--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰা শ্বেখ হাছিনা বৰ্তমান দিল্লীৰ এক গোপন স্থানত আশ্ৰয় গ্ৰহণ কৰিছে। সদ্যপদত্যাগী প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰ্তমান সাময়িকভাৱে তেওঁ ভাৰতত আশ্ৰয় লৈছে। 

ভাৰত চৰকাৰেও হাছিনাক কিছু সময় দিয়াৰ কথা কৈছে যদিও পৰৱৰ্তী পৰ্যায়ত প্ৰধানমন্ত্ৰীগৰাকীৰ পদক্ষেপ কি হ'ব সেই লৈ সৃষ্টি হৈছে অশেষ জল্পনা-কল্পনাৰ। এই পৰ্যন্ত এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা পৰিলক্ষিত হোৱা নাই। কোনো কোনোৰ মতে ব্রিটেইন, আমেৰিকা বা ফিনলেণ্ড হ'ব পাৰে শ্বেখ হাছিনাৰ পৰৱৰ্তী ঠিকনা।

বহুজনে মন্তব্য কৰিছে যে হাছিনাই ঢাকা এৰি যোৱাৰ পিছত লণ্ডনলৈ যাব বিচাৰে। এসময়ত ভগ্নী ৰেহানাৰ সৈতে বাংলাদেশ এৰি গৈছিল শ্বেখ হাছিনা। সম্প্ৰতি ৰেহানা এগৰাকী ব্ৰিটিছ নাগৰিক আৰু তেওঁৰ কন্যা টিউলিপ ব্ৰিটেইনৰ শাসকীয় লেবাৰ পাৰ্টিৰ সাংসদ। সেই সূত্ৰে শ্বেখ হাছিনা ব্ৰিটেইনলৈ যাব বুলি অনুমান কৰা হৈছিল। 

জানিবলৈ পোৱা গৈছে যে এতিয়ালৈকে ব্ৰিটেইনৰ পৰা তেনে কোনো সঁহাৰি লাভ কৰা নাই। অন্য ঠিকনা স্থিৰ নোহোৱা লৈ ভাৰতেই হৈ পৰিছে শ্বেখ হাছিনাৰ ঠিকনা। শ্বেখ হাছিনাক কিমান দিনলৈ ভাৰতে আশ্ৰয় প্ৰদান কৰে সেয়া লক্ষ্যণীয় হ'ব।

ভাৰতবৰ্ষই শ্বেখ হাছিনাক আশ্ৰয় প্ৰদান কৰা কাৰ্যই ভৱিষ্যতে ভাৰত বাংলাদেশৰ বৈদেশিক সম্পৰ্কত কেনে প্ৰভাৱ পেলাব সেয়াও এক চিন্তনীয় বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ