--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চৰ্চাত এগৰাকী ১৪ বছৰীয়া কন্যা। আচলতে নীলকণ্ঠ ধামত যেতিয়া মাতৃয়ে জলাভিষেক ইচ্ছা প্ৰকাশ কৰিছিল, তেতিয়া তেওঁৰ কন্যা খুশীয়ে মাতৃৰ মনৰ আশা পূৰণ কৰাৰ উদ্দেশ্যে মাতৃক চাইকেলত বহাই প্ৰায় ৮০ বৰ্গমিটাৰ দূৰৈৰ নীলকণ্ঠ ধামলৈ বুলি লৈ গৈছিল।

কাৱঁড় যাত্ৰাৰ মাজতে দেওবাৰে ধামত জলাভিষেক পৰিৱেশন কৰি চাইকেলেৰে উভতি অহা পথত খুশী আৰু মাতৃ সুষমা দেৱীয়ক লগ পায় এটা বিশেষ  নিউজ এজেন্সীৰ দলে ।‌উক্ত যাত্ৰা সম্পৰ্কে তেওলোকক প্ৰশ্ন কৰাত ৰুৰকীৰ বাসিন্দা সুষমা দেৱীয়ে জালাভিষেকৰ বাবে নীলকণ্ঠ ধামলৈ যোৱা বুলি জানিবলৈ দিয়ে।

তেওঁৰ ১৪বছৰীয়া কন্যাই তেওঁৰ সেই ইচ্ছা পূৰণৰ বাবে চাইকেলত তেওঁক বহাই নীলকণ্ঠ ধাম পাইছিল। ২২ জুলাইত তেওঁ ঘৰৰ পৰা নীলকণ্ঠ ধামলৈ ৰাওনা হৈছে। ২৩ জুলাইৰ সন্ধিয়া লক্ষ্মণঝু পাইছিল। আৰু ২৪ জুলাইৰ পুৱা নীলকণ্ঠত ভগৱান শিৱৰ জলাভিষেক সম্পন্ন কৰাৰ পাছত পুনৰ তেওঁলোক ৰূৰকীলৈ ৰাওনা হৈছে। সুষমা দেৱীয়ে কয় যে তেওঁৰ বাবে তেওঁৰ কন্যা শ্ৰৱণ কুমাৰতকৈ কম নহয়।

ইফালে কাৱঁড় যাত্ৰাৰ( কাৱঁড় যাত্ৰা শিৱভক্ত সকলৰ বছেৰেকীয়া তীৰ্থযাত্ৰা। এই তীৰ্থযাত্ৰী সকলক কাৱঁড়ীয়া বা ভোলে বোলে। )বাবে মাত্ৰ এদিন বাকী। ২৬ জুলাই যাত্ৰাৰ শেষৰটো দিন। যিদৰে জলাভিষেকৰ দিনটো চুটি হৈ আহিছে। নীলকণ্ঠ ধামত বৃদ্ধি পাইছে শিৱভক্তৰ সংখ্যা। দেওবাৰে নীলকণ্ঠ মন্দিৰত তিনি লাখ ভক্তই সম্পন্ন কৰে ভগৱান শিৱক জলাভিষেক।

দেওবাৰে বেৰেজ নীলকণ্ঠ মটৰ ৰোড আৰু ৰাজাজী টাইগাৰ ৰিজাৰ্ভৰ অন্তৰ্গত ফুটপাথত সমবেত হয় কাৱঁড়ীয়া সকল। জনসমাগমৰ বাবেই মটৰৱে’ত গৰুডচট্টি, ৰটপানী, ঘাটগাড, পিপালকোটি, মৌন আদি ঠাইত দীঘলীয়া যান-বাহনৰ জামৰ সৃষ্টি হয় ৷কাৱঁড়ীয়াসকলৰ ভিৰৰ বাবে পথটোত ব্যাহত হয় যান-জঁট। নীলকণ্ঠ পথচাৰী পথৰ ক্ষেত্ৰতো একে সমস্যা দেখিবলৈ পোৱা যায়।

মৌনী বাপু গুহাৰ পৰা ধনধলা পানী পুন্দৰসু আৰু নীলকণ্ঠ মন্দিৰলৈকে শিৱভক্তৰ ভিৰ আছিল। বাটত কাৱঁড়ীয়া সকলে মাজে মাজে মন্দিৰৰ ফালে আগবাঢ়ি যায়। কিন্তু নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে সময়ে সময়ে বেৰিকেডিং লগাই দিয়ে। গোটেই দিনটো হৰ হৰ মহাদেৱৰ ধ্বনি আৰু উল্লাসেৰে গলি-পথবোৰত প্ৰতিধ্বনিত হৈছিল। 

বৰাজ মটৰ ৰোডৰ বাঘ খালা আৰু টু বাটাৰ ওচৰত দুচকীয়া গাড়ীবোৰ  ৰখাই থোৱা ব্যৱস্থা কৰা হৈছিল। ভিৰ নিয়ন্ত্ৰণত আৰক্ষীও যেন ব্যৰ্থ হৈছিল। মন্দিৰৰ পুৰোহিত শিৱানন্দ গিৰীয়ে জনোৱা মতে, দেওবাৰে নিশা এক বজাৰ পৰা নীলকণ্ঠ ধামত জলাভিষেক অনুষ্ঠান আৰম্ভ হৈছিল, যিটো প্ৰায় গভীৰ নিশালৈকে চলিছিল। প্ৰায় তিনি লাখ শিৱ ভক্তই নীলকণ্ঠ ধামত জলাভিষেক সম্পন্ন কৰে

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক