--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰত মেদ জমা হোৱাটো এতিয়া বহুতৰে বাবে সমস্যাৰ বিষয় হৈ পৰিছে। শৰীৰত অতিৰিক্ত মেদ জমা হোৱাৰ ফলত নানান ৰোগেও আমাক আক্ৰমণ কৰাৰ আশংকা বৃদ্ধি পায়। তদুপৰি মেদ জমা হ'লে দেহলৈ অলস ভাব আহিব পাৰে। মেদ হ্ৰাস কৰিবলৈ বহুতেই বহু চেষ্টা কৰে। বলীউডৰ অভিনেত্ৰী মালাইকা অৰোৰাই নিজৰ  ফিটনেছক লৈ  যথেষ্ট সচেতন। মালাইকাই তেওঁৰ শৰীৰটো কিদৰে মেদমুক্ত কৰি ৰাখিছে তাৰ এটা সাধাৰণ তথা চমৎকাৰী চিপছ দিছে। 

ইনষ্টাগ্ৰামত সততে সক্ৰিয় হৈ থকা মালাইকাই তেওঁৰ  ইনষ্টাগ্ৰামত প্ৰায়ে তেওঁৰ অনুৰাগীসকলৰ বাবে  বিভিন্ন ফিটনেছ সম্পৰ্কীয় পদ্ধতিৰ কথা আলোচনা কৰে।  শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে, য'ত তেওঁ চফগুটিৰ বিভিন্ন গুণাগুণৰ কথা উল্লেখ কৰিছে। ভিডিঅ'টোৰ তলত তেওঁ লিখিছে, "যেতিয়া কোনোবাই ৰাতিৰ আহাৰৰ পিছত আপোনাক চফগুটি  দিয়ে, ইয়াক কেতিয়াও  অৱহেলা নকৰিব।"

মালাইকাই তাইৰ অনুগামীসকলক কৈছে  যে প্ৰতিদিনে চফগুটি(বহুতে গুৱামৰি বুলি কয়)  খোৱা স্বাস্থ্যৰ বাবে অতি ভাল।

চফগুটিত থকা পদাৰ্থই শৰীৰৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে। ৰাতি চফগুটি পানীত তিয়াই থৈ পুৱা পানীখিনি খালী পেটত খালে কম দিনৰ ভিতৰতে শৰীৰৰ মেদ কমি যায়। ছফ গুটিয়ে  শৰীৰত ভিটামিন আৰু খনিজ পদাৰ্থ শোষণৰ হাৰ বৃদ্ধি কৰাত সহায় কৰে বুলিও মালাইকাই নিজৰ অভিজ্ঞতাৰ পৰা কৈছে।



চফগুটিয়ে   বুকুজ্বলা, গেছ, পেটৰ বিষ আৰু বদহজম ৰোধ কৰাত সহায় কৰে। চফগুটিত ইষ্ট্ৰাগোল, ফেঞ্চন আৰু এনিথল নামৰ পদাৰ্থ থকাৰ বাবে, ই শৰীৰৰ বাবে প্ৰয়োজনীয়  এনজাইম নিঃসৰণত সহায় কৰে। 
 উচ্চ ৰক্তচাপৰ সমস্যা থকাসকলকো অভিনেত্ৰীগৰাকীয়ে প্ৰতিদিনে চফগুটি  খাবলৈ পৰামৰ্শ দিছে।

যদি আপুনি দুপৰীয়া  আৰু নিশা গধুৰ আহাৰ গ্ৰহণ কৰাৰ পিছত ইয়াক নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰে, তেন্তে শৰীৰৰ বহু ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰিব। ইয়াৰ বাহিৰেও বহুলোকে খোৱাৰ পিছত মুখ খন ভাল লাগিবলৈ  কিবা খাব বিচাৰে। এই ক্ষেত্ৰত চফগুটি খাব পৰা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু