--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত বৰ্তমান কিডনীত ষ্ট’ন থকা ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰিছে। সমগ্ৰ দেশতে বৃহৎ সংখ্যক লোক এই ৰোগৰ চিকাৰ হৈ পৰিছে। বৃক্ক বা কিডনী আমাৰ শৰীৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ। ইয়াৰ মূল কাম হ’ল তেজ ফিল্টাৰ কৰা, ই মূত্ৰ উৎপাদন আৰু বহিষ্কাৰ কৰে আৰু লগতে শৰীৰৰ পানী বা ইলেকট্ৰোলাইট(চদিয়াম, পটাচিয়াম, ইত্যাদি)ৰ ভাৰসাম্য বজায় ৰাখে। 

কেলচিয়াম, ছডিয়াম আৰু বহু ধৰণৰ খনিজ পদাৰ্থৰ কণাবোৰ ইউৰেটাৰৰ জৰিয়তে মূত্ৰাশয়ত উপনীত হয়। য’ত এইবোৰ বস্তুৰ পৰিমাণ বৃদ্ধি হ’বলৈ আৰম্ভ কৰে আৰু তাৰপাছত জমা হৈ শিলৰ আকৃতি ল’বলৈ আৰম্ভ কৰে। ইয়াক কিডনীৰ ষ্ট’ন বুলি কোৱা হয়। যিসকল লোকৰ কিডনীত পাথৰ আছে তেওঁলোকে খাদ্যাভ্যাসৰ ক্ষেত্ৰত অতি সাৱধান হ’ব লাগে, নহ’লে এই ৰোগৰ আশংকা বৃদ্ধি হ’ব পাৰে।

কিডনীত পাথৰ হ’লে এইবোৰ সেৱন নকৰিব

১) ভিটামিন চি যুক্ত খাদ্যঃ পাথৰৰ সমস্যা হ’লে যিবোৰ খাদ্য সামগ্ৰীত ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায়, সেইবোৰৰ পৰা আঁতৰি থাকিব লাগে। এই খাদ্য খালে কিডনীৰ শিলটো অধিক বাঢ়িবলৈ আৰম্ভ কৰে। বিলাহী, পালেং,  সৰিয়হ শাক, কিৱি, মধুৰী আদি বস্তু খোৱা বন্ধ কৰিলেই ভাল।

২) ঠাণ্ডা পানীয় আৰু চাহ-কফিঃ কিডনীত পাথৰ হোৱা লোকসকলৰ প্ৰায়ে ডিহাইড্ৰেচনৰ সমস্যা হয় এনে অৱস্থাত কেফেইন শৰীৰৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। গতিকে ঠাণ্ডা পানীয় আৰু চাহ-কফি পাথৰ ৰোগীৰ বাবে ক্ষতিকাৰক

৩) নিমখঃ যিসকল লোকৰ কিডনী ষ্টন আছে তেওঁলোকে নিমখ আৰু নিমখযুক্ত বস্তুৰ ব্যৱহাৰ কম কৰিব লাগে কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ছডিয়াম থাকে যিয়ে কিডনীৰ ক্ষতি কৰে।

৪) নন-ভেজ খাদ্যঃ মাংস, মাছ আৰু কণী কিডনীত পাথৰ থকা ৰোগীৰ বাবে একেবাৰেই উপকাৰী নহয় কাৰণ ইয়াত প্ৰ’টিন প্ৰচুৰ পৰিমাণে থাকে।শৰীৰৰ বাবে এই পুষ্টিকৰ খাদ্য যিমানেই গুৰুত্বপূৰ্ণ নহওক কিয়, ই কিডনীত বিৰূপ প্ৰভাৱ পেলায়।

৫)মদ-চিগাৰেটঃ মদ-চিগাৰেট আদি স্বাস্থ্যৰ বাবে সদায় হানিকাৰক। কিডনীত ষ্ট'ন থকা ৰোগীৰ বাবে এয়া অতি মাৰাত্মক। যদি আপোনাৰো এনে সমস্যা আছে তেন্তে এনে মাৰাত্মক বস্তুৱে যিমান আকৰ্ষণ কৰিলেও সদায় দূৰত্ব বজাই চলক। সাময়িক সুখৰ বাবে আপোনাৰ জীৱনটো বিপদত নেপেলাব। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু