--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : দেশৰ টিকাকৰণ অভিযানক লৈ বিতৰ্কৰ অন্ত নোহোৱা হৈছে। মহামাৰী ক’ভিডৰ বিৰুদ্ধে যুঁজৰ একমাত্ৰ অস্ত্ৰ হিচাপে চিহ্নিত হোৱা ক’ভিড প্ৰতিষেধকক লৈ একাংশই আৰম্ভ কৰিছে নিকৃষ্ট কাৰচাজি। মু্ম্বাইত কিছুদিন পূৰ্বে পোহৰলৈ আহিছিল ভুৱা টিকাকৰণ অভিযানৰ বিষয়ে। এই দুষ্কাৰ্যৰ চিকাৰ হৈছিল ২০০০কৈ লোক। এই সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈ সাতখন এফআইআৰ ৰুজু কৰিছে আৰু আঠজন লোকক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত এগৰাকী মহিলাও আছে আৰু তেওঁ কোউইন একাউণ্টৰ ইউজাৰ নেম আৰু পাছৱৰ্ড শ্বেয়াৰ কৰিছিল আৰু তাৰ জৰিয়তে ভেকচিন প্ৰদানৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছিল। মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰিছে যে, এই জালিয়াতিৰ চিকাৰ হোৱা প্ৰায় ২০০০ লোকক হয়তো চেলাইনৰ পানী বা ছল্ট ৱাটাৰ দিয়া হৈছিল প্ৰতিষেধকৰ নামত।

আৰক্ষীয়ে এই লোকসকলৰ পৰা ১২.৪০লাখ টকাও জব্দ কৰা বুলি প্ৰকাশ কৰিছে। আন আঠটা এপাৰ্টমেণ্ট কেম্পাছত এই দুষ্কাৰ্য সংঘটিত কৰা হৈছিল বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে আৰু প্ৰায় প্ৰায় আটাইকেইটা দুষ্কাৰ্যতে জড়িত লোকসকল একে। আনহাতে, আৰক্ষীয়ে জব্দ কৰা কোভিশ্বিল্ডৰ বটলবোৰ গুজৰাটৰ পৰা সংগ্ৰহ কৰা হৈছিল। কিন্তু ইয়াৰ ভিতৰত কি আছিল সেয়া নিশ্চিত নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ