--°C
Loading...
Listen to Article
2 min read
80%

পাটনা : টিকাকৰণক লৈ দেশত অব্যাহত আছে বিতৰ্ক। প্ৰতিষেধকৰ নাটনি তথা টিকাকৰণৰ শ্লথ গতিক লৈ কেন্দ্ৰক বিৰোধীয়ে সমালোচনাৰে থকা-সৰকা কৰাৰ দৰে ঘটনাৰ মাজতে টিকাকৰণ অভিযানত তীব্ৰতা অনাৰ চেষ্টা কৰিছে যদিও এইবাৰ নতুন বিতৰ্কৰ সূত্ৰপাত ঘটিছে।

বিহাৰত এইবাৰ চলিছে টিকা দিয়াৰ নাটক। খালী চিৰিঞ্জেৰে লোকক টিকা দিয়াৰ ভিডিঅ’ই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিহাৰৰ চাপ্ৰা জিলাত এই ঘটনা সংঘটিত হৈছে। এগৰাকী নাৰ্ছে খালী চিৰিঞ্জেৰে এজন লোকক প্ৰতিষেধক প্ৰদানৰ নাটক কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। জানিব পৰা মতে, নাৰ্ছগৰাকীক কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হৈছে।

ম’বাইল ফোনেৰে সংগ্ৰহ কৰা ভিডিঅ’টোত দেখা গৈছে যে, নাৰ্ছগৰাকীয়ে নতুন চিৰিঞ্জ উলিয়াই তাত প্ৰতিষেধক নভৰোঁৱাকৈয়ে লোক এজনৰ টিকাকৰণ কৰে। প্ৰতিষেধক গ্ৰহণ কৰা লোকজনে এই বিষয়ে তেতিয়াহে গম পায়, যেতিয়া এই ভিডিঅ’টো প্ৰস্তুত কৰা তেওঁৰ বন্ধুৱে এই বিষয়টো তেওঁৰ দৃষ্টিগোচৰ কৰে। খালী চিৰিঞ্জেৰে তেওঁক ‘বেজী’ দিয়াৰ পাছত লোকজনে মূৰৰ বিষত ভোগা বুলি অভিযোগ কৰিছে আৰু তেওঁ দ্বিতীয় পালি টিকা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ