--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকৰিশ্মা কাপুৰক সকলো  মৃদুভাষী বুলিয়েই জানে৷  সদায় কেমেৰাৰ সন্মুখত নায়িকাৰ দৰে আচৰণ কৰে তেওঁ। বলীউডত বিতৰ্কৰ পৰা আঁতৰি থকা অভিনেত্ৰী বুলি ক’লেই প্ৰথমে আহে কৰিশ্মা কাপুৰৰ নাম৷  কিন্তু হঠাতে কৰিশ্মা কাপুৰৰ সলনি হৈ পৰিছে৷ চিগাৰেট আৰু মদকেই নিজৰ সকলো বুলি জ্ঞান কৰিবলৈ লৈছে কৰিশ্মাই। 


কিন্তু কিয় এনে হ’ল অভিনেত্ৰীগৰাকীৰ? দৰাচলতে অভিনেতা আৰু অভিনেত্ৰীসকলে ছবিৰ চৰিত্ৰৰ বাবে বহুত কিবা কিবিয়েই কৰিব লাগে৷ চৰিত্ৰটোত নিজে খাপ খাই পৰিবলৈ সেই চৰিত্ৰৰ ভিতৰলৈ সোমাই যাব লাগে৷ । কৰিশ্মাৰ ক্ষেত্ৰতো তেনেই হৈছে৷ কৰিশ্মাই তেওঁৰ আহিবলগীয়া চিৰিজ 'ব্ৰাউন'ত চিগাৰেট আৰু মদ  প্ৰিয় এগৰাকী মাৰীৰ  চৰিত্ৰত দেখা যাব। যাৰ বাবে অভিনেত্ৰীগৰাকী প্ৰায় ৪৫ দিন কলকাতাত আছে।চিৰিজটোত কৰিশ্মাক  এজন আৰক্ষী বিষয়াৰ চৰিত্ৰতো   দেখা যাব। 

তেওঁৰ  নাম ৰীতা ব্ৰাউন। এই চৰিত্ৰটোৰ বাবে কৰিশ্মাই নিজকে  কেইবামাহ  ধৰি সাজু কৰিবলগীয়া  হৈছে৷  অভিনেত্ৰীগৰাকীয়ে এটা সাক্ষাৎকাৰত কয়- এই শৃংখলাটোত তেওঁ  নিজকে স্খলিত কৰি পেলাইছে। তেওঁক এনে এটা চৰিত্ৰত দেখা যাব বাস্তৱত যিটো চৰিত্ৰৰ তেওঁ সম্পূৰ্ণ বিপৰীত। অভিনেত্ৰীগৰাকীয়ে  ৰীতা ব্ৰাউনৰ চৰিত্ৰত অভিনয় কৰি অতি আনন্দিত বুলিও কয়৷ 

আবিক বৰুৱাৰ 'চিটি অৱ ডেথ'ৰ আধাৰত নিৰ্মিত এই চিৰিজৰ বহু দৃশ্যগ্ৰহণ কলকাতাত কৰা হৈছে৷ কৰিশ্মাই কয়, "এই শৃংখলাটোৰ বাবে মই দীৰ্ঘদিন ধৰি প্ৰস্তুতি চলাই আছো। কেৱল সেয়াই নহয়, মই প্ৰথমবাৰৰ বাবে শৃংখলাটোত  চিগাৰেট হুপিবলৈ শিকিছো। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু