--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱাজুদ্দিন চিদ্দিকী আৰু তেওঁৰ পত্নী আলিয়া চিদ্দিকীৰ মাজৰ সংঘাত ক্ৰমে অধিক তীব্ৰতৰ হৈ পৰিছে৷আলিয়াৰ উকীলে আলিয়াক আনকি   খাদ্য নিদিয়াৰো অভিযোগ কৰিছে৷ যোৱা কুছুদিন ধৰি নৱাজুদ্দিন চিদ্দিকী আৰু তেওঁৰ পত্নী আলিয়া চিদ্দিকীৰ মাজৰ সম্পৰ্ক অধিক  জটিল হৈ পৰিছে। অভিনেত্ৰীগৰাকীৰ পত্নীয়ে শহুৰেকৰ বিৰুদ্ধেও অভিযোগ কৰি আহিছে।

আলিয়াই কয় " মই মোৰ নিজৰ ঘৰত গৃহবন্দী অনুভৱ কৰোঁ।" আলিয়া চিদ্দিকীৰ উকীলেঅভিযোগ কৰা অনুসৰি আলিয়াক আনকি শৌচালয় ব্যৱহাৰৰো অনুমতি দিয়া নহয়৷   ইপিনে অভিনেতাজনৰ পৰিয়ালে  আলিয়াৰ বিৰুদ্ধে আৰক্ষী চকীত ধন দাবীৰ অভিযোগ দাখিল কৰিছে৷ 

সমস্যাটো অভিনেতাজনৰ মাক মেহেৰুন্নিছা চিদ্দিকীৰ পৰা আৰম্ভ হৈছিল। এয়া এক সম্পত্তি সম্পৰ্কীয় জটিলতা বুলি বহুতে মন্তব্য কৰিছে। বোৱাৰীয়েকে শাহুৱেকৰ সৈতে তৰ্ক কৰাৰ পিছত অভিনেত্ৰীগৰাকীৰ শাহুৱেকে  পোনে পেনে  আৰক্ষী চকীলৈ গৈছিল। তেতিয়াৰে  পৰা  পৰিস্থিতি জটিল হৈ পৰে। এই সন্দৰ্ভত অভিনেতাগৰাকীৰ পত্নীৰ অধিবক্তাই বহু  বিস্ফোৰক দাবী কৰিছে। তেওঁ আৰক্ষীৰ তদন্তৰ বিষয়তো  প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয় "প্ৰায় প্ৰতিদিনেই, আলিয়াক  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দি আছে। আৰক্ষীয়ে  আলিয়াক প্ৰশ্ন কৰি আহিছে, আনকি তেওঁৰ সৰু পুত্ৰকো এৰি দিয়া নাই। তেওঁলোকে আনকি নৱাজৰ সৈতে তেওঁৰ সম্পৰ্কলৈও  প্ৰশ্ন কৰিছে। ''

অভিনেতাজনৰ পত্নীৰ উকীলে নৱাজুদ্দিনক পোনপটীয়াকৈ অভিযুক্ত কৰিছে। তেওঁ কৈছে  যে তেওঁ প্ৰায় সাত দিন ধৰি তেওঁৰ পত্নী আলিয়া আৰু সন্তানক খাদ্য দিয়া নাই। শৌচালয়ৰ ব্যৱহাৰ কৰাতো বাধা দিছে্। আনকি আলিয়া আৰু তেওঁৰ সন্তানকো পুৰুষ দেহৰক্ষীয়ে ঘেৰি ধৰিছে। ২০২১ চনত আলিয়াই নৱাজৰ সৈতে  বিবাহ বিচ্ছেদৰ সিদ্ধান্ত বাতিল কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু