--°C
Loading...
Listen to Article
2 min read
80%
১৯/০৩/২৪, মঙলবাৰ

মেষ ৰাশি:  সন্তানৰ শিক্ষা বা কোনো প্ৰতিযোগিতাত সফলতাৰ খবৰ লাভ কৰাৰ ফলত মন প্ৰফুল্লিত হ’ব। সন্ধিয়া কোনো ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। নিশাৰ ভাগত মাংগলিক কামত অংশগ্ৰহণৰ সৌভাগ্য হ’ব। 


বৃষ ৰাশি: শিক্ষা আৰু প্ৰতিযোগিতাত বিশেষ সফলতা লাভ কৰিব। হঠাতে  অত্যধিক চকুৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। শত্ৰু পৰাস্ত হ’ব। আজি আপোনাৰ আধৰুৱা হৈ থকা কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰক। 

মিথুন ৰাশি :আজি আপোনাৰ আশেপাশে আনন্দৰ পৰিৱেশ থাকিব। পৰিয়ালৰ সকলো সদস্যৰ সুখ বৃদ্ধি হ’ব। বহুদিনৰ পৰা চলি অহা লেনদেনৰ কোনো ডাঙৰ সমস্যা সমাধান হ’ব পাৰে। আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিয়াটো প্ৰয়োজন। কোনো ৰোগে বিপৰ্যস্ত কৰিব পাৰে।   

কৰ্কট ৰাশি:  খৰচ বৃদ্ধি হ’ব।  আজি মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। কামত সফলতা লাভ কৰিব। আপোনাৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰক। বাহিৰা বস্ত খোৱাৰ পৰা বিৰত থাকক।

সিংহ ৰাশি:   দিনটো কাম-কাজৰ চিন্তাত পাৰ হ’ব। দাম্পত্য জীৱনত বহুদিনৰ পৰা চলি অহা বাধা সমাপ্ত হ’ব। আজি কাৰো লগত লেনদেন নকৰিব, সম্পৰ্ক নষ্ট হ’ব পাৰে। ধৰ্মীয় ক্ষেত্ৰলৈ যাত্ৰা আৰু ধৰ্মীয় কামত খৰচ হ’ব পাৰে।

কন্যা ৰাশি:  আপোনাৰ হাতলৈ পৰ্যাপ্ত ধন আহিব। সকলো কথাতে মনত সন্তুষ্টি লাভ কৰিব। ভ্ৰমণ হ’ব পাৰে।  আজি আপোনাৰ বাবে শান্তিৰ পৰিৱেশ থাকিব। যাত্ৰা কৰাৰ সময়ত সাৱধান হওক।


তুলা ৰাশি : আজিৰ দিনটো সন্তোষ আৰু শান্তিৰ হ’ব। ৰাজনৈতিক ক্ষেত্ৰত কৰা প্ৰয়াস সফল হ’ব। নিশা অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ’ব লগা হ’ব পাৰে। সন্তানৰ ফালৰ পৰা কিছু সকাহ পাব। 


বৃশ্চিক ৰাশি :  কম সময়ত অধিক কাম কৰাত সফল হ’ব কিয়নো এই সময়ত আপোনাৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। আজি কোনো দামী বস্তু হেৰুওৱা বা চুৰি হোৱাৰ আশংকা আছে আপোনাৰ। সেইবাবে সতৰ্ক হওক। কৰ্মস্থলীত মান-সন্মান বৃদ্ধি পাব।

ধনু ৰাশি : দিনটো কাম-কাজৰ চিন্তাত পাৰ হ’ব। দাম্পত্য জীৱনত বহুদিনৰ পৰা চলি অহা বাধা সমাপ্ত হ’ব। আজি কাৰো লগত লেনদেন নকৰিব, সম্পৰ্ক নষ্ট হ’ব পাৰে। ধৰ্মীয় ক্ষেত্ৰলৈ যাত্ৰা আৰু ধৰ্মীয় কামত খৰচ হ’ব পাৰে।

মকৰ ৰাশি : আজি ঘৰুৱা জীৱনক লৈ মন চিন্তিত হ'ব। আজি কৰ্ম জীৱনত সমস্যাৰ সন্মুখীন হ’ব। কোনো প্ৰয়োজনীয় সামগ্ৰী কিনা হ’ব।  চোৰৰ পৰা সাৱধান। সন্তানৰ শুভ।  

 
কুম্ভ ৰাশি :  অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ হ’ব আৰু গুৰুত্বপূৰ্ণ আলোচনা হ’ব। নিযুক্তি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত চলি থকা প্ৰচেষ্টাত অকল্পনীয় সফলতা অৰ্জন কৰিব। আপুনি সন্তানৰ ফালৰ পৰা সন্তোষজনক আৰু ভাল খবৰ পাব। বিয়লি আইনী বিবাদ বা মোকৰ্দমাত বিজয় আপোনাৰ বাবে সুখৰ কাৰণ হ’ব পাৰে। 

মীন ৰাশি : আজি আপুনি পাৰিবাৰিক আৰু আৰ্থিক ক্ষেত্ৰত সফলতা লাভ কৰিব। জীৱিকাৰ ক্ষেত্ৰত চলি থকা নতুন প্ৰচেষ্টা ফলপ্ৰসূ হ’ব। অধীনস্থ কৰ্মচাৰীৰ পৰা পৰ্যাপ্ত সন্মান আৰু সমৰ্থন পাব। সন্ধিয়া কোনো কাজিয়া বা বিবাদত জড়িত নহ’ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ