--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰত মেদ জমা হোৱাটো এতিয়া বহুতৰে বাবে সমস্যাৰ বিষয় হৈ পৰিছে। শৰীৰত অতিৰিক্ত মেদ জমা হোৱাৰ ফলত নানান ৰোগেও আমাক আক্ৰমণ কৰাৰ আশংকা বৃদ্ধি পায়। তদুপৰি মেদ জমা হ'লে দেহলৈ অলস ভাব আহিব পাৰে। মেদ হ্ৰাস কৰিবলৈ বহুতেই বহু চেষ্টা কৰে। বলীউডৰ অভিনেত্ৰী মালাইকা অৰোৰাই নিজৰ  ফিটনেছক লৈ  যথেষ্ট সচেতন। মালাইকাই তেওঁৰ শৰীৰটো কিদৰে মেদমুক্ত কৰি ৰাখিছে তাৰ এটা সাধাৰণ তথা চমৎকাৰী চিপছ দিছে। 

ইনষ্টাগ্ৰামত সততে সক্ৰিয় হৈ থকা মালাইকাই তেওঁৰ  ইনষ্টাগ্ৰামত প্ৰায়ে তেওঁৰ অনুৰাগীসকলৰ বাবে  বিভিন্ন ফিটনেছ সম্পৰ্কীয় পদ্ধতিৰ কথা আলোচনা কৰে।  শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে, য'ত তেওঁ চফগুটিৰ বিভিন্ন গুণাগুণৰ কথা উল্লেখ কৰিছে। ভিডিঅ'টোৰ তলত তেওঁ লিখিছে, "যেতিয়া কোনোবাই ৰাতিৰ আহাৰৰ পিছত আপোনাক চফগুটি  দিয়ে, ইয়াক কেতিয়াও  অৱহেলা নকৰিব।"

মালাইকাই তাইৰ অনুগামীসকলক কৈছে  যে প্ৰতিদিনে চফগুটি(বহুতে গুৱামৰি বুলি কয়)  খোৱা স্বাস্থ্যৰ বাবে অতি ভাল।

চফগুটিত থকা পদাৰ্থই শৰীৰৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে। ৰাতি চফগুটি পানীত তিয়াই থৈ পুৱা পানীখিনি খালী পেটত খালে কম দিনৰ ভিতৰতে শৰীৰৰ মেদ কমি যায়। ছফ গুটিয়ে  শৰীৰত ভিটামিন আৰু খনিজ পদাৰ্থ শোষণৰ হাৰ বৃদ্ধি কৰাত সহায় কৰে বুলিও মালাইকাই নিজৰ অভিজ্ঞতাৰ পৰা কৈছে।



চফগুটিয়ে   বুকুজ্বলা, গেছ, পেটৰ বিষ আৰু বদহজম ৰোধ কৰাত সহায় কৰে। চফগুটিত ইষ্ট্ৰাগোল, ফেঞ্চন আৰু এনিথল নামৰ পদাৰ্থ থকাৰ বাবে, ই শৰীৰৰ বাবে প্ৰয়োজনীয়  এনজাইম নিঃসৰণত সহায় কৰে। 
 উচ্চ ৰক্তচাপৰ সমস্যা থকাসকলকো অভিনেত্ৰীগৰাকীয়ে প্ৰতিদিনে চফগুটি  খাবলৈ পৰামৰ্শ দিছে।

যদি আপুনি দুপৰীয়া  আৰু নিশা গধুৰ আহাৰ গ্ৰহণ কৰাৰ পিছত ইয়াক নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰে, তেন্তে শৰীৰৰ বহু ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰিব। ইয়াৰ বাহিৰেও বহুলোকে খোৱাৰ পিছত মুখ খন ভাল লাগিবলৈ  কিবা খাব বিচাৰে। এই ক্ষেত্ৰত চফগুটি খাব পৰা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ