--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক :  একাংশ লোকে যিকোনো আহাৰ খোৱাৰ পাছতেই পেট ফুলি থকা যোৱা যেন অনুভৱ কৰে। ইয়াৰ কাৰণ হল-দুৰ্বল হজম প্ৰক্ৰিয়া। যদি আপুনিও খাদ্য খোৱাৰ পাছত বদহজম অনুভৱ কৰে, তেন্তে আপুনি আপোনাৰ খাদ্য তালিকাত পৰিৱৰ্তন কৰাটো অতি গুৰুত্বপূৰ্ণ। কাৰণ খাদ্য তালিকা সালসলনি কৰি হজম প্ৰক্ৰিয়াত সংশোধন কৰিব পাৰি। বিশেষকৈ এই সময়ছোৱাত আমি এনেবোৰ বস্তু আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত, যিয়ে হজম শক্তি বৃদ্ধি কৰিব পাৰে। আজি আমি এনে কিছুমান খাদ্যৰ বিষয়ে জানিম, যিবোৰে খাদ্য খোৱাৰ পাছত হোৱা পেট ফুলাৰ সমস্যা বহু গুণে হ্ৰাস কৰিব পাৰে।

 ১. পদিনা চাহ-

যদি খাদ্য খোৱাৰ পাছত পেট ফুলি থাকে, তেন্তে খাদ্য তালিকাত পদিনা চাহ অন্তৰ্ভুক্ত কৰক। পদিনা চাহে পেট ফুলাৰ সমস্যা কম কাৰ লগতে ই আপোনাৰ শৰীৰক হাইড্ৰেটেড কৰি ৰখাতো ফলপ্ৰসূ কাম কৰে। ইয়াৰ উপৰি খাদ্য তালিকাত কেমোমিল চাহো অন্তৰ্ভুক্ত কৰিব পাৰে।

 ২. তালিকাত আঁহযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰক-

কোষ্ঠকাঠিন্যৰ ফলতো  পেট ফুলাৰ অভিযোগো হ’ব পাৰে। যদি কোষ্ঠকাঠিন্যৰ ফলত পেট ফুলা হয়, তেন্তে এই অৱস্থাত খাদ্যত আঁহ অন্তৰ্ভুক্ত কৰক। ইয়াৰ বাবে আপুনি আপোনাৰ খাদ্য তালিকাত বীন, খোলা আলু, গুটি আৰু বাদাম আদি অন্তৰ্ভুক্ত কৰিব পাৰে।

 ৩. হাইড্ৰেটেড হৈ থাকক-

পেট ফুলাৰ সমস্যা দূৰ কৰিবলৈ খাদ্যত অধিক তৰল বস্তু অন্তৰ্ভুক্ত কৰক। দিনটোত কমেও ৭ৰ পৰা গিলাচ পানী খাব লাগে। এনে কৰিলে পেট ফুলাৰ সমস্যা কমি যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ