--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গাখীৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী-এই কথা হয়তো কোৱাৰ প্ৰয়োজন নাই৷ কিন্তু গাখীৰ যদি আপুনি প্ৰসাধন হিচাপে ব্যৱহাৰ কৰে, তেন্তে আপুনি ইয়াৰ উপকাৰিতাৰ বিষয়ে জানিলে অবাক হ’ব৷ দাগ নোহোৱাকৈ মসৃণ মুখৰ বাবে প্ৰসাধন সামগ্ৰী ক্ৰয় কৰিও আপোনাৰ সমস্যাৰ অন্ত পৰা নাই! কিন্তু আজি দিম সহজে উপায়। কেঁচা গাখীৰে দূৰ কৰে ছালৰ সমস্যা। এণ্টিঅক্সিডেণ্ট, আলফা হাইড্ৰক্সি এচিড, ভিটামিন বি সমৃদ্ধ কেঁচা গাখীৰে আমাৰ ছাল আৰ্দ্ৰ কৰি ৰাখে। ই ভিতৰৰ পৰা পুষ্টি প্ৰদান কৰি ছাল উজ্জ্বল কৰি ৰখাত সহায় কৰে। কেঁচা গাখীৰ কেনেদৰে ব্যৱহাৰ কৰিব লাগে - পৰিষ্কাৰ কপাহ কেঁচাগাখীৰত তিয়াই দিয়ক আৰু মুখত লাহেকৈ মালিচ কৰক৷ ইয়াৰ পাছত, ১৫ৰ পৰা ২০ মিনিট মুখতেই শুকাবলৈ দিয়ক গাখীৰখিনি। শুকোৱাৰ পাছত গাখীৰ ফেচপেকটো ঠাণ্ডা পানীৰে ধুই দিয়ক। ফেচপেক শুকাই গ’লে নাহাঁহিব বা বেছি কথা নক’ব। তেতিয়া মুখত সুক্ষ্ম দাগ সৃষ্টি হ’ব পাৰে। কেঁচাগাখীৰত থকা ভিটামিন ‘এ’ আৰু ‘বি’য়ে এণ্টি-এজিং উপাদান হিচাপে কাম কৰে। মুখত কেঁচা গাখীৰৰ পেকেট এটা লগালে ছালৰ পৰা সকলো দাগ আঁতৰ হয়। চানবাৰ্ণ আঁতৰ কৰাৰ বাবে কেঁচা গাখীৰ যথেষ্ট উপকাৰী। গাখীৰৰ প্ৰদাহ-প্ৰতিৰোধী পৰিমাণে ছাল মসৃণ কৰে। কেঁচাগাখীৰ সংবেদনশীল ছালৰ যত্নৰ বাবেও এক অতি ভাল উপাদান। ই ছালক কোমল কৰি ৰখাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ