--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কিচমিচক গুণৰ ভাণ্ডাৰ বোলা হয়। এই সুন্দৰ শুকান ফলবিধ আঙুৰ শুকুৱাই প্ৰস্তুত কৰা হয়। ইয়াত আঙুৰৰ সকলো গুণ পোৱাৰ উপৰি আইৰণ, পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম আৰু ফাইবাৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। যিটো আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াৰ ব্যৱহাৰৰ দ্বাৰা বহুতো গুৰুতৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। উন্নত আৰু স্বাস্থ্যসন্মত জীৱনৰ বাবে ইয়াক তিয়াই দৈনিক পুৱা খালী পেটত খোৱাটো অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াৰ পৰা কি কি উপকাৰ লাভ কৰিব পাৰি জানো আহক।

 এনেবোৰ সমস্যাত কিচমিচৰ পানী ফলপ্ৰসূ-

 ১. পেটৰ সমস্যাৰ পৰা মুক্তি পাওকঃ-যদি আপোনাৰ কোষ্ঠকাঠিন্য, এচিডিটি আৰু ভাগৰুৱা সমস্যা হয়, তেন্তে কিচমিচৰ পানী অতি উপকাৰী। দৈনিক নিয়মিতভাৱে সেৱন কৰিলে পেটৰ এনে বহুতো সমস্যাৰ পৰা মুক্তি পাব পাৰি।

২. কলেষ্টেৰল নিয়ন্ত্ৰণ কৰেঃ-দৈনিক কিচমিচৰ পানী খালে বৃদ্ধি পোৱা কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ উপৰি শৰীৰত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। যাৰ বাবে হৃদৰোগৰ আশংকা হ্ৰাস পায়।

৩. ছালখনক উজ্জ্বল কৰি তোললেঃ-প্ৰতিদিনে পুৱা কিচমিচৰ পানী খালে ছালৰ পৰা বলিৰেখা নোহোৱা কৰাৰ লগতে উজ্জ্বলতা বৃদ্ধি কৰে। দৈনিক সেৱন কৰিলে মেটালজিমও শক্তিশালী হয়।

৪. তেজ বৃদ্ধি কৰেঃ-যদি আপোনাৰ হিম’গ্লবিন কমি গৈছে, তেন্তে কিচমিচ আৰু ইয়াৰ পানী খাব লাগে। ইয়াৰ অবিৰত সেৱনৰ বাবে আপোনাৰ শৰীৰত তেজ বৃদ্ধি হ’বলৈ আৰম্ভ কৰে।

৫. জ্বৰত ফলপ্ৰসূঃ-যদি আপুনি জ্বৰত আক্ৰান্ত হৈছে, তেন্তে ইয়াৰ পানী দৈনিক পুৱা সেৱন কৰিলে উপকাৰ পোৱা যাব।

কিচমিচৰ পানী বনাবলৈ কেৰাহীত অলপ পানী লৈ কিচমিচ কিছু দি কমেও ২০ মিনিট উতলাই লওক। ইয়াৰ উপৰি গোটেই নিশা এগিলাচ পানীত কিচমিচ তিয়াই পুৱা খালী পেটত খাব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ