--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক :  একাংশ লোকে যিকোনো আহাৰ খোৱাৰ পাছতেই পেট ফুলি থকা যোৱা যেন অনুভৱ কৰে। ইয়াৰ কাৰণ হ’ল-দুৰ্বল হজম প্ৰক্ৰিয়া। যদি আপুনিও খাদ্য খোৱাৰ পাছত বদহজম অনুভৱ কৰে, তেন্তে আপুনি আপোনাৰ খাদ্য তালিকাত পৰিৱৰ্তন কৰাটো অতি গুৰুত্বপূৰ্ণ। কাৰণ খাদ্য তালিকা সালসলনি কৰি হজম প্ৰক্ৰিয়াত সংশোধন কৰিব পাৰি। বিশেষকৈ এই সময়ছোৱাত আমি এনেবোৰ বস্তু আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত, যিয়ে হজম শক্তি বৃদ্ধি কৰিব পাৰে। আজি আমি এনে কিছুমান খাদ্যৰ বিষয়ে জানিম, যিবোৰে খাদ্য খোৱাৰ পাছত হোৱা পেট ফুলাৰ সমস্যা বহু গুণে হ্ৰাস কৰিব পাৰে।

 ১. পদিনা চাহ-

যদি খাদ্য খোৱাৰ পাছত পেট ফুলি থাকে, তেন্তে খাদ্য তালিকাত পদিনা চাহ অন্তৰ্ভুক্ত কৰক। পদিনা চাহে পেট ফুলাৰ সমস্যা কম কাৰ লগতে ই আপোনাৰ শৰীৰক হাইড্ৰেটেড কৰি ৰখাতো ফলপ্ৰসূ কাম কৰে। ইয়াৰ উপৰি খাদ্য তালিকাত কেমোমিল চাহো অন্তৰ্ভুক্ত কৰিব পাৰে।

 ২. তালিকাত আঁহযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰক-

কোষ্ঠকাঠিন্যৰ ফলতো  পেট ফুলাৰ অভিযোগো হ’ব পাৰে। যদি কোষ্ঠকাঠিন্যৰ ফলত পেট ফুলা হয়, তেন্তে এই অৱস্থাত খাদ্যত আঁহ অন্তৰ্ভুক্ত কৰক। ইয়াৰ বাবে আপুনি আপোনাৰ খাদ্য তালিকাত বীন, খোলা আলু, গুটি আৰু বাদাম আদি অন্তৰ্ভুক্ত কৰিব পাৰে।

 ৩. হাইড্ৰেটেড হৈ থাকক-

পেট ফুলাৰ সমস্যা দূৰ কৰিবলৈ খাদ্যত অধিক তৰল বস্তু অন্তৰ্ভুক্ত কৰক। দিনটোত কমেও ৭ৰ পৰা ৮ গিলাচ পানী খাব লাগে। এনে কৰিলে পেট ফুলাৰ সমস্যা কমি যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু