--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকৰিশ্মা কাপুৰক সকলো  মৃদুভাষী বুলিয়েই জানে৷  সদায় কেমেৰাৰ সন্মুখত নায়িকাৰ দৰে আচৰণ কৰে তেওঁ। বলীউডত বিতৰ্কৰ পৰা আঁতৰি থকা অভিনেত্ৰী বুলি ক’লেই প্ৰথমে আহে কৰিশ্মা কাপুৰৰ নাম৷  কিন্তু হঠাতে কৰিশ্মা কাপুৰৰ সলনি হৈ পৰিছে৷ চিগাৰেট আৰু মদকেই নিজৰ সকলো বুলি জ্ঞান কৰিবলৈ লৈছে কৰিশ্মাই। 


কিন্তু কিয় এনে হ’ল অভিনেত্ৰীগৰাকীৰ? দৰাচলতে অভিনেতা আৰু অভিনেত্ৰীসকলে ছবিৰ চৰিত্ৰৰ বাবে বহুত কিবা কিবিয়েই কৰিব লাগে৷ চৰিত্ৰটোত নিজে খাপ খাই পৰিবলৈ সেই চৰিত্ৰৰ ভিতৰলৈ সোমাই যাব লাগে৷ । কৰিশ্মাৰ ক্ষেত্ৰতো তেনেই হৈছে৷ কৰিশ্মাই তেওঁৰ আহিবলগীয়া চিৰিজ 'ব্ৰাউন'ত চিগাৰেট আৰু মদ  প্ৰিয় এগৰাকী মাৰীৰ  চৰিত্ৰত দেখা যাব। যাৰ বাবে অভিনেত্ৰীগৰাকী প্ৰায় ৪৫ দিন কলকাতাত আছে।চিৰিজটোত কৰিশ্মাক  এজন আৰক্ষী বিষয়াৰ চৰিত্ৰতো   দেখা যাব। 

তেওঁৰ  নাম ৰীতা ব্ৰাউন। এই চৰিত্ৰটোৰ বাবে কৰিশ্মাই নিজকে  কেইবামাহ  ধৰি সাজু কৰিবলগীয়া  হৈছে৷  অভিনেত্ৰীগৰাকীয়ে এটা সাক্ষাৎকাৰত কয়- এই শৃংখলাটোত তেওঁ  নিজকে স্খলিত কৰি পেলাইছে। তেওঁক এনে এটা চৰিত্ৰত দেখা যাব বাস্তৱত যিটো চৰিত্ৰৰ তেওঁ সম্পূৰ্ণ বিপৰীত। অভিনেত্ৰীগৰাকীয়ে  ৰীতা ব্ৰাউনৰ চৰিত্ৰত অভিনয় কৰি অতি আনন্দিত বুলিও কয়৷ 

আবিক বৰুৱাৰ 'চিটি অৱ ডেথ'ৰ আধাৰত নিৰ্মিত এই চিৰিজৰ বহু দৃশ্যগ্ৰহণ কলকাতাত কৰা হৈছে৷ কৰিশ্মাই কয়, "এই শৃংখলাটোৰ বাবে মই দীৰ্ঘদিন ধৰি প্ৰস্তুতি চলাই আছো। কেৱল সেয়াই নহয়, মই প্ৰথমবাৰৰ বাবে শৃংখলাটোত  চিগাৰেট হুপিবলৈ শিকিছো। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক