--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱাজুদ্দিন চিদ্দিকী আৰু তেওঁৰ পত্নী আলিয়া চিদ্দিকীৰ মাজৰ সংঘাত ক্ৰমে অধিক তীব্ৰতৰ হৈ পৰিছে৷আলিয়াৰ উকীলে আলিয়াক আনকি   খাদ্য নিদিয়াৰো অভিযোগ কৰিছে৷ যোৱা কুছুদিন ধৰি নৱাজুদ্দিন চিদ্দিকী আৰু তেওঁৰ পত্নী আলিয়া চিদ্দিকীৰ মাজৰ সম্পৰ্ক অধিক  জটিল হৈ পৰিছে। অভিনেত্ৰীগৰাকীৰ পত্নীয়ে শহুৰেকৰ বিৰুদ্ধেও অভিযোগ কৰি আহিছে।

আলিয়াই কয় " মই মোৰ নিজৰ ঘৰত গৃহবন্দী অনুভৱ কৰোঁ।" আলিয়া চিদ্দিকীৰ উকীলেঅভিযোগ কৰা অনুসৰি আলিয়াক আনকি শৌচালয় ব্যৱহাৰৰো অনুমতি দিয়া নহয়৷   ইপিনে অভিনেতাজনৰ পৰিয়ালে  আলিয়াৰ বিৰুদ্ধে আৰক্ষী চকীত ধন দাবীৰ অভিযোগ দাখিল কৰিছে৷ 

সমস্যাটো অভিনেতাজনৰ মাক মেহেৰুন্নিছা চিদ্দিকীৰ পৰা আৰম্ভ হৈছিল। এয়া এক সম্পত্তি সম্পৰ্কীয় জটিলতা বুলি বহুতে মন্তব্য কৰিছে। বোৱাৰীয়েকে শাহুৱেকৰ সৈতে তৰ্ক কৰাৰ পিছত অভিনেত্ৰীগৰাকীৰ শাহুৱেকে  পোনে পেনে  আৰক্ষী চকীলৈ গৈছিল। তেতিয়াৰে  পৰা  পৰিস্থিতি জটিল হৈ পৰে। এই সন্দৰ্ভত অভিনেতাগৰাকীৰ পত্নীৰ অধিবক্তাই বহু  বিস্ফোৰক দাবী কৰিছে। তেওঁ আৰক্ষীৰ তদন্তৰ বিষয়তো  প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয় "প্ৰায় প্ৰতিদিনেই, আলিয়াক  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দি আছে। আৰক্ষীয়ে  আলিয়াক প্ৰশ্ন কৰি আহিছে, আনকি তেওঁৰ সৰু পুত্ৰকো এৰি দিয়া নাই। তেওঁলোকে আনকি নৱাজৰ সৈতে তেওঁৰ সম্পৰ্কলৈও  প্ৰশ্ন কৰিছে। ''

অভিনেতাজনৰ পত্নীৰ উকীলে নৱাজুদ্দিনক পোনপটীয়াকৈ অভিযুক্ত কৰিছে। তেওঁ কৈছে  যে তেওঁ প্ৰায় সাত দিন ধৰি তেওঁৰ পত্নী আলিয়া আৰু সন্তানক খাদ্য দিয়া নাই। শৌচালয়ৰ ব্যৱহাৰ কৰাতো বাধা দিছে্। আনকি আলিয়া আৰু তেওঁৰ সন্তানকো পুৰুষ দেহৰক্ষীয়ে ঘেৰি ধৰিছে। ২০২১ চনত আলিয়াই নৱাজৰ সৈতে  বিবাহ বিচ্ছেদৰ সিদ্ধান্ত বাতিল কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক