--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : দেশৰ টিকাকৰণ অভিযানক লৈ বিতৰ্কৰ অন্ত নোহোৱা হৈছে। মহামাৰী ক’ভিডৰ বিৰুদ্ধে যুঁজৰ একমাত্ৰ অস্ত্ৰ হিচাপে চিহ্নিত হোৱা ক’ভিড প্ৰতিষেধকক লৈ একাংশই আৰম্ভ কৰিছে নিকৃষ্ট কাৰচাজি। মু্ম্বাইত কিছুদিন পূৰ্বে পোহৰলৈ আহিছিল ভুৱা টিকাকৰণ অভিযানৰ বিষয়ে। এই দুষ্কাৰ্যৰ চিকাৰ হৈছিল ২০০০কৈ লোক। এই সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈ সাতখন এফআইআৰ ৰুজু কৰিছে আৰু আঠজন লোকক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত এগৰাকী মহিলাও আছে আৰু তেওঁ কোউইন একাউণ্টৰ ইউজাৰ নেম আৰু পাছৱৰ্ড শ্বেয়াৰ কৰিছিল আৰু তাৰ জৰিয়তে ভেকচিন প্ৰদানৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছিল। মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰিছে যে, এই জালিয়াতিৰ চিকাৰ হোৱা প্ৰায় ২০০০ লোকক হয়তো চেলাইনৰ পানী বা ছল্ট ৱাটাৰ দিয়া হৈছিল প্ৰতিষেধকৰ নামত।

আৰক্ষীয়ে এই লোকসকলৰ পৰা ১২.৪০লাখ টকাও জব্দ কৰা বুলি প্ৰকাশ কৰিছে। আন আঠটা এপাৰ্টমেণ্ট কেম্পাছত এই দুষ্কাৰ্য সংঘটিত কৰা হৈছিল বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে আৰু প্ৰায় প্ৰায় আটাইকেইটা দুষ্কাৰ্যতে জড়িত লোকসকল একে। আনহাতে, আৰক্ষীয়ে জব্দ কৰা কোভিশ্বিল্ডৰ বটলবোৰ গুজৰাটৰ পৰা সংগ্ৰহ কৰা হৈছিল। কিন্তু ইয়াৰ ভিতৰত কি আছিল সেয়া নিশ্চিত নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু