--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত বৰ্তমান কিডনীত ষ্ট’ন থকা ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰিছে। সমগ্ৰ দেশতে বৃহৎ সংখ্যক লোক এই ৰোগৰ চিকাৰ হৈ পৰিছে। বৃক্ক বা কিডনী আমাৰ শৰীৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ। ইয়াৰ মূল কাম হ’ল তেজ ফিল্টাৰ কৰা, ই মূত্ৰ উৎপাদন আৰু বহিষ্কাৰ কৰে আৰু লগতে শৰীৰৰ পানী বা ইলেকট্ৰোলাইট(চদিয়াম, পটাচিয়াম, ইত্যাদি)ৰ ভাৰসাম্য বজায় ৰাখে। 

কেলচিয়াম, ছডিয়াম আৰু বহু ধৰণৰ খনিজ পদাৰ্থৰ কণাবোৰ ইউৰেটাৰৰ জৰিয়তে মূত্ৰাশয়ত উপনীত হয়। য’ত এইবোৰ বস্তুৰ পৰিমাণ বৃদ্ধি হ’বলৈ আৰম্ভ কৰে আৰু তাৰপাছত জমা হৈ শিলৰ আকৃতি ল’বলৈ আৰম্ভ কৰে। ইয়াক কিডনীৰ ষ্ট’ন বুলি কোৱা হয়। যিসকল লোকৰ কিডনীত পাথৰ আছে তেওঁলোকে খাদ্যাভ্যাসৰ ক্ষেত্ৰত অতি সাৱধান হ’ব লাগে, নহ’লে এই ৰোগৰ আশংকা বৃদ্ধি হ’ব পাৰে।

কিডনীত পাথৰ হ’লে এইবোৰ সেৱন নকৰিব

১) ভিটামিন চি যুক্ত খাদ্যঃ পাথৰৰ সমস্যা হ’লে যিবোৰ খাদ্য সামগ্ৰীত ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায়, সেইবোৰৰ পৰা আঁতৰি থাকিব লাগে। এই খাদ্য খালে কিডনীৰ শিলটো অধিক বাঢ়িবলৈ আৰম্ভ কৰে। বিলাহী, পালেং,  সৰিয়হ শাক, কিৱি, মধুৰী আদি বস্তু খোৱা বন্ধ কৰিলেই ভাল।

২) ঠাণ্ডা পানীয় আৰু চাহ-কফিঃ কিডনীত পাথৰ হোৱা লোকসকলৰ প্ৰায়ে ডিহাইড্ৰেচনৰ সমস্যা হয় এনে অৱস্থাত কেফেইন শৰীৰৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। গতিকে ঠাণ্ডা পানীয় আৰু চাহ-কফি পাথৰ ৰোগীৰ বাবে ক্ষতিকাৰক

৩) নিমখঃ যিসকল লোকৰ কিডনী ষ্টন আছে তেওঁলোকে নিমখ আৰু নিমখযুক্ত বস্তুৰ ব্যৱহাৰ কম কৰিব লাগে কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ছডিয়াম থাকে যিয়ে কিডনীৰ ক্ষতি কৰে।

৪) নন-ভেজ খাদ্যঃ মাংস, মাছ আৰু কণী কিডনীত পাথৰ থকা ৰোগীৰ বাবে একেবাৰেই উপকাৰী নহয় কাৰণ ইয়াত প্ৰ’টিন প্ৰচুৰ পৰিমাণে থাকে।শৰীৰৰ বাবে এই পুষ্টিকৰ খাদ্য যিমানেই গুৰুত্বপূৰ্ণ নহওক কিয়, ই কিডনীত বিৰূপ প্ৰভাৱ পেলায়।

৫)মদ-চিগাৰেটঃ মদ-চিগাৰেট আদি স্বাস্থ্যৰ বাবে সদায় হানিকাৰক। কিডনীত ষ্ট'ন থকা ৰোগীৰ বাবে এয়া অতি মাৰাত্মক। যদি আপোনাৰো এনে সমস্যা আছে তেন্তে এনে মাৰাত্মক বস্তুৱে যিমান আকৰ্ষণ কৰিলেও সদায় দূৰত্ব বজাই চলক। সাময়িক সুখৰ বাবে আপোনাৰ জীৱনটো বিপদত নেপেলাব। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ