৰাৰ উদ্দেশ্যে মাতৃক চাইকেলত বহাই প্ৰায় ৮০ বৰ্গমিটাৰ দূৰৈৰ নীলকণ্ঠ ধামলৈ বুলি লৈ গৈছিল।

কাৱঁড় যাত্ৰাৰ মাজতে দেওবাৰে ধামত জলাভিষেক পৰিৱেশন কৰি চাইকেলেৰে উভতি অহা পথত খুশী আৰু মাতৃ সুষমা দেৱীয়ক লগ পায় এটা বিশেষ  নিউজ এজেন্সীৰ দলে ।‌উক্ত যাত্ৰা সম্পৰ্কে তেওলোকক প্ৰশ্ন কৰাত ৰুৰকীৰ বাসিন্দা সুষমা দেৱীয়ে জালাভিষেকৰ বাবে নীলকণ্ঠ ধামলৈ যোৱা বুলি জানিবলৈ দিয়ে।

তেওঁৰ ১৪বছৰীয়া কন্যাই তেওঁৰ সেই ইচ্ছা পূৰণৰ বাবে চাইকেলত তেওঁক বহাই নীলকণ্ঠ ধাম পাইছিল। ২২ জুলাইত তেওঁ ঘৰৰ পৰা নীলকণ্ঠ ধামলৈ ৰাওনা হৈছে। ২৩ জুলাইৰ সন্ধিয়া লক্ষ্মণঝু পাইছিল। আৰু ২৪ জুলাইৰ পুৱা নীলকণ্ঠত ভগৱান শিৱৰ জলাভিষেক সম্পন্ন কৰাৰ পাছত পুনৰ তেওঁলোক ৰূৰকীলৈ ৰাওনা হৈছে। সুষমা দেৱীয়ে কয় যে তেওঁৰ বাবে তেওঁৰ কন্যা শ্ৰৱণ কুমাৰতকৈ কম নহয়।

ইফালে কাৱঁড় যাত্ৰাৰ( কাৱঁড় যাত্ৰা শিৱভক্ত সকলৰ বছেৰেকীয়া তীৰ্থযাত্ৰা। এই তীৰ্থযাত্ৰী সকলক কাৱঁড়ীয়া বা ভোলে বোলে। )বাবে মাত্ৰ এদিন বাকী। ২৬ জুলাই যাত্ৰাৰ শেষৰটো দিন। যিদৰে জলাভিষেকৰ দিনটো চুটি হৈ আহিছে। নীলকণ্ঠ ধামত বৃদ্ধি পাইছে শিৱভক্তৰ সংখ্যা। দেওবাৰে নীলকণ্ঠ মন্দিৰত তিনি লাখ ভক্তই সম্পন্ন কৰে ভগৱান শিৱক জলাভিষেক।

দেওবাৰে বেৰেজ নীলকণ্ঠ মটৰ ৰোড আৰু ৰাজাজী টাইগাৰ ৰিজাৰ্ভৰ অন্তৰ্গত ফুটপাথত সমবেত হয় কাৱঁড়ীয়া সকল। জনসমাগমৰ বাবেই মটৰৱে’ত গৰুডচট্টি, ৰটপানী, ঘাটগাড, পিপালকোটি, মৌন আদি ঠাইত দীঘলীয়া যান-বাহনৰ জামৰ সৃষ্টি হয় ৷কাৱঁড়ীয়াসকলৰ ভিৰৰ বাবে পথটোত ব্যাহত হয় যান-জঁট। নীলকণ্ঠ পথচাৰী পথৰ ক্ষেত্ৰতো একে সমস্যা দেখিবলৈ পোৱা যায়।

মৌনী বাপু গুহাৰ পৰা ধনধলা পানী পুন্দৰসু আৰু নীলকণ্ঠ মন্দিৰলৈকে শিৱভক্তৰ ভিৰ আছিল। বাটত কাৱঁড়ীয়া সকলে মাজে মাজে মন্দিৰৰ ফালে আগবাঢ়ি যায়। কিন্তু নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে সময়ে সময়ে বেৰিকেডিং লগাই দিয়ে। গোটেই দিনটো হৰ হৰ মহাদেৱৰ ধ্বনি আৰু উল্লাসেৰে গলি-পথবোৰত প্ৰতিধ্বনিত হৈছিল। 

বৰাজ মটৰ ৰোডৰ বাঘ খালা আৰু টু বাটাৰ ওচৰত দুচকীয়া গাড়ীবোৰ  ৰখাই থোৱা ব্যৱস্থা কৰা হৈছিল। ভিৰ নিয়ন্ত্ৰণত আৰক্ষীও যেন ব্যৰ্থ হৈছিল। মন্দিৰৰ পুৰোহিত শিৱানন্দ গিৰীয়ে জনোৱা মতে, দেওবাৰে নিশা এক বজাৰ পৰা নীলকণ্ঠ ধামত জলাভিষেক অনুষ্ঠান আৰম্ভ হৈছিল, যিটো প্ৰায় গভীৰ নিশালৈকে চলিছিল। প্ৰায় তিনি লাখ শিৱ ভক্তই নীলকণ্ঠ ধামত জলাভিষেক সম্পন্ন কৰে

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু