--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমেৰিকাৰ ইউনিভাৰ্চিটি অব মেৰিলেণ্ড স্কুল অৱ মেডিচিনৰ গৱেষকসকলে বৃহস্পতিবাৰে কৰা এক পৰ্যালোচিত চিকিৎসা আলোচনী ‘নিউৰ’লজি’ত প্ৰকাশিত এক গৱেষণাত কয় যে আমাৰ তেজৰ গ্ৰুপ কম বয়সতে ষ্ট্ৰোকৰ সৈতে জড়িত। গৱেষকৰ মতে, ‘এ’ ব্লাড গ্ৰুপ লোকসকলৰ কম বয়সতে ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা ১৮ শতাংশ বেছি। আনহাতে, যিসকলৰ লোকৰ ব্লাড টাইপ ‘O’ আছে তেওঁলোকৰ আগতীয়াকৈ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা আনসকলতকৈ ১২ শতাংশ কম।

 যেতিয়া ৰক্তবাহী নলীৰ মাজেৰে মগজুৰ সকলো অংশলৈ তেজ সমানে প্ৰবাহিত নহয়, তেতিয়া ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়। মগজুলৈ তেজ যোগান ধৰা সুক্ষ্ম ৰক্তবাহী নলী ফাটি তেজ ওলায় বা তেজ জমা হ’লে এনে হয়। ৰোগীৰ শৰীৰত ষ্ট্ৰোকৰ প্ৰভাৱৰ পৰিসৰ নিৰ্ভৰ কৰে ষ্ট্ৰোক ক’ত হৈছিল আৰু ৰোগীক কিমান সোনকালে চিকিৎসকৰ ওচৰলৈ লৈ যোৱাৰ পাছতহে। গৱেষক ষ্টিভেন জে কিটনাৰে প্ৰকাশ কৰা অনুসৰি আজিকালি সৰু লৰা-ছোৱালীয়ে বহুত বেছি হাৰত ষ্ট্ৰোকত ভুগিছে। ইয়াৰ বাবেই তেওঁলোকৰ অধিকাংশই মৃত্যুমুখত পৰিছে। ষ্টকৰ সৈতে মোকাবিলা কৰা বহুতৰে শাৰীৰিকভাৱে আগৰ তুলনাত দুৰ্বল।

 শৰীৰলৈ জড়তা আহি আছে। কিন্তু কম বয়সতে ষ্ট্ৰোকৰ আশংকা কিয় বাঢ়ি যায় সেই সন্দৰ্ভত বিশেষ গৱেষণা কৰা হোৱা নাই। তেওঁ লগতে কয় যে ৬০ বছৰৰ তলৰ লোকৰ ষ্ট্ৰোকৰ আশংকা কিয় বৃদ্ধি পায় সেই সম্পৰ্কে গৱেষণা কৰা হৈছে। ‘এ ব্লাড গ্ৰুপ থকা লোকৰ ক্ষেত্ৰত কিয় এই আশংকা বৃদ্ধি পায় সেই সম্পৰ্কে তেওঁলোকৰ হাতত এতিয়াও কোনো তথ্য নাই। ইয়াৰ ওপৰত অধিক গৱেষণা অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি