--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কিচমিচক গুণৰ ভাণ্ডাৰ বোলা হয়। এই সুন্দৰ শুকান ফলবিধ আঙুৰ শুকুৱাই প্ৰস্তুত কৰা হয়। ইয়াত আঙুৰৰ সকলো গুণ পোৱাৰ উপৰি আইৰণ, পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম আৰু ফাইবাৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। যিটো আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াৰ ব্যৱহাৰৰ দ্বাৰা বহুতো গুৰুতৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। উন্নত আৰু স্বাস্থ্যসন্মত জীৱনৰ বাবে ইয়াক তিয়াই দৈনিক পুৱা খালী পেটত খোৱাটো অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াৰ পৰা কি কি উপকাৰ লাভ কৰিব পাৰি জানো আহক।

 এনেবোৰ সমস্যাত কিচমিচৰ পানী ফলপ্ৰসূ-

 ১. পেটৰ সমস্যাৰ পৰা মুক্তি পাওকঃ-যদি আপোনাৰ কোষ্ঠকাঠিন্য, এচিডিটি আৰু ভাগৰুৱা সমস্যা হয়, তেন্তে কিচমিচৰ পানী অতি উপকাৰী। দৈনিক নিয়মিতভাৱে সেৱন কৰিলে পেটৰ এনে বহুতো সমস্যাৰ পৰা মুক্তি পাব পাৰি।

২. কলেষ্টেৰল নিয়ন্ত্ৰণ কৰেঃ-দৈনিক কিচমিচৰ পানী খালে বৃদ্ধি পোৱা কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ উপৰি শৰীৰত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। যাৰ বাবে হৃদৰোগৰ আশংকা হ্ৰাস পায়।

৩. ছালখনক উজ্জ্বল কৰি তোললেঃ-প্ৰতিদিনে পুৱা কিচমিচৰ পানী খালে ছালৰ পৰা বলিৰেখা নোহোৱা কৰাৰ লগতে উজ্জ্বলতা বৃদ্ধি কৰে। দৈনিক সেৱন কৰিলে মেটালজিমও শক্তিশালী হয়।

৪. তেজ বৃদ্ধি কৰেঃ-যদি আপোনাৰ হিম’গ্লবিন কমি গৈছে, তেন্তে কিচমিচ আৰু ইয়াৰ পানী খাব লাগে। ইয়াৰ অবিৰত সেৱনৰ বাবে আপোনাৰ শৰীৰত তেজ বৃদ্ধি হ’বলৈ আৰম্ভ কৰে।

৫. জ্বৰত ফলপ্ৰসূঃ-যদি আপুনি জ্বৰত আক্ৰান্ত হৈছে, তেন্তে ইয়াৰ পানী দৈনিক পুৱা সেৱন কৰিলে উপকাৰ পোৱা যাব।

কিচমিচৰ পানী বনাবলৈ কেৰাহীত অলপ পানী লৈ কিচমিচ কিছু দি কমেও ২০ মিনিট উতলাই লওক। ইয়াৰ উপৰি গোটেই নিশা এগিলাচ পানীত কিচমিচ তিয়াই পুৱা খালী পেটত খাব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক