--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্পেইনৰ প্ৰাক্তন ফুটবল খেলুৱৈ পিকে আৰু শ্বাকিৰাৰ যোৱা বছৰ বিবাহ বিচ্ছেদ হৈছিল। কলম্বিয়ান পপষ্টাৰগৰাকীয়ে যোৱা বছৰ এটা বিবৃতিত পিকেৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা কৰিছিল। তেওঁ কৈছিল যে পিকে আন এগৰাকী মহিলাৰ সৈতে সম্পৰ্কত জড়িত হৈ পৰিছে।

পিছত জানিব পৰা গৈছিল যে স্পেনিছ চেণ্টাৰবেক পিকেই ক্লাৰা চিয়া মাৰ্টি নামৰ এগৰাকী টেলিভিছন প্ৰেজেণ্টাৰৰ সৈতে সম্পৰ্ক ৰাখি আহিছে। তাৰ পিছতে শ্বাকিৰাই এইবাৰ নতুন গান এটা তেওঁৰ প্ৰাক্তন স্বামী পিকেক সমালোচনা কৰিছে।

গানটো নতুন বছৰতে মুক্তি লাভ কৰিছে। গানটোত বিভিন্ন শব্দ আছে, যিসমূহ পিকেক লক্ষ্য কৰিয়েই লিখা হৈছে বুলি ভবা হৈছে। গানটোত এইদৰে আছে- "যিজন ব্যক্তিয়ে কম খৰচী গাড়ী  ক্ৰয় কৰাৰহে ক্ষমতা আছে, তেওঁ এখন  বিলাসী গাড়ী  কিনিবলৈ আহিছে!" আন এটা শাৰীত কোৱা হৈছে- "কমদামী ঘড়ী পিন্ধাৰেই ক্ষমতা নাই, তেওঁ এটা  দামী ঘড়ী  কিনিবলৈ গৈছিল!"

বিবাহ বিচ্ছেদৰ পিছত শ্বাকিৰাই এখন বাতৰি কাকতক কৈছিল যে সম্পৰ্কটো জীয়াই ৰাখিবলৈ পিকেয়ে যিসমূহ কৰিব লাগিব সেয়া কৰা নাছিল। তেওঁ কয়- "তেওঁ ফুটবল খেলত মন দিব বিচাৰিছিল আৰু মই তেওঁৰ কাষত থিয় দিয়াৰ প্ৰয়োজন আছিল। কোনোবাই নিজকে ত্যাগ কৰিব লগা হৈছিল। মই সেইটো কৰিছিলো। মই মোৰ কেৰিয়াৰটো পিছলৈ ঠেলি দিছিলো আৰু স্পেইনলৈ আহিছিলো। তেওঁৰ কাষত থিয় হৈছিলোঁ যাতে তেওঁ ভাল ফুটবল খেলিব পাৰে আৰু ট্ৰফী জিকিব পাৰে। মই প্ৰেমৰ বাবে এই ত্যাগ কৰিছিলো। তেওঁ ইয়াৰ মূল্য পৰিশোধ কৰা নাছিল।"

শ্বাকিৰাৰ গানৰ ভিডিঅ'টো ইতিমধ্যে বহুত জনপ্ৰিয় হৈ পৰিছে। দুই মিলিয়নতকৈও অধিক লোকে ইয়াক ইউটিউবত চাইছে। অৱশ্যে, পিকে-ৰ পৰা কোনো তাৎক্ষণিক মন্তব্য পোৱা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক