--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰা শ্বেখ হাছিনা বৰ্তমান দিল্লীৰ এক গোপন স্থানত আশ্ৰয় গ্ৰহণ কৰিছে। সদ্যপদত্যাগী প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰ্তমান সাময়িকভাৱে তেওঁ ভাৰতত আশ্ৰয় লৈছে। 

ভাৰত চৰকাৰেও হাছিনাক কিছু সময় দিয়াৰ কথা কৈছে যদিও পৰৱৰ্তী পৰ্যায়ত প্ৰধানমন্ত্ৰীগৰাকীৰ পদক্ষেপ কি হ'ব সেই লৈ সৃষ্টি হৈছে অশেষ জল্পনা-কল্পনাৰ। এই পৰ্যন্ত এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা পৰিলক্ষিত হোৱা নাই। কোনো কোনোৰ মতে ব্রিটেইন, আমেৰিকা বা ফিনলেণ্ড হ'ব পাৰে শ্বেখ হাছিনাৰ পৰৱৰ্তী ঠিকনা।

বহুজনে মন্তব্য কৰিছে যে হাছিনাই ঢাকা এৰি যোৱাৰ পিছত লণ্ডনলৈ যাব বিচাৰে। এসময়ত ভগ্নী ৰেহানাৰ সৈতে বাংলাদেশ এৰি গৈছিল শ্বেখ হাছিনা। সম্প্ৰতি ৰেহানা এগৰাকী ব্ৰিটিছ নাগৰিক আৰু তেওঁৰ কন্যা টিউলিপ ব্ৰিটেইনৰ শাসকীয় লেবাৰ পাৰ্টিৰ সাংসদ। সেই সূত্ৰে শ্বেখ হাছিনা ব্ৰিটেইনলৈ যাব বুলি অনুমান কৰা হৈছিল। 

জানিবলৈ পোৱা গৈছে যে এতিয়ালৈকে ব্ৰিটেইনৰ পৰা তেনে কোনো সঁহাৰি লাভ কৰা নাই। অন্য ঠিকনা স্থিৰ নোহোৱা লৈ ভাৰতেই হৈ পৰিছে শ্বেখ হাছিনাৰ ঠিকনা। শ্বেখ হাছিনাক কিমান দিনলৈ ভাৰতে আশ্ৰয় প্ৰদান কৰে সেয়া লক্ষ্যণীয় হ'ব।

ভাৰতবৰ্ষই শ্বেখ হাছিনাক আশ্ৰয় প্ৰদান কৰা কাৰ্যই ভৱিষ্যতে ভাৰত বাংলাদেশৰ বৈদেশিক সম্পৰ্কত কেনে প্ৰভাৱ পেলাব সেয়াও এক চিন্তনীয় বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী