--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমেৰিকাৰ ইউনিভাৰ্চিটি অব মেৰিলেণ্ড স্কুল অৱ মেডিচিনৰ গৱেষকসকলে বৃহস্পতিবাৰে কৰা এক পৰ্যালোচিত চিকিৎসা আলোচনী ‘নিউৰ’লজি’ত প্ৰকাশিত এক গৱেষণাত কয় যে আমাৰ তেজৰ গ্ৰুপ কম বয়সতে ষ্ট্ৰোকৰ সৈতে জড়িত। গৱেষকৰ মতে, ‘এ’ ব্লাড গ্ৰুপ লোকসকলৰ কম বয়সতে ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা ১৮ শতাংশ বেছি। আনহাতে, যিসকলৰ লোকৰ ব্লাড টাইপ ‘O’ আছে তেওঁলোকৰ আগতীয়াকৈ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা আনসকলতকৈ ১২ শতাংশ কম।

 যেতিয়া ৰক্তবাহী নলীৰ মাজেৰে মগজুৰ সকলো অংশলৈ তেজ সমানে প্ৰবাহিত নহয়, তেতিয়া ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়। মগজুলৈ তেজ যোগান ধৰা সুক্ষ্ম ৰক্তবাহী নলী ফাটি তেজ ওলায় বা তেজ জমা হ’লে এনে হয়। ৰোগীৰ শৰীৰত ষ্ট্ৰোকৰ প্ৰভাৱৰ পৰিসৰ নিৰ্ভৰ কৰে ষ্ট্ৰোক ক’ত হৈছিল আৰু ৰোগীক কিমান সোনকালে চিকিৎসকৰ ওচৰলৈ লৈ যোৱাৰ পাছতহে। গৱেষক ষ্টিভেন জে কিটনাৰে প্ৰকাশ কৰা অনুসৰি আজিকালি সৰু লৰা-ছোৱালীয়ে বহুত বেছি হাৰত ষ্ট্ৰোকত ভুগিছে। ইয়াৰ বাবেই তেওঁলোকৰ অধিকাংশই মৃত্যুমুখত পৰিছে। ষ্টকৰ সৈতে মোকাবিলা কৰা বহুতৰে শাৰীৰিকভাৱে আগৰ তুলনাত দুৰ্বল।

 শৰীৰলৈ জড়তা আহি আছে। কিন্তু কম বয়সতে ষ্ট্ৰোকৰ আশংকা কিয় বাঢ়ি যায় সেই সন্দৰ্ভত বিশেষ গৱেষণা কৰা হোৱা নাই। তেওঁ লগতে কয় যে ৬০ বছৰৰ তলৰ লোকৰ ষ্ট্ৰোকৰ আশংকা কিয় বৃদ্ধি পায় সেই সম্পৰ্কে গৱেষণা কৰা হৈছে। ‘এ ব্লাড গ্ৰুপ থকা লোকৰ ক্ষেত্ৰত কিয় এই আশংকা বৃদ্ধি পায় সেই সম্পৰ্কে তেওঁলোকৰ হাতত এতিয়াও কোনো তথ্য নাই। ইয়াৰ ওপৰত অধিক গৱেষণা অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ