--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্পেইনৰ প্ৰাক্তন ফুটবল খেলুৱৈ পিকে আৰু শ্বাকিৰাৰ যোৱা বছৰ বিবাহ বিচ্ছেদ হৈছিল। কলম্বিয়ান পপষ্টাৰগৰাকীয়ে যোৱা বছৰ এটা বিবৃতিত পিকেৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা কৰিছিল। তেওঁ কৈছিল যে পিকে আন এগৰাকী মহিলাৰ সৈতে সম্পৰ্কত জড়িত হৈ পৰিছে।

পিছত জানিব পৰা গৈছিল যে স্পেনিছ চেণ্টাৰবেক পিকেই ক্লাৰা চিয়া মাৰ্টি নামৰ এগৰাকী টেলিভিছন প্ৰেজেণ্টাৰৰ সৈতে সম্পৰ্ক ৰাখি আহিছে। তাৰ পিছতে শ্বাকিৰাই এইবাৰ নতুন গান এটা তেওঁৰ প্ৰাক্তন স্বামী পিকেক সমালোচনা কৰিছে।

গানটো নতুন বছৰতে মুক্তি লাভ কৰিছে। গানটোত বিভিন্ন শব্দ আছে, যিসমূহ পিকেক লক্ষ্য কৰিয়েই লিখা হৈছে বুলি ভবা হৈছে। গানটোত এইদৰে আছে- "যিজন ব্যক্তিয়ে কম খৰচী গাড়ী  ক্ৰয় কৰাৰহে ক্ষমতা আছে, তেওঁ এখন  বিলাসী গাড়ী  কিনিবলৈ আহিছে!" আন এটা শাৰীত কোৱা হৈছে- "কমদামী ঘড়ী পিন্ধাৰেই ক্ষমতা নাই, তেওঁ এটা  দামী ঘড়ী  কিনিবলৈ গৈছিল!"

বিবাহ বিচ্ছেদৰ পিছত শ্বাকিৰাই এখন বাতৰি কাকতক কৈছিল যে সম্পৰ্কটো জীয়াই ৰাখিবলৈ পিকেয়ে যিসমূহ কৰিব লাগিব সেয়া কৰা নাছিল। তেওঁ কয়- "তেওঁ ফুটবল খেলত মন দিব বিচাৰিছিল আৰু মই তেওঁৰ কাষত থিয় দিয়াৰ প্ৰয়োজন আছিল। কোনোবাই নিজকে ত্যাগ কৰিব লগা হৈছিল। মই সেইটো কৰিছিলো। মই মোৰ কেৰিয়াৰটো পিছলৈ ঠেলি দিছিলো আৰু স্পেইনলৈ আহিছিলো। তেওঁৰ কাষত থিয় হৈছিলোঁ যাতে তেওঁ ভাল ফুটবল খেলিব পাৰে আৰু ট্ৰফী জিকিব পাৰে। মই প্ৰেমৰ বাবে এই ত্যাগ কৰিছিলো। তেওঁ ইয়াৰ মূল্য পৰিশোধ কৰা নাছিল।"

শ্বাকিৰাৰ গানৰ ভিডিঅ'টো ইতিমধ্যে বহুত জনপ্ৰিয় হৈ পৰিছে। দুই মিলিয়নতকৈও অধিক লোকে ইয়াক ইউটিউবত চাইছে। অৱশ্যে, পিকে-ৰ পৰা কোনো তাৎক্ষণিক মন্তব্য পোৱা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু