--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰমৰ দিনত বহুতেই ডাব নাৰিকলৰ পানী খায়। ডাব নাৰিকলৰ পানী আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। ডাব নাৰিকলৰ পানীত আমাৰ দেহৰ বাবে প্ৰয়োজনীয় বহু কেইবিধ খনিজ পদাৰ্থ আৰু ভিটামিন থাকে।কিন্তু কিছুুমান লোকে ডাব নাৰিকলৰ পানী খোৱা ভাল নহয় বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে।

তেনে লোকে ডাব নাৰিকলৰ পানী খালে ভালৰ সলনি বেয়া হোৱাৰহে আশংকা বেছি। কোন লোকসকলে ডাব নাৰিকলৰ পানী খোৱা উচিৎ নহয় জানো আহক-
১.  বৃক্কৰ ৰোগ থকাসকলে

বৃক্কৰ ৰোগ থকাসকলে ডাব নৰিকলৰ পানী খোৱা বেয়া। ডাব নাৰিকলৰ পানীত বিভিন্ন প্ৰকাৰৰ খনিজ লৱণ থাকে, যেনে  কেলচিয়াম, পটাছিয়াম। বৃক্কৰ সমস্যাত ভুগি থকা সকলে   অত্যাধিক ডাব নাৰিকলৰ পানী খাই থাকিলে  খনিজ নিমখৰ ভাৰসাম্য নষ্ট হ'ব পাৰে। অত্যাধিক নাৰিকলৰ পানী খালে 'হাইপাৰকেলেমিয়া' হ'ব পাৰে। দেহত পটাছিয়াম বিশুদ্ধকৰণৰ ক্ষেত্ৰতো সমস্যা হ'ব পাৰে। সেয়েহে, বৃক্কৰোগীসকলে ডাব নাৰিকলৰ পানী খোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।

২.উচ্চ ৰক্তচাপত ভুগি থকাসকলে
উচ্চ ৰক্তচাপত ভুগি থকাসকলেও ডাব নাৰিকলৰ পানী নোখোৱাই ভাল। কাৰণ ডাব নাৰিকলৰ পানীত যথেষ্ট পৰিমাণে ছডিয়াম থাকে। অতিৰিক্ত ছডিয়ামে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। ছডিয়ামৰ উপৰি নাৰিকলৰ পানীত পটাছিয়ামো থাকে। যি ৰক্তচাপ হ্ৰাস কৰিব পাৰে। ফলস্বৰূপে, যিসকলে ৰক্তচাপৰ সমস্যাত ভুগি আছে, তেওঁলোকৰ বাবে অত্যাধিক নাৰিকল পানীয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

৩. ডায়েবেটিচত ভোগাসকলে

ডায়েবেটিচত ভুগি থকা সকলে ডাব নাৰিকলৰ পানী খাব লাগে নে নাই সেই বিষয়ে স্বাস্থ্য  বিশেষজ্ঞসকলৰ মত পাৰ্থক্য আছে। কিছুমানে কয় যে যেতিয়া শৰীৰত ডিহাইড্ৰেচন হয় তেতিয়া ডাব নাৰিকলৰ পানীয়ে চেনিৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰিব পাৰে। কিছুমানে কয় যে এক কাপ ডাব নাৰিকলৰ পানীত প্ৰায় ৬.২৬ গ্ৰাম কাৰ্বোহাইড্ৰেট থাকিব পাৰে। যি ৰক্তৰ শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। অৱশ্যে, বিশেষজ্ঞসকলে কয় যে ডাব নাৰিকলৰ পানীত চেনীৰ পৰিমাণ  বজাৰৰ সাধাৰণ পানীয়তকৈ যথেষ্ট কম। যি খাদ্যই নহওখ, সংযত আৰু পৰিমিত ভাবেহে আমি গ্ৰহণ কৰিব লাগে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ